নেশ্যনেল ডেস্ক,২৮ নৱেম্বৰ : কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে পুনৰ এমপি এমএলএ আদালতৰ চমন জাৰি । ১৬ ডিচেম্বৰত কংগ্ৰেছ নেতাগৰাকীক আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছে । ৫ বছৰ পুৰণি এটা গোচৰত ৰাহুল গান্ধীক আদালতে চমন জাৰি কৰিছে । অমিত শ্বাহৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰাৰ অভিযোগ আছিল ৰাহুল গান্ধীৰ বিৰুদ্ধে ।
আবেদনকাৰীৰ অধিবক্তা সন্তোষ পাণ্ডেয়ে কোৱা মতে এই গোচৰটো ৫ বছৰ পূৰ্বৰ । বেংগালুৰুত ৰাহুল গান্ধীয়ে দিয়া ভাষণৰ পাছতে এই গোচৰ ৰুজু কৰা হৈছিল । ভাষণত ৰাহুল গান্ধীয়ে অমিত শ্বাহৰ বিৰুদ্ধে অশালীন মন্তব্য কৰাৰ অভিযোগ আছিল । ভাষণৰ ভিডিঅ'টো পোহৰলৈ অহাৰ পাছতে বিজেপি নেতা বিজয় মিশ্ৰাই এমপি এমএলএ আদালতত ৰাহুল গান্ধীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল । ১৮ নৱেম্বৰত এমপি-এমএলএ আদালতৰ ন্যায়াধীশ যোগেশ যাদৱে গোচৰটোৰ শুনানি গ্ৰহণ কৰে । গোচৰটোৰ শুনানি সম্পূৰ্ণ হোৱাৰ পাছত আদালতে ৰায় সংৰক্ষিত ৰাখে ।
আদালতে গোচৰটোৰ পৰৱৰ্তী শুনানি ২৭ নৱেম্বৰত নিৰ্ধাৰণ কৰিছিল । এতিয়া আদালতে এই গোচৰটোত কংগ্ৰেছ নেতা ৰাহুল গান্ধীক ১৬ ডিচেম্বৰত হাজিৰ হ'বলৈ নিৰ্দেশ দিছে । উল্লেখ্য যে গোচৰটো ২০১৮ চনৰ পৰা চলি আছে । ২০১৮ চনৰ ৪ আগষ্টত কোতৱালী দেহাত আৰক্ষী থানাৰ অন্তৰ্গত হনুমানগঞ্জৰ বাসিন্দা সমবায় বেংকৰ প্ৰাক্তন অধ্যক্ষ বিজয় মিশ্ৰাই ৰাহুল গান্ধীৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰিছিল । জানিব পৰা মতে ৰাহুল গান্ধীক এই গোচৰটোত ধাৰা ৫০০ ৰ অধীনত আদালতে চমন জাৰি কৰিছে ।
লগতে পঢ়ক :বিআৰএছ চৰকাৰে জনসাধাৰণৰ সমস্যাত গুৰুত্ব দিয়া নাই: প্ৰিয়ংকা গান্ধী