ETV Bharat / bharat

ক'ভিডৰে জড়িত নীতিৰ সংশোধনৰ প্ৰয়োজন... - প্ৰব্ৰজিত শ্ৰমিক

ভাৰতবৰ্ষত কেন্দ্ৰীয় চৰকাৰে পর্যায়ক্রমে ভেকচিন প্ৰদানৰ বাবে বয়সৰ সীমা কমাই দিছিল । বিশেষজ্ঞসকলে কিন্তু বিভিন্ন সময়ত চৰকাৰৰ এই নীতিৰ সমালোচনা কৰিছে, বিশেষকৈ ১৮ বছৰৰ পৰা ৪৭ বছৰলৈকে সকলোকে ভেকচিন প্ৰদানৰ বাবে লোৱা সিদ্ধান্তক । এই ক্ষেত্ৰত তেওঁলোকে মতপোষণ কৰে যে, চৰকাৰখনৰ দায়িত্ববোধ অধিক থকা উচিত আছিল আৰু এইয়া সুনিশ্চিত কৰিব পাৰিব লাগিছিল যাতে ভেকচিনৰ মূল্য নিজৰ মতে নিৰ্দ্ধাৰণ কৰিব নোৱাৰে বা পাৰিলেও যাতে এটা অহেতুক পৰিস্থিতিৰ সৃষ্টি নহয় ।

ক'ভিডৰে জড়িত নীতিৰ সংশোধনৰ প্ৰয়োজন
ক'ভিডৰে জড়িত নীতিৰ সংশোধনৰ প্ৰয়োজন
author img

By

Published : May 13, 2021, 5:48 PM IST

সমগ্ৰ পৃথিৱীতে মহামাৰী ক'ভিডে মৃত্যুৰ ঢোল কোবাই আছে আৰু যোৱা দুসপ্তাহতে পৃথিৱীত প্ৰায় ৫০ লাখ নতুন সংক্ৰমণৰ তথ্য পোহৰলৈ আহিছে । আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ব্ৰাজিলে সংক্ৰমণৰ প্ৰথম আৰু দ্বিতীয় স্থান অধিকাৰ কৰাৰ পাছতেই ভাৰতেও তিনি নম্বৰ স্থানত থকা বুলি জানিবলৈ দিয়া হৈছে । এই তিনিওখন দেশতেই মৃত্যুৰ সংখ্যাও সৰ্বাধিক বুলি কোৱা হৈছে । ভাৰততো সমগ্ৰ পৃথিৱীৰ ক'ভিড জড়িত মৃত্যুৰ হাৰৰ ক্ষেত্ৰত তিনি নম্বৰ স্থান অধিকাৰ কৰিছে ।

আমাৰ দেশৰ চৰকাৰে ক'ভিডৰ বাবে প্ৰযোজ্য কৰা নীতি নিয়মসমূহ ভাইৰাছৰ প্ৰথম সংক্ৰমণ কমাৰ লগে লগে দলিয়াই পেলাইছিল । চৰকাৰৰ এই অৱজ্ঞাক দ্বিতীয় সংক্ৰমণৰ ফলত হোৱা অকল্পনীয় পৰিস্থিতিৰ বাবে জগৰীয়া বুলি কোৱা হৈছে । পৃথিৱীৰ বিভিন্ন দেশসমূহৰ ভিতৰত ভাৰতকেই ভেকচিন উৎপাদন কৰাৰ ক্ষেত্ৰত ডাঙৰ ভাতৃ হিচাবে স্থান দিয়া হৈছে । কিন্তু দেশখনৰ নেতা তথা চৰকাৰী আমোলাসকলৰ প্ৰয়োজনীয় সচেতনতাৰ অভাৱত এই ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে ।

ভাৰতবৰ্ষত কেন্দ্ৰীয় চৰকাৰে পর্যায়ক্রমে ভেকচিন প্ৰদানৰ বাবে বয়সৰ সীমা কমাই দিছিল । বিশেষজ্ঞসকলে কিন্তু বিভিন্ন সময়ত চৰকাৰৰ এই নীতিৰ সমালোচনা কৰিছে, বিশেষকৈ ১৮ বছৰৰ পৰা ৪৭ বছৰলৈকে সকলোকে ভেকচিন প্ৰদানৰ বাবে লোৱা সিদ্ধান্তক । এই ক্ষেত্ৰত তেওঁলোকে মতপোষণ কৰে যে, চৰকাৰখনৰ দায়িত্ববোধ অধিক থকা উচিত আছিল আৰু এইয়া সুনিশ্চিত কৰিব পাৰিব লাগিছিল যাতে ভেকচিনৰ মূল্য নিজৰ মতে নিৰ্দ্ধাৰণ কৰিব নোৱাৰে বা পাৰিলেও যাতে এটা অহেতুক পৰিস্থিতিৰ সৃষ্টি নহয় ।

মহামান্য সর্বোচ্চ ন্যায়ালয়েও চৰকাৰক সকলো লোকৰ বাবে সামগ্ৰিক ভেকচিন প্ৰদান প্ৰক্ৰিয়াৰ বাবে লোৱা সিদ্ধান্তৰ ওপৰত প্ৰশ্ন কৰিছে আৰু কৈছে যে, যিহেতু সামগ্ৰিক ভেকচিন প্ৰদান প্ৰক্ৰিয়াৰ বাবে এটা দশকৰ প্ৰয়োজন হ'ব পাৰে, সেয়ে সামগ্ৰিকভাৱে ভেকচিনেশ্যন প্ৰক্ৰিয়াৰ সিদ্ধান্ত উচিত নে অনুচিত । সৰ্বোচ্চ ন্যায়ালয়ে এই সম্পৰ্কে চৰকাৰৰ নীতি ব্যাপক ৰূপেৰে পুনৰ বিবেচনাৰ বাবেও পৰামৰ্শ দিয়ে ।

দেশৰ উপান্ত লোকসকল যেনে প্ৰব্ৰজিত শ্ৰমিকসকলৰ বিষয়টো উল্লেখ কৰি মহামান্য সৰ্বোচ্চ ন্যায়ালয়ে প্ৰশ্ন কৰে যে, এইসকল দুখীয়া লোকে ক'ৰ পৰা ভেকচিন গ্ৰহণ কৰিব পাৰিব ?

