ETV Bharat / bharat

৯৯ গৰাকী সাংসদ আৰু বিধায়কৰ বিৰুদ্ধে গোচৰ বিচাৰাধীন

author img

By

Published : Sep 30, 2022, 5:13 PM IST

পাঞ্জাৱৰ সহকাৰী আৰক্ষী মহাপৰিদৰ্শক সৰবজিৎ সিঙে দাখিল কৰা শপতনামা অনুসৰি পাঞ্জাৱৰ প্ৰাক্তন আৰু বৰ্তমানৰ সাংসদ আৰু বিধায়কসকলৰ বিৰুদ্ধে বিচাৰাধীন হৈ আছে ৯৯ টা গোচৰ (99 MLAs and MPs cases pending)। আনহাতে নেতাসকলৰ বিৰুদ্ধে থকা ৪২ খন এজাহাৰৰ ওপৰত তদন্ত বিচৰা হৈছে ।

Punjab
৯৯ গৰাকী সাংসদ আৰু বিধায়কৰ বিৰুদ্ধে গোচৰ বিচাৰাধীন

নেশ্যনেল ডেস্ক,৩০ ছেপ্টেম্বৰ : আদালতৰ মজিয়াত এক ভয়ংকৰ তথ্য পোহৰলৈ আহিছে । পাঞ্জাৱ চৰকাৰে পাঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ক জনোৱা মতে ১৪ ছেপ্টেম্বৰলৈকে ৰাজ্যখনত বৰ্তমানৰ আৰু প্ৰাক্তন সাংসদ আৰু বিধায়কসকলৰ বিৰুদ্ধে ৪২ খন এজাহাৰৰ তদন্ত স্থগিত হৈ আছে (42 FIR against MLAs and MPs)। আনহাতে ৰাজ্যখনৰ সাংসদ আৰু বিধায়কসকলৰ বিৰুদ্ধে আদালতত ৯৯ টা গোচৰৰ বিচাৰ চলি আছে ।

এই সন্দৰ্ভত পাঞ্জাৱৰ অতিৰিক্ত অধিবক্তা জেনেৰেল গৌৰৱ গাৰ্গ ধুৰিৱালাই বিচাৰপীঠৰ সন্মুখত অনুসন্ধান ব্যুৰোৰ সহকাৰী আৰক্ষী মহাপৰিদৰ্শক সৰবজিৎ সিঙে দাখিল কৰা শপতনামা দাখিল কৰে (Punjab govt submits status report in HC)। বিচাৰপীঠে পূৰ্বৰ শুনানিৰ সময়ত দুয়োখন ৰাজ্যক সতৰ্ক কৰি কৈছিল যে যদি তেওঁলোকে আদেশৰ অনুপালন প্ৰতিবেদন দাখিল নকৰিলে জৰিমণা আৰোপ কৰা হ'ব ।

লগতে আদালতে স্পষ্ট কৰি দিছিল যে শপতনামা বা স্থিতি প্ৰতিবেদন দাখিল কৰাৰ দায়িত্বত থকা কৰ্মচাৰীৰ বিৰুদ্ধেও কঠোৰ হ'ব আদালত ।

উক্ত কৰ্মচাৰীয়ে জৰিমণা ভৰিব লাগিব আনহাতে সেই জৰিমণা তেওঁ দৰমহাৰ পৰা কৰ্তন কৰি ৰখা হ'ব । নিৰ্ধাৰিত সময়ৰ ভিতৰত হাৰিয়ানা আৰু পাঞ্জাৱ চৰকাৰে এখন শপতনামা দাখিল নকৰাৰ পাছতে এই নিৰ্দেশনাটো দিয়া হৈছিল । বিচাৰপীঠে লগতে কয় যে, তেওঁলোকৰ অনুৰোধৰ প্ৰতি লক্ষ্য ৰাখি অন্তিম সুযোগ দিয়া হৈছে যাৰ বাবে গোচৰটো স্থগিত ৰখা হৈছে ।

বৰ্তমানৰ সাংসদ আৰু বিধায়কসকলৰ বিৰুদ্ধে গোচৰ সন্দৰ্ভত নিজাববীয়াকৈ লোৱা এক গোচৰৰ শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠে এই ঘোষণা কৰিছে ।

লগতে পঢ়ক :ৰাজদ্ৰোহৰ গোচৰত জামিন লাভ শ্বাৰ্জিল ইমামৰ, আন গোচৰত থাকিব জিম্মাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.