নেশ্যনেল ডেস্ক,৮ জুলাই : দেশৰ নতুন স্বাস্থ্যমন্ত্ৰীৰ দায়িত্ব ল'লে মনসুখ মান্দাভিয়াই (Mansukh Mandavia) । ক'ভিড (Covid) পৰিস্থিতিৰ মাজতে নতুন মন্ত্ৰীগৰাকীৰ সন্মুখত আছে বিভিন্ন প্ৰত্যাহ্বান । তেনে সময়তে বিৰোধীয়েও বিভিন্ন ধৰণৰ প্ৰশ্ন কৰিছে নতুন স্বাস্থ্যমন্ত্ৰীগৰাকীক ।
"#Change" হেচটেগ ব্যৱহাৰ কৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ (Rahul Gandhi) প্ৰশ্ন নতুন স্বাস্থ্যমন্ত্ৰীক । প্ৰতিষেধক নাটনি দূৰ কৰিবলৈ তেওঁ কিবা পদক্ষেপ গ্ৰহণ কৰিব নেকি বুলি ৰাহুল গান্ধীয়ে টুইটযোগে মন্ত্ৰীগৰাকীক প্ৰশ্ন কৰে । উল্লেখ্য যে দেশত ভেকছিনৰ (Vaccine) নাটনিকলৈ চৰকাৰেখনে বিভিন্ন ধৰণৰ সমালোচনাৰ সন্মুখীন হৈ আছে । বিশেষকৈ বিৰোধী কংগ্ৰেছে ভেকছিন প্ৰদানৰ লেহেমীয়াকৈ গতিকলৈ বিভিন্ন ধৰণৰ অভিযোগ তুলিছে চৰকাৰৰ বিৰুদ্ধে ।
কংগ্ৰেছৰ এনে অভিযোগৰ প্ৰত্যুত্তৰ দিছে কেইবাগৰাকী বিজেপি নেতাই । বিজেপিৰ মুখপাত্ৰ গৌৰৱ ভাটিয়াই ৰাহুল গান্ধীক আক্ৰমণ কৰি কয় যে কংগ্ৰেছৰ প্ৰাক্তন সভাপতি গৰাকী দায়িত্বহীন যাৰ বাবে তেওঁ কেৱল সমালোচনাহে কৰি আছে । অৱশ্যে বিজেপিয়ে ৰাহুল গান্ধীৰ সমালোচনাক আদৰণি জনাব বুলিও উল্লেখ কৰে বিজেপি মুখপাত্ৰ গৰাকীয়ে ।
ইফালে হৰ্ষ বৰ্ধনে স্বাস্থ্য বিভাগৰ দায়িত্ব এৰাকলৈও কংগ্ৰেছে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে । কংগ্ৰেছৰ মতে হৰ্ষ বৰ্ধনক স্বাস্থ্য বিভাগৰ দায়িত্বৰ পৰা আঁতৰোৱাতো মহামাৰীৰ সৈতে মোকাবিলাত বিজেপি চৰকাৰৰ ব্যৰ্থতাক প্ৰমাণ কৰিছে । কংগ্ৰেছ নেতা পি চিদাম্বৰমে কৈছিল যে নতুন স্বাস্থ্য মন্ত্ৰী মনসুখ মান্দাভিয়াৰ প্ৰথম কাম হৈছে ভেকছিনৰ অভাৱ দূৰ কৰা কিয়নো কিছুমান ৰাজ্যই এতিয়াও ভেকছিনৰ তীব্ৰ নাটনিৰ সন্মুখীন হৈ আছে ।
উল্লেখ্য যে, কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ সম্প্ৰসাৰণৰ (Cabinet reshuffle) পিছতে দপ্তৰৰ গুৰুত্বপূৰ্ণ পৰিৱৰ্তন হিচাপে মনসুখ মান্দাভিয়াক বুধবাৰে স্বাস্থ্য আৰু ৰাসায়নিক পদাৰ্থ আৰু সাৰ মন্ত্ৰালয় দুয়োটা বিভাগৰে দায়িত্ব দিয়া হৈছিল । ২০১৯ চনৰ মে' মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দ্বিতীয় কাৰ্যকাল আৰম্ভ হোৱাৰ পিছতে বুধবাৰে প্ৰথম কেন্দ্ৰীয় কেবিনেট ৰদবদল আৰু সম্প্ৰসাৰণত প্ৰায় ৪৩ গৰাকীয়ে শপত গ্ৰহণ কৰিছিল । দপ্তৰ আৱণ্টন অনুসৰি, প্ৰধানমন্ত্ৰীয়ে কৰ্মচাৰী, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়ৰ দায়িত্ব ল'ব আনহাতে পাৰমাণৱিক শক্তি বিভাগ, মহাকাশ বিভাগ আৰু সকলো গুৰুত্বপূৰ্ণ নীতিগত বিষয় আৰু কেইবাটাও দপ্তৰ কোনো মন্ত্ৰীক দিয়া হোৱা নাই ।
লগতে পঢ়ক :মহিলাসকললৈ তেলেংগানাৰ পৰিবহণ নিগমৰ বিশেষ সুবিধাৰ ঘোষণা