আদালতৰ এখন বিচাৰপীঠে কয় যে, ভেকচিন প্ৰদানৰ এই প্ৰক্ৰিয়া আমাৰ দেশৰ সংবিধানত উল্লেখ থকা বাচি থকাৰ অধিকাৰৰ লগত সামঞ্জস্য নাই । চৰকাৰে এতিয়া ক'ভিডৰ এই ভয়াৱহ গ্ৰাসৰ পৰা সকলো লোকক বচোৱাৰ বাবে চকু মেলি চোৱা উচিত ।

মোডী নেতৃত্বাধীন চৰকাৰে মহামান্য আদালতক ইতিমধ্যে জনাইছে যে, দেশৰ সমূহ ৰাজ্যত থকা কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে পৰিচালনা কৰা প্ৰায় ২০০ হাস্পতালত ৪.৬৮ কোটি বিছনাৰ ব্যৱস্থা কৰা হৈছে । যদিও চৰকাৰখনে দাবী কৰে যে, এক তিনি তৰপীয়া ব্যৱস্থাৰ জড়িয়তে ক'ভিড আক্ৰান্ত ৰোগীসকলক চিকিৎসা প্ৰদান কৰা হৈ আছে, তথাপিও ই এক চিৰসত্য যে, ক'ভিড সংক্ৰমণত দেশৰ সমস্ত চৰকাৰী খণ্ডত থকা চিকিৎসা ব্যৱস্থা ইতিমধ্যেই ধৰাশায়ী হৈছে বা ভাঙি পৰিছে, কাৰণ ক'ভিড আক্ৰান্তৰ সংখ্যাই দেশত ইতিমধ্যেই ৩৫ লাখৰ ঘৰ অতিক্ৰম কৰিছে ।

সহস্ৰাধিক দুৰ্ভগীয়া ক'ভিড ৰোগীৰ হাস্পতালৰ বিছনা আৰু অক্সিজেনৰ অভাৱত হোৱা মৃত্যু নিশ্চয়কৈ এক মানৱ সৃষ্ট সংকট । ইয়াতে উল্লেখনীয় যে, আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে যদিও ক'ৰণা ভাইৰাছৰ বিষয়ে তুচ্চ মন্তব্য কৰি হাঁহিয়াতৰ পাত্ৰ হৈছিল, তেওঁ সেই সময়তে এই ভাইৰাছৰ ওপৰত অধ্যয়ন আৰু ভেকচিন প্ৰস্তুতকৰণৰ বাবে ২,০০০ কোটি মাৰ্কিন ডলাৰ ৰেপ স্পীড নামৰ আঁচনিৰ আধাৰত নিৰ্দ্ধাৰণ কৰিছিল যাৰ লাভ আজি সমগ্ৰ দেশেই পাই আছে । ইজৰাইলৰ নিচিনা দেশেও যোৱা বছৰৰ মে’ মাহতেই ভেকচিন ক্রয়ৰ বাবে অগ্ৰিম ধন আগবঢ়াইছিল, যাৰ ফল দেশখনে আজি লাভ কৰিবলৈ সক্ষম হৈছে ।

যদিও আজিৰ দিনত পৃথিৱীৰ সমগ্ৰ দেশসমূহে ১১৬ কোটি ভেকচিন ব্যৱহাৰ কৰিছে, ইয়াৰ বিপৰীতে নিজৰ নাগৰিকক ভেকচিন প্ৰদানৰ ক্ষেত্ৰত ভাৰতবৰ্ষ পৃথিৱীৰ অন্যান্য দেশসমূহৰ তুলনাত ৭৪ তম স্থানত অৱস্থান কৰিছে । উল্লেখ্য যে, ভাৰতৰ নেতাসকলৰ দূৰদৰ্শীতাৰ অভাৱৰ বাবে চলিত বৰ্ষৰ জুলাই মাহলৈকে দেশৰ জনতাই ভেকচিনৰ অভাৱত থাকিব লাগিব । যদিও দেশৰ লোকসকলে অক্সিজেন আৰু জীৱনদায়ী ঔষধৰ বাবে হাবাথুৰি কৰি আছে, তেনেস্থলত বাহিৰৰ দেশসমূহৰ পৰা ভাৰতলৈ পঠিওৱা প্ৰায় ৩০০ টন জৰুৰীকালীন চিকিৎসা সামগ্ৰী যোৱা কিছুদিন ধৰি দিল্লী বিমান বন্দৰতে পৰি আছে । এনে ধৰণৰ ব্যৱহাৰ আৰু কাৰ্যকলাপে জনসাধাৰণক আৰু বেছি দুৰ্ভোগৰ বাবে ঠেলি দিছে । চৰকাৰে তৎকালীন ভাৱে চৰকাৰী বিষয়াৰ এনে দায়িত্ব জ্ঞানহীন আচৰণৰ সংশোধনৰ বাবে ব্যৱস্থা গ্ৰহণ কৰি আৰু ক'ভিড মহামাৰী ৰোধ তথা নিৰ্মূল কৰাৰ বাবে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰাটো খুবেই জৰুৰী ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.