নেশ্যনেল ডেস্ক, 2 ছেপ্টেম্বৰ: নিৰ্বাচনমুখী ছত্তীশগড়ত কংগ্ৰেছৰ তৎপৰতা ৷ শনিবাৰে এক বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ ছত্তীশগড়ৰ ৰায়পুৰত উপস্থিত হয় ৰাহুল গান্ধী ৷ সভাত উপস্থিত ৰাইজক সম্বোধন কৰি কেন্দ্ৰৰ প্ৰধানমন্ত্ৰী মোদী চৰকাৰক তীব্ৰ সমালোচনা কৰে ৰাহুল গান্ধীয়ে ৷ মোদী চৰকাৰে দৰিদ্ৰ জনতা, জনজাতীয় আৰু কৃষকসকলক উপেক্ষা কৰাৰ অভিযোগ উত্থাপন কৰে ৷ তেওঁ কয়, ‘‘কংগ্ৰেছ শাসিত ৰাজ্যসমূহত দৰিদ্ৰ জনজাতীয় লোকৰ চৰকাৰ থাকিব, আদানিৰ নহয় ।’’
উদ্যোগপতি গৌতম আদানিৰ বিৰুদ্ধে শেহতীয়াকৈ প্ৰকাশিত বাতৰি সন্দৰ্ভত গান্ধীয়ে কয়, ‘‘প্ৰধানমন্ত্ৰীয়ে ছত্তীশগড় আৰু দেশৰ জনসাধাৰণক ক’ব লাগে যে তেওঁ আদানিৰ বিৰুদ্ধে কিয় তদন্ত নিবিচাৰে । মই স্পষ্ট কৰি দিব বিচাৰো যে তেওঁ কিয় তদন্ত নিবিচাৰে, কিয়নো তদন্ত কৰিলে আদানিৰ নহয় আন কাৰোবাৰহে ক্ষতি হ’ব ৷’’ তেওঁ বিজেপি আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2-3 জন কোটিপতিক লাভান্বিত কৰাৰ বাবে কাম কৰাৰ অভিযোগ উত্থাপন কৰে ৷
ৰাহুল গান্ধীয়ে লগতে কয় যে ঘৃণা আৰু হিংসাৰ জৰিয়তে দেশ আগবাঢ়িব, দেশ আগবাঢ়িব প্ৰেম আৰু ভালপোৱাৰ জৰিয়তেহে ৷ ৱায়ানাডৰ সাংসদ তথা ৰাহুল গান্ধীয়ে লগতে অভিযোগ উত্থাপন কৰে যে বিজেপিয়ে জনজাতীয় সম্প্ৰদায়ক জনজাতীয়লোকৰ পৰিৱৰ্তে বনবাসী বুলি কয় । কিয়নো বিজেপিয়ে নিবিচাৰে যে তেওঁলোকে জংঘলৰ পৰা ওলাই আহি বিভিন্ন ক্ষেত্ৰত তেওঁলোকৰ সপোন পূৰণ কৰক ৷ ‘‘আমাৰ চৰকাৰ দৰিদ্ৰলোকৰ চৰকাৰ হ'ব, আদানিৰ নহয়,’’ ৰাহুল গান্ধীয়ে কয় ৷
ৰাহুল গান্ধীয়ে বিজেপিৰ বিৰুদ্ধে ঘৃণা আৰু হিংসা বিয়পোৱাৰো অভিযোগ উত্থাপন কৰে ৷ তেওঁ কয় যে কংগ্ৰেছৰ কাম হৈছে ঘৃণাৰ বজাৰত প্ৰেমৰ দোকান খোলা । মুখ্যমন্ত্ৰী ভূপেশ বাঘেল, ছত্তীশগড় কংগ্ৰেছৰ প্ৰভাৰী কুমাৰী শৈলজা, প্ৰদেশ কংগ্ৰেছৰ সভাপতি দীপক বৈজ, উপ-মুখ্যমন্ত্ৰী টি এছ সিংদেউৱো অনুষ্ঠানটোত উপস্থিত আছিল ৷