ETV Bharat / bharat

প্ৰতিমাহে 20 ৰ পৰা 25 টা ভ্ৰুণ হত্যা; গ্ৰেপ্তাৰ দুই চিকিৎসকসহ পাঁচ অভিযুক্ত

অক্টোবৰ মাহত ধ্বংস কৰা লিংগ নিৰ্ণয় ৰেকেটৰ তদন্ত অব্যাহত ৰাখি বেংগালুৰু আৰক্ষীয়ে দুজন চিকিৎসককে ধৰি আৰু পাঁচজন লোকক গ্ৰেপ্তাৰ কৰিছে, যিয়ে প্ৰকাশ কৰিছে যে তেওঁলোক বিগত দুবছৰ ধৰি প্ৰসৱৰ পূৰ্বে লিংগ নিৰ্ণয় আৰু গৰ্ভপাতৰ চক্ৰৰ সৈতে জড়িত আছিল ।

Prenatal sex determination racket in Karnataka
ভ্ৰুণ হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ চিকিৎসকসহ পাঁচ
author img

By ETV Bharat Assamese Team

Published : Nov 26, 2023, 5:41 PM IST

নিউজ ডেস্ক, 26 নৱেম্বৰ : প্ৰসৱৰ পূৰ্বে লিংগ নিৰ্ণয় আৰু ভ্ৰুণ হত্যাৰ গোচৰত বেংগালুৰু আৰক্ষীয়ে দুজন চিকিৎসককে ধৰি আৰু পাঁচজন লোকক গ্ৰেপ্তাৰ কৰিছে, যি ঘটনাই দক্ষিণৰ ৰাজ্যখন জোঁকাৰি গৈছে ৷

বৈয়াপ্পানাহল্লী আৰক্ষীয়ে শনিবাৰে জনোৱা মতে, চেন্নাইৰ পৰা ডাঃ থুলাচিৰাম, মহীশূৰৰ পৰা ডাঃ চন্দন বল্লাল আৰু তেওঁৰ পত্নী মীনা, মহীশূৰৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ ৰিচেপচনিষ্ট ৰিজমা আৰু শনিবাৰে লেব টেকনিচিয়ান নিছাৰক গ্ৰেপ্তাৰ কৰিছে ৷ এই পাঁচ অভিযুক্ত লিংগ নিৰ্ণয় আৰু কন্যা ভ্ৰুণ হত্যাৰ এক বৃহৎ চক্ৰৰ অংশ আছিল ৷ যোৱা দুবছৰত শ শ গৰ্ভৱতী মহিলাক স্কেন কৰিছিল আৰু প্ৰতিমাহে 20-25 টা ভ্ৰুণ হত্যা কৰিছিল এই চক্ৰই ৷

গ্ৰেপ্তাৰ হোৱাসকলে প্ৰকাশ কৰে যে তেওঁলোকে দুবছৰ ধৰি বেংগালুৰু, মাণ্ডিয়া আৰু মহীশূৰত এই কাম কৰি আছিল আৰু প্ৰতিটো প্ৰসৱৰ পূৰ্বে লিংগ নিৰ্ণয় আৰু গৰ্ভপাতৰ বাবে 20 হাজাৰৰ পৰা 25 হাজাৰ টকাৰ ভিতৰত ধন লৈছিল ৷

যোৱা মাহত লিংগ নিৰ্ণয়ৰ বাবে এগৰাকী গৰ্ভৱতী মহিলাক লৈ যোৱাৰ সময়তে বৈয়াপ্পানাহল্লী আৰক্ষীয়ে চাৰিজন লোকক গ্ৰেপ্তাৰ কৰাত পোহৰলৈ আহিছিল এই ঘটনা ৷

এজন আৰক্ষী বিষয়াই কয় যে তেওঁলোকে গৰ্ভপাত আৰু লিংগ নিৰ্ণয় কৰা ৰেকেটৰ বিষয়ে ইনপুট লাভ কৰে ৷ এই অভিযুক্তসকলে পূৰ্বতে যিসকল গৰ্ভৱতী মহিলাৰ পৰিয়ালৰ সদস্যই কন্যা সন্তান নিবিচাৰে তেওঁলোকক মাণ্ডিয়াৰ এটা ঘৰলৈ লৈ গৈছিল, য’ত তেওঁলোকক চিকিৎসকে স্কেন কৰি তেওঁলোকে ধাৰণ কৰা ভ্ৰুণৰ লিংগ নিৰ্ণয় কৰিছিল ৷ যদি ভ্ৰুণটো কন্যা সন্তানৰ বুলি ওলাই পৰে তেন্তে তেওঁলোকে গৰ্ভপাত কৰে ৷

আৰক্ষী সূত্ৰই জনোৱা মতে, যোৱা দুবছৰ ধৰি চলি থকা এই ৰেকেটে এই সময়ছোৱাত 700 ৰো অধিক গৰ্ভৱতী মহিলাক স্কেন কৰিছিল ৷ বিষয়াগৰাকীয়ে কয় যে, "প্ৰতিমাহে কমেও 20-25টা ভ্ৰুণ হত্যা কৰা হৈছিল ৷ তদন্তত এই গোচৰত চিকিৎসককে ধৰি আৰু পাঁচজন লোক জড়িত থকাৰ কথা পোহৰলৈ আহিছে ৷ তেওঁলোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে ৷ ইয়াৰ লগে লগে গ্ৰেপ্তাৰৰ সংখ্যা 9 লৈ বৃদ্ধি পাইছে ৷"

আৰক্ষী বিষয়াগৰাকীয়ে কয় যে, "পূৰ্বতে অভিযুক্তই পদ্ধতিগতভাৱে নেটৱৰ্ক গঠন কৰি অপৰাধ সংঘটিত কৰিছিল ৷ এই গোচৰত মহীশূৰৰ উদয়াগিৰিৰ এখন ব্যক্তিগত চিকিৎসালয় আৰু ৰাজকুমাৰ ৰোডৰ আয়ুৰ্বেদিক ডে কেয়াৰ চেণ্টাৰ জব্দ কৰা হৈছে ৷"

কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰমাইয়াই কয় যে এই গোচৰৰ সৈতে জড়িতসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব ৷ ভাৰতৰ সংবিধান দিৱস উপলক্ষে দেওবাৰে বিধান সৌধৰ সন্মুখত আম্বেদকাৰৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰি এই মন্তব্য কৰে মুখ্যমন্ত্ৰীজনে ৷ তেওঁ কয় "যি দোষী হয় তাৰ বিৰুদ্ধে আমি কঠোৰ ব্যৱস্থা লম ৷ এই সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত হ'ব আৰু উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হ'ব ৷"

সাধাৰণতে লিংগ নিৰ্ধাৰণ নিষেধাজ্ঞা আইন নামেৰে জনাজাত প্ৰি-কনচেপচন এণ্ড প্ৰি-নেটেল ডায়েগনষ্টিক টেকনিক (পিচিপিএনডিটি) আইনখন 1994 চনত সংসদে গৃহীত কৰা হয় ৷ এই আইন অনুসৰি গৰ্ভধাৰণৰ পিছত ভ্ৰুণৰ লিংগ নিৰ্ণয়ৰ বাবে যিকোনো পদ্ধতি ব্যৱহাৰ কৰাটো নিষিদ্ধ ৷

লগতে পঢ়ক : ১৫ দিনে মুকলি বতাহত উশাহ লোৱাৰ আশাত বন্দী ৪১ জন শ্ৰমিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.