নিউজ ডেস্ক, 7 জুন : উত্তৰ প্ৰদেশৰ বান্দা জিলা কাৰাগাৰৰ পৰা দেওবাৰে নিশা এগৰাকী কাৰাবন্দী সন্ধানহীন হয় ৷ ডকাইতিৰ গোচৰত বিগত বৰ্ষৰ ১৬ ফেব্ৰুৱাৰীৰ পৰা কাৰাগাৰত বন্দী হৈ আছিল বিজয়ৰাখ নামৰ লোকজন ৷
দেওবাৰে নিশা কয়দীটোৱে 4বি নম্বৰৰ বেৰেকত খাদ্য গ্ৰহণ কৰাৰ পাচত পানী পিবলৈ গৈছিল । ইয়াৰ পাচৰে পৰা সন্ধানহীন হৈ আছে বিজয়ৰাখ ।
কাৰাবন্দীটো সন্ধানহীন হোৱা ঘটনাই সম্প্ৰতি সমগ্ৰ ৰাজ্যখনতেই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ কাৰণ বান্দা কাৰাগাৰতেই বি এছ পিৰ বিধায়ক আৰু মাফিয়া ডন মুখতাৰ আনছাৰীক বন্দী কৰি ৰখা হৈছে ৷ যাৰবাবে কাৰাগাৰখনত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছিল ৷ কিন্তু ইয়াৰ মাজতো কাৰাবন্দী বিজয়ৰাখ নিৰুদ্দেশ হোৱাত, প্ৰশাসনৰ নিৰাপত্তাক লৈ প্ৰশ্ন উত্থাপন হৈছে ৷ কয়দীটো নিৰুদ্দেশ হোৱাটো প্ৰশাসনৰ নিৰাপত্তা ব্যৱস্থাৰ এটা ডাঙৰ ক্ৰুটি বুলি গণ্য কৰা হৈছে । ইতিমধ্যে প্ৰয়াগৰাজৰ কাৰাগাৰৰ উপ মহাপৰিদৰ্শক সঞ্জয় ত্ৰিপাঠীক ঘটনাৰ তদন্ত কৰিবলৈ দায়িত্ব অৰ্পণ কৰা হৈছে ।
লগতে পঢ়ক : ওড়িশা-পশ্চিমবংগৰ ঘূৰ্ণী বিধ্বস্ত অঞ্চলত কেন্দ্ৰীয় দল