ETV Bharat / bharat

Karnataka Election 2023 : কৰ্ণাটকত প্ৰাৰ্থী বাছনিৰ ক্ষেত্ৰত ৰাহুল গান্ধীয়ে লৈছে আগভাগ

author img

By

Published : Apr 9, 2023, 9:07 PM IST

১০ মে'ৰ কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাহুল গান্ধীয়ে কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ বৈঠকত দীঘলীয়া সময় ধৰি প্ৰাৰ্থী বাছনিৰ ক্ষেত্ৰত আলোচনা কৰিছে (Rahul Gandhi took great care to select candidate)। যোগ্য প্ৰাৰ্থী সম্পৰ্কে স্থানীয় গোটৰ পৰা তথ্য সংগ্ৰহ কৰিছে ৰাহুল গান্ধীয়ে । তৃতীয় প্ৰাৰ্থী তালিকাৰ অপেক্ষাত আছে প্ৰদেশ কংগ্ৰেছ ।

Karnataka Election 2023
কৰ্ণাটকত প্ৰাৰ্থী বাছনিৰ ক্ষেত্ৰত ৰাহুল গান্ধীয়ে লৈছে আগভাগ

নেশ্যনেল ডেস্ক,৯ এপ্ৰিল : সমাগত কৰ্ণাটকৰ বিধানসভা নিৰ্বাচন । অহা ১০ মে'ৰ এই নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলে ৰণনীতি প্ৰস্তুত কৰিছে (Karnataka Election 2023)। যোগ্য প্ৰাৰ্থীৰ সন্ধানত নামিছে কংগ্ৰেছ দল । কৰ্ণাটকত জয়ী হোৱাৰ আশাত মনোনীত ব্যক্তি বাছনিৰ বাবে চেষ্টা চলাইছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে । দলৰ ভিতৰুৱা খবৰ অনুসৰি, ৰাহুল গান্ধীয়ে আটাইকেইখন আসন অৰ্থাৎ ২২৪ খন বিধানসভা আসনত সম্ভাৱ্য প্ৰাৰ্থী আৰু তাত দলৰ সম্ভাৱনাৰ বিষয়ে ব্যক্তিগত তথ্য সংগ্ৰহ কৰিছে (Rahul took great care to select candidate)।

স্থানীয় নেতৃত্বৰ কেইবাটাও গোটৰ জৰিয়তে তেওঁৰ ওচৰলৈ অহা এই তথ্যৰ সৈতে ৰাহুলে কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ বৈঠকত দীঘলীয়া সময় ধৰি নিয়োজিত হৈ আছে য'ত অনুমোদন পোৱাৰ পূৰ্বে সম্ভাৱ্য নামবোৰক লৈ তীব্ৰ বিতৰ্ক হৈছে । চিইচিৰ এগৰাকী সদস্যৰ মতে এয়া ৰাহুলৰ বাবে এক গুৰুত্বপূৰ্ণ নিৰ্বাচন ।

তেওঁ চিইচি সভাৰ সময়ত অতি সক্ৰিয় ভূমিকা পালন কৰি আহিছে আৰু প্ৰতিখন আসনৰ বিষয়ে দীঘলীয়াকৈ আলোচনা কৰিছে (CEC meeting for candidate selection)। তেওঁ আসন আৰু সাম্ভাব্য প্ৰাৰ্থীসকলৰ ওপৰত সঠিক পৃষ্ঠভূমিৰ প্ৰতিবেদন লৈ আহিছে বুলিও উল্লেখ কৰিছে ।

চিইচিৰ সদস্যগৰাকীৰ মতে দলটোৱে এতিয়ালৈকে ১৬৪ খন আসনৰ তালিকা ঘোষণা কৰিছে আৰু বাকী আসনৰ বাবে প্ৰাৰ্থী তালিকা ১০ এপ্ৰিলৰ আশে পাশে ঘোষণা কৰা হ'ব (Congress candidate list for Karnataka election)। সকলোৱে তৃতীয়খন তালিকাৰ বাবে অপেক্ষা কৰি আছে । তালিকা প্ৰকাশত বিলম্ব হোৱাৰ কাৰণ হৈছে ৰাজ্যখনত কংগ্ৰেছৰ বৃহৎ সংখ্যক নেতা আছে আৰু টিকট বিতৰণ অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে ।

