ETV Bharat / bharat

ৰাণী দ্বিতীয় এলিজাবেথৰ মুছৌৰী সংযোগ : জ্যোতিষীৰ পুত্ৰৰ বৃহৎ দাবী

author img

By

Published : Sep 10, 2022, 4:30 PM IST

Updated : Sep 10, 2022, 7:13 PM IST

মুছৌৰীৰ সৈতে বিশেষ সম্পৰ্ক আছিল ৰাণী এলিজাবেথৰ (Queen Elizabeth II had Mussoorie connection)। কেৱল এয়াই নহয় বুৰঞ্জীবিদ গোপাল ভৰদ্বাজে দাবী কৰা মতে তেওঁৰ পিতৃ তথা জ্যোতিষী আৰজিআৰ ভৰদ্বাজে ৰাণী দ্বিতীয় এলিজাবেথৰ জীৱন পঞ্জীৰ গণনা কৰিছিল ।

Astrologer
ৰাণী দ্বিতীয় এলিজাবেথৰ মুছৌৰী সংযোগ : জ্যোতিষীৰ পুত্ৰৰ বৃহৎ দাবী

নেশ্যনেল ডেস্ক,১০ ছেপ্টেম্বৰ : যোৱা ৮ ছেপ্টেম্বৰত বেলমোৰত ব্ৰিটেইনৰ ৰাণী দ্বিতীয় এলিজাবেথৰ মৃত্যু হয় (Queen Elizabeth II died in Belmore)। তেওঁ মৃত্যুত বিশ্বৰ ভিন্ন প্ৰান্তত শোকৰ ছাঁ পৰিছে । বিশ্বৰ আন দেশৰ লগতে ভাৰততো ৰাণীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে (Tribute to Queen Elizabeth II)। ইয়াৰ মাজতে উত্তৰাখণ্ডৰ এগৰাকী বুৰঞ্জীবিদৰ গুৰুত্বপূৰ্ণ দাবী ।

তেওঁ দাবী কৰা মতে মুচুৰীৰ সৈতে বিশেষ সম্পৰ্ক আছিল ৰাণী এলিজাবেথৰ । কেৱল এয়াই নহয় বুৰঞ্জীবিদ গোপাল ভৰদ্বাজে দাবী কৰা মতে তেওঁৰ পিতৃ তথা জ্যোতিষী আৰজিআৰ ভৰদ্বাজে ৰাণী দ্বিতীয় এলিজাবেথৰ জীৱন পঞ্জীৰ গণনা কৰিছিল (RDR Bhardwaj prepared British Queen astral chart)।

বুৰঞ্জীবিদ গোপাল ভৰদ্বাজে উল্লেখ কৰা মতে শেহতীয়াকৈ ৰাণী দ্বিতীয় এলিজাবেথলৈ তেওঁ এখন অভিনন্দন পত্ৰ প্ৰেৰণ কৰিছিল । ৰাণীৰ ৭০ বছৰীয়া শাসনৰ শুভেচ্ছা জ্ঞাপন কৰি ভৰদ্বাজে প্ৰেৰণ কৰিছিল পত্ৰখন । ইয়াৰ উপৰিও, অভিনন্দন পত্ৰখনৰ সৈতে গোপাল ভৰদ্বাজৰ পিতৃ আৰজিআৰ ভৰদ্বাজে প্ৰস্তুত কৰা ব্ৰিটিছ ৰাণীৰ মূল জীৱন পঞ্জীৰ গণনাখনো সংলগ্ন কৰি দিছিল ।

গোপাল ভৰদ্বাজে জনোৱা মতে তেওঁৰ পিতৃ জ্যোতিষী আৰজিআৰ ভৰদ্বাজে ১৯৫৩ চনত ৰাণী দ্বিতীয় এলিজাবেথলৈ এখন পত্ৰ লিখি ৰাণীৰ জন্ম তালিকা আৰু ইয়াত গ্ৰহৰ স্থিতিৰ বিষয়ে বিৱৰণ দিছিল । যেতিয়া ৰাণীৰ জীৱন পঞ্জীৰ গণনা প্ৰস্তুত কৰা হৈছিল তেতিয়া তেওঁৰ বয়স আছিল ২৬ বছৰ । জ্যোতিষী আৰজিআৰ ভৰদ্বাজেও ব্ৰিটিছ ৰাণীৰ পৰা প্ৰশংসাপত্ৰ লাভ কৰিছিল বুলি তেওঁ উল্লেখ কৰে । ৰাণী দ্বিতীয় এলিজাবেথৰ জীৱন পঞ্জীৰ গণনা আৰজিআৰ ভৰদ্বাজে ১৯৫৩ চনৰ ২০ মে'ত প্ৰস্তুত কৰিছিল ।

গোপাল ভৰদ্বাজে কোৱা মতে পিতৃয়ে প্ৰস্তুত কৰা জীৱন পঞ্জীৰ গণনাত ৰাণী দ্বিতীয় এলিজাবেথৰ ৰাজত্ব ঐতিহাসিক হ'ব বুলি ভৱিষ্যতবাণী কৰা হৈছিল । লগতে কোৱা হৈছিল যে ৰাণীৰ শাসন শান্তিপূৰ্ণ হ'ব আৰু তেওঁ দীঘলীয়া সময় ৰাজত্ব কৰিব । বুৰঞ্জীবিদ গোপাল ভৰদ্বাজে ৰাণী দ্বিতীয় এলিজাবেথৰ বিষয়ে কয় যে মহাৰাণী সমগ্ৰ বিশ্বতে জনাজাত আছিল । ৰাণীৰ শাসনকালত কোনো ডাঙৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় বুলিও পিতৃয়ে ভৱিষ্যতবাণী কৰিছিল ।

লগতে পঢ়ক :অপাৰেচন লণ্ডন ব্ৰীজ : ৰাণী দ্বিতীয় এলিজাবেথৰ অন্ত্যেষ্টিক্ৰিয়াৰ গোপন 'কোড'

Last Updated : Sep 10, 2022, 7:13 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.