ETV Bharat / bharat

Tripura bye poll: ত্ৰিপুৰাত আৰক্ষীক ছুৰিকাঘাত বিজেপি সমৰ্থকৰ

author img

By

Published : Jun 23, 2022, 5:05 PM IST

ত্ৰিপুৰাত উপ-নিৰ্বাচনৰ বাবে ভোট গ্ৰহণ চলি থকাৰ মাজতে অঘটন । আৰক্ষী কৰ্মীক ছুৰিকাঘাত বিজেপিৰ সমৰ্থকৰ । সাংবাদিককো আক্ৰমণ ।

Tripura bye poll: ত্ৰিপুৰাত আৰক্ষীক ছুৰিকাঘাত বিজেপি সমৰ্থকৰ
Tripura bye poll: ত্ৰিপুৰাত আৰক্ষীক ছুৰিকাঘাত বিজেপি সমৰ্থকৰ

আগৰতলা, ২৩ জুন: ত্ৰিপুৰাত উপ-নিৰ্বাচনৰ বাবে বৃহস্পতিবাৰে ভোট গ্ৰহণ চলি থকাৰ মাজতে অঘটন (Tripura bye poll)। বিজেপিৰ সমৰ্থকসকলে ভোটাৰক মাৰপিট কৰাৰ অভিযোগ উঠিছে। বৃহস্পতিবাৰে আগৰতলাৰ অভয়নগৰ অঞ্চলত সমীৰ সাহা নামৰ এগৰাকী আৰক্ষী কৰ্মীক দিনৰ পোহৰতে ছুৰিকাঘাত কৰা হয় (Police personnel stabbed in Agartala )। তেওঁ উপ-নিৰ্বাচনত ভোট দিবলৈ গৈ থাকোতে ঘটনাটো সংঘটিত হোৱা বুলি জানিব পৰা গৈছে ।

এই ঘটনাটোৰ সন্দৰ্ভত আক্ৰমণৰ বলি হোৱা আৰক্ষী কৰ্মীগৰাকীয়ে কয়," মই পৰিয়ালৰ সৈতে ভোট দিবলৈ গৈ আছিলো । সেই সময়তে বিজেপিৰ সমৰ্থকসকলে মোক ভোট কেন্দ্ৰলৈ যোৱাত বাধা দিয়ে ।" আনকি দলটোৱে আৰক্ষী কৰ্মীগৰাকীক ঘৰলৈ উভতি যাবলৈ সকীয়াই দিয়া বুলিও উল্লেখ কৰিলে আৰক্ষীৰ আঘাতপ্ৰাপ্ত লোকজনে । আৰক্ষীৰ লোকজনে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ জনোৱাত প্ৰথমে তেওঁৰ হাতত চুৰিৰে আক্ৰমণ কৰে । বিজেপিৰ সমৰ্থকসকলে ইয়াতে ক্ষান্ত নাথাকি পিছত তেওঁৰ পেটতো চুৰিৰে আঘাত কৰে ।

আনকি উদণ্ড দলটোৱে তেওঁৰ ভতিজা আৰু পত্নীকো আক্ৰমণ কৰিবলৈ চেষ্টা কৰে বুলি আৰক্ষী কৰ্মীগৰাকীয়ে অভিযোগ তুলিছে । উক্ত ঘটনাৰ সৈতে বিজেপিৰ কৰ্মী সমৰ্থক জড়িত থকাৰ অভিযোগ তুলিছে আৰক্ষী কৰ্মীগৰাকীয়ে । উদণ্ড দলটো নিশাৰ পৰাই বিভিন্ন হিংসাত্মক ঘটনাত লিপ্ত হৈ আছে । বৰ্তমান আগৰতলাৰ জিবি পন্ত চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা সমীৰ সাহাই এইদৰে কয় ।

ইপিনে,পুৱাৰে পৰাই বিভিন্ন স্থানত বিজেপিৰ সমৰ্থকসকলে ভোটাৰক ভাবুকি দিয়াৰ অভিযোগ উত্থাপিত হৈছে । টাউন বৰদোৱালী বিধানসভা সমষ্টিত নেতাজী সুভাষ বিদ্যানিকেতনৰ ৫৩ নং বুথলৈ যাওঁতে স্থানীয় জয়দীপ পাল আৰু তেওঁৰ পিতৃক দুৰ্বৃত্তই নিৰ্মমভাৱে প্ৰহাৰ কৰাৰো অভিযোগ উঠিছে । ভুক্তভোগী পালে কয়, "ইহঁতবোৰা আমাক ভোট দিবলৈ বাধা প্ৰদান কৰিছিল আৰু আমি ইয়াৰ প্ৰতিবাদ কৰাত আমাক প্ৰহাৰ কৰে ।"

আন এক ঘটনাত ৰিগিং প্ৰতিহত কৰিবলৈ চেষ্টা কৰোতে শুভম দেবনাথ নামৰ এগৰাকী সাংবাদিকক টাউন বৰদোৱালীৰ এটা ভোটকেন্দ্ৰৰ সমীপত দুৰ্বৃত্তই আক্ৰমণ কৰে । আক্ৰমণৰ বলি হোৱা সাংবাদিক শুভম দেবনাথে কয়, "দুৰ্বৃত্তৰ দলটোয়ে ভোটাৰক ভোট দিবলৈ বাধা প্ৰদান কৰিছিল । যেতিয়া মই সেই দৃশ্য় কেমেৰাত বন্দী কৰিবলৈ চেষ্টা কৰিছিলো,মোক লগে লগে প্ৰায় 20-30 জনীয়া এটা দলে আক্ৰমণ কৰে । আনকি তেওঁলোকে মোৰ ফোন, প্ৰেছ কাৰ্ড সকলো কাঢ়ি লৈছিল।" দুৰ্বৃত্তৰ দলটোৱে সাংবাদিকগৰাকীৰ মটৰ চাইকেলখনৰো বিস্তৰ ক্ষতিসাধন কৰে ।

লগতে পঢ়ক:বিধায়ক কিনা-বেচা বন্ধ কৰাৰ দাবীত TMCৰ উত্তাল প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.