ETV Bharat / bharat

স্বায়ত্ব শাসনৰ বাহিৰৰ অঞ্চলত টিপ্ৰাৰ সফলতাৰ কাৰণ প্ৰদ্যুৎ : মেৱাৰ কুমাৰ জামাতিয়া

author img

By

Published : Apr 15, 2021, 12:48 PM IST

"মানুহৰ বাবে প্ৰদ্যুৎ কিশোৰ দেববৰ্মন এক সতেজ মুখ । তদুপৰি, তেওঁৰ ব্যক্তিগত দিশে তেওঁৰ দলক প্ৰচাৰত সহায় কৰিছিল । অন্যথা আইপিএফটিৰ তুলনাত টিপ্ৰা মথাৰ কোনো সাংগঠনিক গাঁথনি নাই" । বুধবাৰে এই মন্তব্য কৰে বনমন্ত্ৰী মেৱাৰ কুমাৰ জামাতিয়াৰ ৷

mevar kumar jamatia
মেৱাৰ কুমাৰ জামাতিয়া

আগৰতলা,15 এপ্ৰিল : বিজেপি-আইপিএফটি মিত্ৰজোঁট চৰকাৰৰ কনিষ্ঠ অংশীদাৰ আইপিএফটিয়ে বুধবাৰে স্বীকাৰ কৰে যে, প্ৰদ্যুৎ কিশোৰ দেৱবৰ্মনৰ সতেজ মুখে টিপ্ৰাক টিটিএএডিচি নিৰ্বাচনত সহায় কৰিছিল । চৰকাৰী বাসভৱনত এখন সংবাদমেল সম্বোধন কৰি আইপিএফটিছেকেণ্ড ইন কামাণ্ড তথা বনমন্ত্ৰী মেৱাৰ কুমাৰ জামাতিয়াই কয় যে, "মানুহৰ বাবে প্ৰদ্যুৎ কিশোৰ দেববৰ্মন এক সতেজ মুখ । তদুপৰি, তেওঁৰ ব্যক্তিগত দিশে তেওঁৰ দলক প্ৰচাৰত সহায় কৰিছিল । অন্যথা আইপিএফটিৰ তুলনাত টিপ্ৰা মথাৰ কোনো সাংগঠনিক গাঁথনি নাই । দলটোত কোনো উপ-বিভাগীয়, জিলা বা স্থানীয় পৰ্যায়ৰ প্ৰৱেশ নাই" ।

বুধবাৰে সমাপ্ত হোৱা জৰুৰীকালীন কেন্দ্ৰীয় কাৰ্যকৰী সমিতিৰ বৈঠকত নিৰ্বাচনত হোৱা হিংসাৰ কথা বিবেচনা কৰি দলটোৱে চাৰিটা নিৰ্দিষ্ট প্ৰস্তাৱ গৃহীত কৰিছিল । জামাতিয়াৰ মতে, "বৰ্তমানৰ পৰিস্থিতিয়ে আইপিএফটিক নিৰ্বাচনৰ ফলাফলৰ বিষয়ে আলোচনা কৰিবলৈ অনুমতি নিদিয়ে । টিআইপিআৰএ মথাৰ উচ্ছৃংখল সমৰ্থকসকলৰ দ্বাৰা সংঘটিত হোৱা হিংসা চিন্তাৰ এক মুখ্য কাৰণ হৈ পৰিছে । আমাৰ চাৰিটা দফা প্ৰস্তাৱৰ উদ্দেশ্য হৈছে নিৰ্বাচনৰ হিংসা নিয়ন্ত্ৰণ কৰা" ।

প্ৰস্তাৱসমূহৰ বিৱৰণ দি তেওঁ কয় যে, আটাইতকৈ জৰুৰী বিষয়টো হ’ল নিৰ্বাচনৰ পাচৰ হিংসা সন্দৰ্ভত দাখিল কৰা গোচৰৰ অভিযুক্তক গ্ৰেপ্তাৰ কৰা । যিসকলে প্ৰত্যক্ষ বা পৰোক্ষভাৱে আইন-শৃংখলা পৰিস্থিতি বিঘ্নিত কৰিবলৈ চেষ্টা কৰি আছে, তেওঁলোকক লগে লগে গ্ৰেপ্তাৰ কৰিব লাগিব । তেওঁ কয় যে, চৰকাৰে ঘৰ, পশুধন, পুখুৰী, ৰবৰ খেতি, বাণিজ্যিক বাহন আৰু ক্ষতিগ্ৰস্ত পৰিয়াল বা ব্যক্তিৰ জীৱিকাৰ সৈতে জড়িত প্ৰতিটো সম্পদ হেৰুওৱা লোকসকলক ক্ষতিপূৰণ দিব লাগিব । ইয়াৰ বাবে আমি চৰকাৰক অনুৰোধ জনাইছো" ।

দলটোৱে ইজনে-সিজনৰ মাজত শান্তি আৰু সৌহাৰ্দপূৰ্ণ সম্পৰ্ক বজাই ৰাখিবলৈ ৰাজনৈতিক সম্পৰ্ক নিৰ্বিশেষে লোকসকলক আবেদন জনোৱা হয় । শেষ মুহূৰ্তত, দলটোৱে হিংসাৰ বিৰুদ্ধে গণতান্ত্ৰিক আৰু শান্তিপূৰ্ণ আন্দোলন কৰাৰ ভাবুকিদিছিল । যদি এনে পৰিস্থিতি অব্যাহত থাকে তেন্তে আইপিএফটিয়ে আক্ৰমণাত্মক পদক্ষেপ ল'বলৈ বাধ্য হ’ব বুলি জামাতিয়াই সতৰ্ক কৰি দিয়ে ।

ইয়াৰ কাৰণ সম্পৰ্কে সোধাত তেওঁ কয় যে, বিজেপি আৰু আইপিএফটিৰ তিনি বছৰৰ প্ৰদৰ্শন ৰাজ্যখনৰ জনসাধাৰণৰ বাবে সন্তোষজনক নহ’ব পাৰে । টিপ্ৰা মথাৰ 60ৰ পৰা 70 শতাংশ কৰ্মী চিপিআই(এম)ৰ পৰা আহিছে আৰু এইকাৰণে দলৰ অধ্যক্ষৰ পৰা বাৰে বাৰে আবেদন কৰা স্বত্বেও তেওঁলোকৰ সমৰ্থকসকলৰ প্ৰতি কম মনোযোগ দিয়া হয় । প্ৰাথমিক মূল্যায়ন অনুসৰি, আইপিএফটিৰ প্ৰায় 20 টাতকৈও অধিক দলীয় কাৰ্যালয় লণ্ডভণ্ড কৰা হয় ।

লগতে পঢ়ক : মহাৰাষ্ট্ৰত নতুনকৈ ক’ভিডত আক্ৰান্ত 58,952 গৰাকী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.