ETV Bharat / bharat

PM Modi in Rajasthan : নিৰ্বাচনমুখী ৰাজস্থানত ৫,৯০০ কোটি টকাৰ নতুন প্ৰকল্পৰ শুভাৰম্ভ

author img

By ETV Bharat Assamese Team

Published : Oct 5, 2023, 2:49 PM IST

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজস্থানৰ যোধপুৰত ৫,৯০০ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে । চৰকাৰ ৰাজস্থানৰ সকলো দিশৰ উন্নয়নত চৰকাৰৰ প্ৰতিশ্ৰুতিৰ কথা উল্লেখ কৰে ।

PM Modi in Rajasthan
নিৰ্বাচনমুখী ৰাজস্থানত ৫,৯০০ কোটি টকাৰ নতুন প্ৰকল্পৰ শুভাৰম্ভ

নেশ্যনেল ডেস্ক, ৫ অক্টোবৰ : দুদিনীয়া ভ্ৰমণসূচীৰে নিৰ্বাচনমুখী ৰাজস্থানত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । তেওঁ যোধপুৰত ৫,৯০০ কোটি টকাৰ ১৮ টা উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰে আৰু আধাৰশিলা স্থাপন কৰে । ইয়াৰ লগতে প্ৰধানমন্ত্ৰীগৰাকীয়ে ঐতিহাসিক ৰে'লৰো ফ্লেগ অফ কৰে । অনুষ্ঠানত উপস্থিত থাকি তেওঁ জনসাধাৰণক উদ্দেশ্যি কয় যে ভাৰত চৰকাৰে ৰাজস্থানৰ সকলো দিশত দ্ৰুত গতিত উন্নয়নৰ কাম কৰি আছে । তেওঁ লগতে কয় যে ৰাজস্থানৰ উন্নয়ন হ'লেহে ভাৰতৰ উন্নয়ন হ'ব । তেওঁৰ মতে সকলোৱে একেলগে ৰাজস্থানৰ উন্নয়ন কৰিব লাগিব ।

  • Launching projects aimed at augmenting health infra, boosting connectivity and supporting education sector in Rajasthan. https://t.co/wN5zHIs0y9

    — Narendra Modi (@narendramodi) October 5, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে সকলোৱে কৰা প্ৰচেষ্টাৰ ফলাফল দেখি আছে আৰু অনুভৱ কৰি আছে । ৰাজস্থানৰ ৰে'ল নেটৱৰ্ক উন্নত কৰাৰ দিশত কৰা কামৰ তালিকা প্ৰকাশ কৰি তেওঁ কয় যে এই বছৰ ৰে'লৱেৰ উন্নয়নৰ বাবে বাজেটত ৯৫০০ কোটি টকা দিয়া হৈছে । এই বাজেট পূৰ্বৰ চৰকাৰৰ বাৰ্ষিক গড় বাজেটতকৈ ১৪ গুণ বেছি বুলি তেওঁ দাবী কৰে । প্ৰধানমন্ত্ৰী মোদীয়ে লগতে এয়া কোনো ৰাজনৈতিক বিবৃতি নহয় বুলি দাবী কৰে ।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ২০১৪ চনলৈকে ৰাজস্থানত ৬০০ কিলোমিটাৰ ৰে'লপথত বৈদ্যুতিকৰণ কৰা হৈছিল আনহাতে যোৱা বছৰবোৰত ৩৭০০ কিলোমিটাৰৰো অধিক ৰে'লপথত বিদ্যুৎ সংযোগ কৰা হৈছে । একে সময়তে, অমৃত ভাৰত ৰে'ল ষ্টেচনৰ অধীনত ৰাজস্থানৰ ৮০টাতকৈও অধিক ৰে'ল ষ্টেচন নিৰ্মাণ কৰা হৈছে । দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ লোকসকল য'লৈকে যায়, তেওঁ সেই ৰে'ল ষ্টেচনসমূহ উন্নত কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে ।

যোধপুৰৰ ৰে'ল ষ্টেচনটোও এই আঁচনিত অন্তৰ্ভুক্ত কৰা হৈছে বুলি তেওঁ দাবী কৰে । তেওঁ কয় যে ৰে'লপথ দুগুণ বৃদ্ধি কৰিলে ভ্ৰমণৰ সময় হ্ৰাস পাব । তেওঁ কয় যে কেইদিনমান পূৰ্বে বন্দে ভাৰত ৰে'লখন ফ্লেগ অফ কৰা হৈছিল । এই সকলোবোৰ উন্নয়নমূলক কামে স্থানীয় অৰ্থনীতিক উৎসাহিত কৰিব আৰু নতুন নিযুক্তিৰ সুযোগ বৃদ্ধি কৰিব বুলি তেওঁ দাবী কৰে । অনুষ্ঠানত ৰাজ্যপাল কালৰাজ মিশ্ৰ, বিজেপিৰ ৰাজ্যিক সভাপতি চি পি যোশী, কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱত, কেন্দ্ৰীয় মন্ত্ৰী কৈলাশ চৌধুৰীও উপস্থিত থাকে ।

ৰাইজক সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে চিকিৎসা আৰু অভিযান্ত্ৰিক ক্ষেত্ৰত ৰাজস্থানৰ এক পৃথক পৰিচয় আছে । কোটাৰ পৰা বহু চিকিৎসক হৈ ওলাই গৈছে । তেওঁ কয় যে জৰুৰীকালীন আৰু সংকটজনক সেৱাৰ বাবে চিকিৎসালয় নিৰ্মাণ কৰা হৈছে । এইমছ যোধপুৰ আৰু আইআইটি যোধপুৰ প্ৰতিষ্ঠানসমূহ দেশৰ প্ৰধান প্ৰতিষ্ঠান হৈ পৰিছে বুলি তেওঁ দাবী কৰে ।

লগতে পঢ়ক :Sanjay Singh arrest : আপলৈ ইমান ভয় কিয় বিজেপিৰ; অৰবিন্দ কেজৰিৱাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.