নিউজ ডেস্ক, 27 জানুৱাৰী : দেশত অব্যাহত আছে ক’ৰণাৰ সংহাৰ ৷ বিগত 24 ঘন্টাত দেশত পুনৰ নতুনকৈ 2,86,384 গৰাকীকৈ লোক আক্ৰান্ত হৈছে ক’ভিড(New Covid cases in last 24 Hours)ত ৷ এই সময়ছোৱাত মৃত্যু হৈছে 573 গৰাকী লোকৰ ৷ ইয়াৰ লগতে দেশত সক্ৰিয় ঘটনাৰ সংখ্যা 22,02,472 গৰাকীলৈ আৰু মৃত্যু হোৱা লোকৰ সংখ্যা 38,705 গৰাকীলৈ বৃদ্ধি পাইছে ।
দেশৰ ভিতৰত কৰ্ণাটকত বুধবাৰে সৰ্বাধিক লোক আক্ৰান্ত হৈছে ক’ভিডত । কৰ্ণাটকত বুধবাৰৰ দিনটোত নতুনকৈ ৪৮,৯০৫ গৰাকী লোক ক’ভিডত আক্ৰান্ত হৈছে ৷ আনহাতে মৃত্যু হৈছে ৩৯ গৰাকীৰ ৷ সম্প্ৰতি ৰাজ্যখনত ক’ভিডত আক্ৰান্তৰ সংখ্যা ৩৬,৫৪,৪১৩ গৰাকীলৈ আৰু মৃত্যু হোৱা লোকৰ সংখ্যা ৩৮,৭০৫ গৰাকীলৈ বৃদ্ধি পাইছে ৷
- " class="align-text-top noRightClick twitterSection" data="">
আনহাতে, ৰাজধানী দিল্লীত ক’ভিড 19ত আক্ৰান্ত লোকৰ সংখ্যা যথেষ্ট হ্ৰাস পাইছে । ভাৰতত বৰ্তমান দৈনিক পজিটিভ হাৰ হৈছে ১৯.৫৯ শতাংশ ৷
ইফালে, চৰকাৰে ক’ভিশ্বিল্ড আৰু ক’ভাক্সিনৰ মূল্য সীমিত কৰাৰ সম্ভাৱনা আছে ৷ এই প্ৰতিষেধক শীঘ্ৰেই ঔষধ নিয়ন্ত্ৰকৰ পৰা নিয়মীয়া বজাৰৰ অনুমোদন লাভ কৰিব বুলি আশা কৰা হৈছে । চৰকাৰী সূত্ৰ অনুসৰি, এই প্ৰতিষেধকৰ প্ৰতি টোপালত 275 টকা আৰু অতিৰিক্ত 150 টকাৰ সেৱা মাচুল ৰখাৰ সম্ভাৱনা আছে ।
লগতে পঢ়ক : Covid 19 Update in Assam : অসমত যোৱা 24 ঘন্টাত 21 জনৰ মৃত্যু