ETV Bharat / bharat

লখিমপুৰ খেৰীৰ ঘটনা : নিৰীহ কৃষকৰ মৃত্যু সন্দৰ্ভত উত্তৰ বিচাৰিলে বৰুণ গান্ধীয়ে

author img

By

Published : Oct 7, 2021, 5:32 PM IST

‘‘হত্যাৰে প্ৰতিবাদকাৰীৰ মুখ বন্ধ কৰিব নোৱাৰে । ন্যায় প্ৰদান কৰিবই লাগিব’’ । পুনৰ নিজ দলৰ বিৰুদ্ধে এইদৰেই কঠোৰ বাক্যবাণ এৰি লখিমপুৰ খেৰীত নিৰীহ কৃষকৰ মৃত্যু সন্দৰ্ভত উত্তৰ দিবলৈ দাবী জনালে বিজেপি সাংসদ বৰুণ গান্ধীয়ে । পিলিভিটৰ সাংসদগৰাকীয়ে বৃহস্পতিবাৰে টুইটযোগে এটা নতুন ভিডিঅ' শ্বেয়াৰ কৰি এই দাবী জনায় ।

Varun Gandhi demands accountability for 'innocent blood' of farmers
নিৰীহ কৃষকৰ মৃত্যু সন্দৰ্ভত উত্তৰ বিচাৰিলে বৰুণ গান্ধীয়ে

নেশ্যনেল ডেস্ক, ৭ অক্টোবৰ : উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীৰ ঘটনা সন্দৰ্ভত এটাৰ পাছত আনটো মন্তব্য কৰি এক প্ৰকাৰ বিৰোধীৰ সুৰত সুৰ মিলাইছে পিলিভিটৰ সাংসদ বৰুণ গান্ধীয়ে । বৃহস্পতিবাৰেও এটা নতুন ভিডিঅ' টুইটযোগে শ্বেয়াৰ কৰি সাংসদগৰাকীয়ে লখিমপুৰ খেৰীত কৃষকৰ শৰীৰৰ পৰা বোৱা প্ৰতি টোপাল তেজৰ বাবে দায়ী লোকসকলক শাস্তি বিহাৰ দাবী জনায় । ভিডিঅ'টো শ্বেয়াৰ কৰি তেওঁ লিখিছে যে, এই ভিডিঅ'টোৱে লখিমপুৰ খেৰীৰ ঘটনাৰ এখন স্পষ্ট ছবি দাঙি ধৰিছে ।

  • The video is crystal clear. Protestors cannot be silenced through murder. There has to be accountability for the innocent blood of farmers that has been spilled and justice must be delivered before a message of arrogance and cruelty enters the minds of every farmer. 🙏🏻🙏🏻 pic.twitter.com/Z6NLCfuujK

    — Varun Gandhi (@varungandhi80) October 7, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

তেওঁ লগতে কয় যে, হত্যা কৰি প্ৰতিবাদকাৰীসকলৰ মুখ বন্ধ কৰিব নোৱাৰে । প্ৰতিজন কৃষকৰ মনত অহংকাৰ আৰু নিষ্ঠুৰ ভাৱ জাগি উঠাৰ পূৰ্বেই ন্যায় প্ৰদান কৰিব লাগিব বুলিও তেওঁ দাবী জনায় । উল্লেখ্য যে, পিলিভিটৰ সাংসদ তথা জ্যেষ্ঠ নেত্ৰী মানেকা গান্ধীৰ পুত্ৰ বৰুণ গান্ধীয়ে এই ঘটনা সন্দৰ্ভত যথেষ্ট সৰৱ হোৱা দেখা গৈছে । ইয়াৰ পূৰ্বে মঙলবাৰেও বিজেপি নেতাজনে টুইটযোগে এই ঘটনা সম্পৰ্কীয় এটা ভিডিঅ' আপলোড কৰিছিল আৰু অপৰাধীক তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছিল ।

তেওঁ মৃত কৃষকসকলৰ পৰিয়ালক ১ কোটি টকাৰ ক্ষতিপূৰণ প্ৰদানৰো দাবী জনাইছিল । এই সন্দৰ্ভত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথলৈ তেওঁ এখন পত্ৰ প্ৰেৰণ কৰিছিল ।

ইয়াৰ উপৰিও, তেওঁ সমগ্ৰ ঘটনাটোৰ চি বি আই তদন্ত আৰু উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত এই তদন্ত সম্পূৰ্ণ কৰাৰ দাবী জনাইছিল । শেহতীয়াকৈ, বিজেপি সাংসদজনৰ মন্তব্য তথা কামে ভাৰতীয় জনতা পাৰ্টীৰ উত্তৰ প্ৰদেশৰ নেতৃত্বক প্ৰত্যাহ্বান জনাই থকা দেখা গৈছে । লক্ষণীয়ভাৱে সংকটজনক মূহুৰ্তত তেওঁ দলীয় সিদ্ধান্তৰ বিৰোধিতা কৰি মতভেদৰ কথা ৰাজহুৱা কৰিছে ।

আনহাতে, সাংসদগৰাকীৰ মন্তব্য বাৰুকৈয়ে প্ৰভাৱিত কৰিছে দলৰ কেন্দ্ৰীয় নেতৃত্বক । পৰিণতিত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মানেকা গান্ধী আৰু তেওঁৰ পুত্ৰ বৰুণ গান্ধীক বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সমিতিৰ পৰা বাদ দিয়া হৈছে । গেৰুৱা দলটোৰ সিদ্ধান্তৰ বিৰোধিতা কৰি বৰুণ গান্ধীয়ে কৃষকৰ প্ৰতিবাদী কাৰ্যসূচীৰ সপক্ষেও মন্তব্য কৰা দেখা গৈছিল ।

লগতে পঢ়ক:উত্তৰ প্ৰদেশৰ ৰাজপথত মৃত্যুৰ কিৰিলি : বাছ আৰু ট্ৰাকৰ সংঘৰ্ষত ৯ জনৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.