নেশ্যনেল ডেস্ক , 9 অক্টোবৰ : ভাৰতীয় জনতা পাৰ্টী(Bharatiya Janata Party)ৰ দলিত বিৰোধী চৰিত্ৰ প্ৰমাণ কৰি শুকুৰবাৰে লক্ষ্ণৌৰ ইন্দিৰা নগৰত লাভকুশ বাল্মীকি বস্তিত(Lavkush Valmiki Basti) উপস্থিত হৈ বহু লোকৰ ঘৰে ঘৰে গৈ লগ কৰাৰ লগতে বস্তিত ঝাড়ু দিয়া দেখিবলৈ পোৱা গ'ল ৷ সীতাপুৰ গেষ্ট হাউচত ঝাড়ু মৰাৰ প্ৰসংগ উনুকিয়াই এই কাৰ্যৰ বাবে বিজেপিয়ে তেওঁক উপহাস কৰা বুলি অভিযোগ উত্থাপন কৰে ৷
মুখ্যমন্ত্ৰী যোগীয়েও তেওঁক ঝাড়ু দিয়াৰ বাবে উপহাস কৰিছিল বুলি প্ৰিয়ংকা গান্ধীয়ে এক বিবৃতিযোগে অভিযোগ উত্থাপন কৰিছে ৷ ৰাইজে তেওঁক ঝাড়ু দিয়াৰ যোগ্য কৰি ৰাখিছে বুলি মুখ্যমন্ত্ৰীয়ে যোগীয়ে তেওঁক উপহাস কৰা বুলি অভিযোগ কৰি ইয়াৰ প্ৰত্যুত্তৰত তেওঁ কয় যে, ঝাড়ু দিয়াটো কোনো বেয়া কথা নহয় ৷ দেশৰ হাজাৰ হাজাৰ মহিলাই ঝাড়ু দিয়ে বাবেহে পৰিস্কাৰ-পৰিচ্ছনতা বৰ্তি থাকে বুলি প্ৰিয়ংকাই মন্তব্য কৰে ৷ তেওঁ কয় যে, বিজেপিৰ মনত দলিত চিন্তাধাৰা আছে বাবে যোগীয়ে এনে মন্তব্য কৰিছে ৷
বাল্মীকি বস্তিত উপস্থিত হৈ কংগ্ৰেছ নেত্ৰীগৰাকীয়ে কেইবাটাও ঘৰলৈ গৈ পৰিয়ালৰ লোকসকলক লগ কৰে আৰু বিশেষকৈ মহিলাসকলৰ সৈতে বাৰ্তালাপ কৰে ৷ কেইদিনমান আগতে এটি শিশুৰ জন্মদিন হৈ যোৱা বুলি জানিব পাৰি গান্ধীয়ে শিশুটিক জন্মদিনৰ শুভেচ্ছাও জ্ঞাপন কৰিছিল ৷
প্ৰায় 20 মিনিট সময় প্ৰিয়ংকা গান্ধীয়ে এনেদৰে সময় পাৰ কৰে ৷ উপস্থিত লোকসকলে তেওঁৰ সৈতে চেলফি লোৱা, ফটো তোলাৰ লগতে ভিডিঅ' তৈয়াৰ কৰে ৷ ইয়াৰ মাজতে কংগ্ৰেছ কৰ্মীসকলে বিজেপি বিৰোধী শ্ল'গান দিয়াও পৰিলক্ষিত হৈছিল ৷
উল্লেখ্য যে, কিছুদিন পূৰ্বে মৃত্যু হোৱা মহানগৰ কংগ্ৰেছৰ সম্পাদক সঞ্জয় বাল্মীকিৰ পৰিয়ালকো প্ৰিয়ংকাই লগ কৰে আৰু বাল্মিকী আশ্ৰমৰ চৌহদত ঝাড়ু দিয়ে ৷
লগতে পঢ়ক : নাগৰিক হত্যাক লৈ প্ৰাণৰ সংশয়ত ভুগিছে কাশ্মিৰী পণ্ডিতসকল