ETV Bharat / bharat

Assembly Elections 2023: নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আজি মিজোৰামত উপস্থিত হ’ব ৰাহুল গান্ধী

author img

By PTI

Published : Oct 16, 2023, 11:21 AM IST

মিজোৰামত নিজৰ অধিপত্য স্থাপনৰ বাবে সাজু কংগ্ৰেছ ৷ ৭ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে আজি ৰাজ্যখনত উপস্থিত হ’ব কংগ্ৰেছ নেতা ৰাহুল গান্ধী ৷ আইজল চহৰত এক পদযাত্ৰাৰ নেতৃত্ব দিয়াৰ লগতে প্ৰতিথযশা ব্যক্তিত্বৰ সৈতে মত বিনিময় কৰিব কংগ্ৰেছ নেতাগৰাকীয়ে ।

Assembly Elections 2023
নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আজি মিজোৰামত উপস্থিত হ’ব ৰাহুল গান্ধী

নিউজ ডেস্ক, ১৬ অক্টোবৰ: উত্তৰ-পূব ৰাজ্যখনত ৭ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনত দলৰ প্ৰাৰ্থীৰ প্ৰচাৰৰ বাবে তিনিদিনীয়া কাৰ্যসূচীৰে সোমবাৰে মিজোৰামত উপস্থিত হোৱাৰ সম্ভাৱনা আছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ । কংগ্ৰেছ নেতাগৰাকীয়ে আইজল চহৰত এক পদযাত্ৰাৰ নেতৃত্ব দিয়াৰ লগতে জনসাধাৰণৰ সৈতে মত-বিনিময় কৰিব ৷ ৰাহুল গান্ধীৰ এই ভ্ৰমণৰ সময়ত দলটোৱে ৪০ জনীয়া মিজোৰাম বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰো সম্ভাৱনা আছে ৷

মিজোৰাম প্ৰদেশ কংগ্ৰেছ কমিটীৰ কোষাধ্যক্ষ লালমালছামা ঙাকাই জানিবলৈ দিয়ে এই কথা ৷ ঙাকাই কয়,"ভাৰত জোড়ো যাত্ৰাৰ অংশ হিচাপে সোমবাৰে ইয়াত উপস্থিত হ'ব ৰাহুল গান্ধী । তিনিদিনীয়া ভ্ৰমণৰ সময়চোৱাত তেওঁ চানমাৰীৰ পৰা আইজলৰ ট্ৰেজাৰী চ'কলৈ প্ৰায় ২ কিলোমিটাৰ পদযাত্ৰাত অংশগ্ৰহণ কৰিব আৰু আমাৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাব আৰু ৰাজ্যখনৰ প্ৰতিথযশা ব্যক্তিত্বৰ সৈতে মত বিনিময় কৰিব ।" ১৮ অক্টোবৰত ৰাহুল গান্ধীয়ে ৰাজ্যখনৰ পৰা উভতি যোৱাৰ পূৰ্বে এক সংবাদমেল সম্বোধন কৰাৰ কথাও তেওঁ ব্যক্ত কৰে ।

উল্লেখ্য যে, ভাৰতীয় নিৰ্বাচন আয়োগে উত্তৰ পূৱৰ মিজোৰামকে ধৰি ছত্তীশগড়, মধ্যপ্ৰদেশ, ৰাজস্থান আৰু তেলেংগানাৰ বিধানসভা নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰিছে । এই অনুসৰি ৭ নৱেম্বৰৰ পৰা এই ৰাজ্যকেইখনত পৰ্যায়ক্ৰমে অনুষ্ঠিত হ’ব ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ ৩ ডিচেম্বৰত হ’ব নিৰ্বাচনৰ ভোটগণনা । ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যকেইখনত অনুষ্ঠিত হ’বলগীয়া চলিত বৰ্ষৰ এই অন্তিম ভোটগ্ৰহণ প্ৰক্ৰিয়া অতি গুৰুত্বপূৰ্ণ হিচাপে পৰিগণিত হৈছে ৷

এই নিৰ্বাচনৰ জৰিয়তে কংগ্ৰেছে উত্তৰ-পূৱত নিজৰ হেৰুৱা ভেঁটি পুনৰ স্থাপনৰ বাবে অৱৰ্তীণ হোৱাৰ বিপৰীতে বিজেপিয়ে নিজৰ বিজয়ধাৰা অব্যাহত ৰখাৰ বাবে মৰণপণ যুঁজত অৱৰ্তীণ হ’ব ৷ ইয়াৰ বাবে হয়তো আগন্তুক সময়চোৱাত ৰাজ্যখনলৈ বহু হাই প্ৰফাইল নেতাৰ আগমনৰো সম্ভাৱনা আছে ৷

লগতে পঢ়ক: Assembly Elections 2023: মিজোৰামকে ধৰি ৫ ৰাজ্যৰ নিৰ্বাচনৰ তাৰিখ ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.