জ্যেষ্ঠ ৰাজ্যিক নেতা বি কে হৰি প্ৰসাদে স্বীকাৰ কৰিছে যে, দলটোৱে এটা পৰম্পৰা ভংগ কৰাৰ লগতে প্ৰতিদ্বন্দী বিজেপি আৰু জেডি-এছতকৈ আগতে প্ৰাৰ্থী ঘোষণা কৰাৰ সিদ্ধান্ত লৈছিল । সেই মতে প্ৰথমবাৰৰ বাবে কংগ্ৰেছে সোনকালেই প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে । যাৰ বাবে দলৰ যথেষ্ট সুবিধা হ'ব । তেওঁ উল্লেখ কৰা মতে দলৰ কৰ্মীসকল বৰ্তমান নিৰ্বাচনী কামত জড়িত হৈ পৰিছে । বহু আগতেই নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ কৰি আৰু স্থানীয় পৰ্যায়ৰ নেতাসকলৰ উপৰিও সচিবসকলৰ পৰা সাম্ভাব্য প্ৰাৰ্থীৰ বিষয়ে মতামত লোৱা হৈছিল বুলিও তেওঁ উল্লেখ কৰিছে ।

কংগ্ৰেছৰ ভিতৰুৱা লোকসকলো এইবাৰ প্ৰাৰ্থীৰ সংখ্যাক লৈ উৎফুল্লিত হৈ পৰিছে আৰু ইয়াক দলৰ জয়ৰ সম্ভাৱনাৰ এক অংশ বুলি কৈছে । এ.আই.চি.চি.ৰ এগৰাকী কৰ্মকৰ্তাৰ মতে, প্ৰায় ১,৪০০ গৰাকী প্ৰাৰ্থীয়ে টিকটৰ বাবে আবেদন কৰিবলৈ প্ৰতিগৰাকীয়ে ২ লাখ টকাৰ আনুষ্ঠানিক মাচুলো পৰিশোধ কৰিছে । এআইচিচিৰ সম্পাদক বি এম সন্দীপ কুমাৰৰ মতে তেওঁলোকে জনসাধাৰণৰ মনোভাৱ বুলি পাইছে । কংগ্ৰেছৰ এই নিৰ্বাচনত জয়ী হোৱাৰ ভাল সুযোগ আছে বুলিও তেওঁ উল্লেখ কৰে ।

সন্দীপ কুমাৰে কয় যে ৰাহুল গান্ধীয়ে ১৫০ খন আসনৰ লক্ষ্য দিছে । যাৰ বাবে দলে কাম আৰম্ভ কৰিছে । তেওঁ কয় যে প্ৰতিদ্বন্দী বিজেপি আৰু জেডি-এছ দলে এতিয়াও প্ৰাৰ্থী নিৰ্ধাৰণ কৰা নাই । কংগ্ৰেছ নেতাসকল ১০ মে'ৰ নিৰ্বাচনক লৈ আত্মবিশ্বাসী যদিও পূৰ্বৰ সহযোগী জেডি-এছৰ ভূমিকাক লৈ আশংকা আছে ।

তেওঁৰ মতে জেডি-এছৰ সৈতে মিত্ৰতা কৰাৰ কোনো প্ৰশ্নই নাই । তেওঁলোকে কেৱল বিজেপি বিৰোধী ভোট বিভাজন কৰিব । কংগ্ৰেছে নিজৰ শক্তিৰে নিৰ্বাচনত যুঁজি আছে বুলিও উল্লেখ কৰিছে ।

লগতে পঢ়ক :Punjab Govt New office Time : পঞ্জাৱত পুৱা 7.30 বজাৰ পৰা আৰম্ভ হ'ব চৰকাৰী কাৰ্যালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.