ETV Bharat / bharat

১৪ জুলাইত কেবিনেট মন্ত্ৰীৰে বৈঠকত মিলিত হ'ব প্ৰধানমন্ত্ৰী মোডী - মন্ত্ৰীসভা সম্প্ৰসাৰণ আৰু ৰদবদল

যোৱা ৭ জুলাইত মন্ত্ৰীসভা সম্প্ৰসাৰণৰ পাছত দ্বিতীয়খন বৈঠক ১৪ জুলাইত অনুষ্ঠিত হ'ব । বৈঠকত সভাপতিত্ব কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । মন্ত্ৰীসভা সম্প্ৰসাৰণৰ পাছত ৮ জুলাইত কেবিনেট মন্ত্ৰীৰে বৈঠকত মিলিত হৈছিল প্ৰধানমন্ত্ৰীগৰাকী ।

PM Narendra Modi is scheduled to chair a meeting with the Council of Ministers on July 14
১৪ জুলাইত অনুষ্ঠিত হ'ব কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠক
author img

By

Published : Jul 10, 2021, 10:40 PM IST

নেশ্যনেল ডেস্ক, ১০ জুলাই: পুনৰ মন্ত্ৰী পৰিষদৰ সৈতে বৈঠকত মিলিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী । এক চৰকাৰী সূত্ৰই এই কথা জানিবলৈ দিছে । ১৪ জুলাইত বৈঠকখন অনুষ্ঠিত হোৱাৰ কথা আছে আৰু বৈঠকত প্ৰধানমন্ত্ৰী মোডীয়ে সভাপতিত্ব কৰিব । যোৱা ৭ জুলাইত মন্ত্ৰীসভা সম্প্ৰসাৰণ আৰু ৰদবদলৰ পাছত এইখন দ্বিতীয়খন বৈঠক হ'ব ।

কেন্দ্ৰীয় কেবিনেটৰ সম্প্ৰসাৰণৰ এদিন পিছতে প্ৰধানমন্ত্ৰী মোডীয়ে বৃহস্পতিবাৰে কেন্দ্ৰীয় মন্ত্ৰীসকলৰ সৈতে এক বৈঠক মিলিত হৈছিল । বৃহস্পতিবাৰে বৈঠকত প্ৰধানমন্ত্ৰীয়ে ক'ভিড-১৯ৰ বিৰুদ্ধে এই যুঁজ শেষ হোৱা বুলি আত্মসন্তুষ্টিৰ লোৱা মন্ত্ৰীসকলক সতৰ্ক কৰি দিয়ে । তেওঁ কয় যে, বিগত কেইদিনমান ধৰি জনবহুল ঠাইত মাস্ক পৰিধান নকৰাকৈ আৰু সামাজিক দূৰত্ব নামানি ঘূৰি ফুৰা লোকৰ ফটো আৰু ভিডিঅ' দেখিবলৈ পোৱা গৈছে । অসাৱধান লোকৰ এনে কাৰ্যই সংক্ৰমণৰ আশংকা বৃদ্ধি কৰিছে ।

পূৰ্বতকৈও অধিক সাৱধনতা অৱলম্বন কৰি ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হোৱাত বাধা দিয়া প্ৰয়োজন বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে বৈঠকত পৰামৰ্শ দিয়ে । উল্লেখ্য যে, যোৱা ৭ জুলাই মুঠ ৪৩ গৰাকী মন্ত্ৰীয়ে শপত গ্ৰহণ কৰিছিল । ইয়াৰ পাছতে দপ্তৰসমূহ বিতৰণ কৰা হয় ।

ইফালে, মন্ত্ৰীসভা সম্প্ৰসাৰণৰ পূৰ্বেই কেইবাগৰাকীও মন্ত্ৰীয়ে পদত্যাগ কৰে । শ্ৰম মন্ত্ৰী সন্তোষ গাংৱাৰ আৰু কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ৰমেশ পোখৰিয়াল নিশাংকে দায়িত্ব এৰিছিল । সমান্তৰালকৈ পদত্যাগ পত্ৰ দাখিল কৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ড০ হৰ্ষ বৰ্ধনে । স্বাস্থ্য মন্ত্ৰীগৰাকীৰ পদত্যাগৰ কাৰণ ক'ভিডৰ দ্বিতীয় ঢৌৰ বাবে সৃষ্টি হোৱা পৰিস্থিতি নিয়ন্ত্ৰণত ব্যৰ্থ হোৱা বুলিয়েই বহুতে ক'ব খোজে ।

আন এক দিশৰ পৰা চাবলৈ গ'লে এইবাৰ শিক্ষাগত অৰ্হতা থকা কেইবাগৰাকীও নেতাক মন্ত্ৰীসভাত স্থান দিয়া হৈছে । উচ্চ শিক্ষিত মুঠ ৩৬ গৰাকী নেতাই মন্ত্ৰিত্ব লাভ কৰিছে । এই মন্ত্ৰীকেইজনৰ ভিতৰত আছে দুগৰাকী প্ৰাক্তন আই এ এছ বিষয়া, ৮ জন উকীল, ৪ জন চিকিৎসক, ৪ জন এম বি এ(MBA) ডিগ্ৰীধাৰী আৰু কেইবাগৰাকীও অভিযন্তা ।

লগতে পঢ়ক:এতিয়াৰে পৰা আকাশমাৰ্গেৰে উপভোগ কৰিব পাৰিব ভূ-স্বৰ্গৰ সৌন্দৰ্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.