নেশ্যনেল ডেস্ক, ২৩ ডিচেম্বৰ: ২৬ ডিচেন্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে জন্মু-কাশ্মীৰত 'পি এম জে এ ওৱাই - চেহত (SEHAT )' স্বাস্থ্য আঁচনিৰ শুভাৰম্ভণি কৰিব । ইয়াৰ দ্বাৰা ৰাজ্যখনৰ সকলো পৰিয়ালে বিনামূলীয়া পাঁচ লাখ টকাৰ স্বাস্থ্য বীমা লাভ কৰিব । টুইটাৰযোগে এই কথা জনায় জন্মু-কাশ্মীৰ চৰকাৰৰ তথ্য আৰু জনসম্পৰ্ক বিভাগে ।
বিভাগটোৱে জনায় যে এই স্বাস্থ্য আঁচনিৰ দ্বাৰা কেন্দ্ৰীয় শাসিত ৰাজ্যখনৰ সামাজিক,স্বাস্থ্য, দূৰচিকিৎসাৰ উন্নতি সাধন হ'ব । লগতে পূৰ্বৱৰ্তী ৰাজ্যৰ বাবে এই আঁচনিয়ে এক "ঐতিহাসিক ক্ষণ"ৰ স্বীকৃতি প্ৰদান কৰিব ।
ৰাজ্যখনৰ লেফটেনেন্ট গৱৰ্ণৰ মনোজ সিন্হাৰ কাৰ্যালয়ৰ তৰফৰ পৰা টুইটযোগে কোৱা হৈছে যে এই আঁচনিৰ জৰিয়তে কেন্দ্ৰীয় শাসিত প্ৰদেশৰ সকলো লোকে বিনামূলীয়া পাঁচ লাখ টকাৰ স্বাস্থ্য বীমা লাভ কৰিব ।
please change thumbnail image
লগতে পঢ়ক: COVID-১৯ৰ দ্বিতীয় পৰ্যায়ৰ সংক্ৰমণঃ লণ্ডনৰ পৰা চেন্নাইলৈ অহা লোক মহামাৰীত আক্ৰান্ত