নেশ্য়নেল ডেস্ক, ২৩ এপ্ৰিল: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে হা ২৪ এপ্ৰিলত দুদিনীয়া ভ্ৰমণসূচীৰে কেৰালাত উপস্থিত হোৱাৰ পূৰ্বেই প্ৰধানমন্ত্ৰীগৰাকীক মৃত্যুৰ ভাবুকি দিয়াত এই ভ্ৰমণক লৈ চৰ্চা হৈছে (PM visit to Kerala)। ইয়াৰ মাজতেই বিজেপি নেতা তথা ৰাষ্ট্ৰীয় কাৰ্যবাহী সদস্য পিকে কৃষ্ণ দাসে শনিবাৰে প্ৰধানমন্ত্ৰীগৰাকীৰ ভ্ৰমণ বাতিল কৰা নহয় বুলি স্পষ্ট কৰি দিছে (BJP National Executive Member P K Krishna das)।
তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ কেৰালা ভ্ৰমণত ৰাজ্যখনৰ কিছুমান গোটে বাধা প্ৰদান কৰিবলৈ চেষ্টা কৰিছে । সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি তেওঁ কয়, "প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ চোৰাংচোৱা প্ৰতিবেদন উদ্বেগজনক হৈ পৰিছে, কিন্তু তেওঁৰ ভ্ৰমণ বাতিল কৰা নহ'ব (Death threat letter against PM Modi)। ৰাজ্য চৰকাৰে তেওঁলোকৰ পৰা এই বিষয়ে অনুসন্ধান কৰা উচিত ।" বিজেপি নেতাগৰাকীয়ে নিৰাপত্তা উলংঘন আৰু প্ৰধানমন্ত্ৰীক তেওঁৰ আগন্তুক ভ্ৰমণৰ সময়ত হত্যা কৰাৰ ভাবুকি পত্ৰৰ পৰিপ্ৰেক্ষিতত কেৰালা চৰকাৰক তীব্ৰ সমালোচনা কৰে । তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোডীৰ আগমনৰ সময়ত কিছুমান লোকৰ লগতে কিছু ধৰ্মীয় গোট আৰু সন্ত্ৰাসবাদী সংগঠনে ভাবুকি দিয়াটো স্বাভাৱিক কথা ।
প্ৰধানমন্ত্ৰীৰ কেৰালা ভ্ৰমণে ৰাজ্যখনত কিছু ৰাজনৈতিক পৰিৱৰ্তন আনিব বুলি আশা কৰা হৈছে । ইয়াত তেওঁৰ ৰাজহুৱা সভা আৰু বাৰ্তালাপে স্থানীয় যুৱক-যুৱতীসকলৰ মাজত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব পাৰে বুলি কৃষ্ণ দাসে কয় । ইয়াৰ সৰ্বশ্ৰেষ্ঠ উদাহৰণটো হ'ল যে পূৰ্বৰ পৰিৱৰ্তে এলডিএফ (Left Democratic Front) আৰু কংগ্ৰেছ দুয়োটা দলেই যুৱসকলক সংগঠিত কৰিবলৈ একে ধৰণৰ অনুষ্ঠান পৰিচালনা কৰিবলৈ চেষ্টা কৰি আছে বুলি মন্তব্য় কৰি কয় যে ইয়াৰ অৰ্থ হৈছে বিজেপি আৰু এন ডি এয়ে ইয়াত প্ৰভাৱ পেলাইছে (LDF and Congress in Kerala ) ।
কেৰালা বিজেপিৰ নেতাগৰাকীয়ে ভৱিষ্যতবাণী কৰি কয় যে ত্ৰিপুৰাৰ পিচত কেৰালাত একে ধৰণৰ ৰাজনৈতিক ঢৌ আহিব (PM Kerala visit will not be cancelled )। প্ৰধানমন্ত্ৰীৰ কেৰালা ভ্ৰমণৰ বাবে কৰা নিৰাপত্তা পৰিকল্পনা বাতিল হোৱাৰ বাতৰিৰ মাজতে তেওঁ এইদৰে মন্তব্য কৰে । এই বিষয়ে নিশ্চিত হোৱাৰ পিচত কেৰালা আৰক্ষীয়ে প্ৰধানমন্ত্ৰী মোডীৰ ভ্ৰমণৰ বাবে এক নতুন নিৰাপত্তা ৰণনীতি প্ৰস্তুত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । ইপিনে, অতি গোপনীয় প্ৰথম সুৰক্ষা ৰণনীতি ফাদিল হোৱাৰ তদন্ত আৰম্ভ কৰা হৈছে ।
লগতে পঢ়ক:Death threat letter to PM: প্ৰধানমন্ত্ৰীক মৃত্যুৰ ভাবুকি পত্ৰ ; কেৰালাত হাহাকাৰ