ETV Bharat / bharat

Kolkata Municipal Corporation Polls begins : কলকাতা পৌৰ নিগমৰ ১৪৪ টা ৱাৰ্ডত ভোটগ্ৰহণ আৰম্ভ

author img

By

Published : Dec 19, 2021, 9:50 AM IST

কলকাতা পৌৰ নিগমৰ ১৪৪ টা ৱাৰ্ডত দেওবাৰে পুৱাৰে পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ (Kolkata Municipal Corporation Polls begins) ৷ কঠোৰ নিৰাপত্তা ব্যৱস্থাৰ লগতে ক’ভিড-১৯ প্ৰট’কল মানি পুৱা 7 বজাৰ পৰা আৰম্ভ হয় ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷

Polling begins in 144 wards of Kolkata Municipal Corporation
কলকাতা পৌৰ নিগমৰ নিৰ্বাচন

নেশ্যনেল ডেস্ক, 19 ডিচেম্বৰ : আজি কলকাতা পৌৰ নিগমৰ নিৰ্বাচন ৷ নিগমৰ 144 টা ৱাৰ্ডত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ ৷ সেই অনুসৰি, দেওবাৰে পুৱা ৭ বজাৰে পৰা কঠোৰ নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে আৰম্ভ হয় ভোটগ্ৰহণ প্ৰক্ৰিয়া (Kolkata Municipal Corporation Polls begins) ৷

ভোটগ্ৰহণ প্ৰক্ৰিয়াত সম্পূৰ্ণৰূপে পালন কৰা হৈছে ক’ভিড বিধি ৷ ৰাজ্যিক নিৰ্বাচন আয়োগৰ সচিব নীলাঞ্জন সন্দিকৈয়ে সদৰী কৰা অনুসৰি, মুক্ত আৰু নিৰপেক্ষ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে সকলো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।

নিগমৰ ৪,৯৫৯ টা ভোটকেন্দ্ৰত ভোটগ্ৰহণ অনুষ্ঠিত হৈছে আৰু এই প্ৰক্ৰিয়া সন্ধিয়া ৫ বজালৈকে অব্যাহত থাকিব ৷ নিৰাপত্তা সুনিশ্চিত কৰাৰ স্বাৰ্থত সমগ্ৰ চহৰখনত প্ৰায় ২৩,০০০ আৰক্ষী মোতায়েন কৰা হৈছে ৷

সমগ্ৰ চহৰখনৰ গুৰুত্বপূৰ্ণ স্থানসমূহত ২০০ তকৈও অধিক অস্থায়ী আৰক্ষী শিবিৰ স্থাপন কৰা হৈছে ৷ শাসকীয় তৃণমূল কংগ্ৰেছে একেৰাহে তৃতীয়বাৰৰ বাবে নিগম অধিকাৰ কৰাৰ স্বাৰ্থত নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে ৷ বিপৰীতে বিজেপি আৰু চিপিআই(এম) য়েও তীব্ৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ৷

উল্লেখ্য যে, এই নিৰ্বাচনৰ ভোটগণনা অনুষ্ঠিত হ'ব ২১ ডিচেম্বৰত ।

লগতে চাওক: স্বৰ্ণ মন্দিৰত গুৰুগ্ৰন্থ চাহিবৰ অপমান কৰি জনতাৰ হাতত নিহত যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.