ETV Bharat / bharat

Amritpal Singh Case : পলাতক অমৃতপালৰ নতুন চেহেৰাৰ ফটো প্ৰকাশ; পলায়ন কৰা গাড়ী উদ্ধাৰ

author img

By

Published : Mar 22, 2023, 7:59 AM IST

পঞ্জাব আৰক্ষীয়ে মুকলি কৰা এখন ছবিত অমৃতপাল সিঙক পৰিষ্কাৰ মুখমণ্ডলত দেখুওৱা হৈছে । আনহাতে, আন কেইখনমানত তেওঁক পাগুৰি নোহোৱাকৈ দেখুৱাইছে । যাৰ ফলত তেওঁক চিনাক্ত কৰাটো কঠিন হৈ পৰিছে (Punjab Police releases changed looks of Amritpal) ।

Amritpal Singh Case
পলাতক অমৃতপালৰ নতুন চেহেৰাৰ ফটো প্ৰকাশ

নিউজ ডেস্ক, ২২ মাৰ্চ : পঞ্জাব আৰক্ষীয়ে মঙলবাৰে পলাতক অমৃতপাল সিঙৰ কেইবাখনো ফটো প্ৰকাশ কৰিছে (Punjab Police released pictures of Amritpal Singh) । সন্দেহ কৰা হৈছে যে তেওঁ ধৰা নপৰাকৈ সফলতাৰে পলাই যাবলৈ চেহেৰা সলনি কৰি আছে (fugitive Amritpal Singh) । আনহাতে, আৰক্ষীয়ে 'ৱাৰিছ পঞ্জাব দে' নেতাজনে পলাই যোৱা গাড়ীখনো উদ্ধাৰ কৰিছে (Waris Punjab De leader fled) । লগতে জনাইছে যে অমৃতপাল সিঙে পোছাক সলনি কৰাৰ আগতে জলন্ধৰ জিলাৰ নাংগল আম্বিয়ান গাঁৱৰ এটা গুৰুদ্বাৰ পৰিদৰ্শন কৰিছিল আৰু তাৰ পৰা পুনৰ পলাই গৈছিল ।

এক সংবাদমেল সম্বোধন কৰি পঞ্জাবৰ আইজিপি সুখচেইন সিং গিলে (Punjab IGP Sukhchain Singh Gill) কয় যে আৰক্ষীয়ে আমৃতপাল সিঙক সহায় কৰা চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিছে । তেওঁলোকৰ বিৰুদ্ধে অস্ত্ৰ আইনৰ (Arms Act) অধীনত গোচৰ ৰুজু কৰা হৈছে বুলি তেওঁ কয় । "অমৃতপাল সিঙে পলায়ন কৰা ব্ৰেজা গাড়ীখন আৰক্ষীয়ে উদ্ধাৰ কৰিছে । তেওঁক চাৰিজন লোকে সহায় কৰিছিল ।" তেওঁ কয় ।

"তেওঁক সহায় কৰা চাৰিজন লোকৰ বিৰুদ্ধে অস্ত্ৰ আইন প্ৰয়োগ কৰা হৈছে । এটা গুৰুত্বপূৰ্ণ তথ্য পোহৰলৈ আহিছে যে অমৃতপাল সিঙে পলাই যোৱাৰ পিছত নাঙ্গল আম্বিয়ান গাঁৱৰ (জলন্ধৰ জিলাৰ) গুৰুদ্বাৰ ভ্ৰমণ কৰিছিল আৰু পুনৰ পলাই যোৱাৰ পূৰ্বে পোছাক সলনি কৰিছিল । আটক কৰা চাৰিজন লোকক সোধা-পোছাত এই কথা জনা গৈছে ।" তেওঁ লগতে কয় ।

আনহাতে, খালিস্তানী সমৰ্থকজনৰ (Khalistani sympathizer Amritpal Singh) ফটো মুকলি কৰি পঞ্জাব আৰক্ষীয়ে কয়, "বিভিন্ন পোছাকত অমৃতপাল সিঙৰ কেইবাখনো ছবি আছে । আমি এই সকলোবোৰ ছবি মুকলি কৰি আছোঁ, যাতে ই আমাক তেওঁৰ গ্ৰেপ্তাৰত সহায় কৰিব পাৰে ।" এখন ছবিত অমৃতপাল সিঙক পৰিষ্কাৰ মুখমণ্ডলত দেখুওৱা হৈছে । আনখনত তেওঁক পাগুৰি নোহোৱাকৈ দেখুওৱা হৈছে । যাৰ ফলত তেওঁক তীক্ষ্ণভাৱে নিৰীক্ষণ নকৰিলে খুব কমেইহে চিনাক্ত কৰিব পৰা যায় ।

গিলে লগতে কয় যে পঞ্জাবত আইন-শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণত আছে আৰু ৰাজ্যখনত শান্তি অটুট আছে । ইফালে মঙলবাৰে দিনটোৰ আৰম্ভণিতে পঞ্জাব চৰকাৰে পঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ক কৈছিল যে অমৃতপাল সিঙৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় সুৰক্ষা আইন (National Security Act, NSA) প্ৰয়োগ কৰা হৈছে ।

লগতে পঢ়ক :Amritpal Singh news Update: মঙলবাৰ পৰ্যন্ত ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত বন্দী পঞ্জাৱৰ 8 খালিস্তানপন্থী নেতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.