ETV Bharat / bharat

প্ৰধানমন্ত্ৰী মোডীৰ উন্নয়নৰ বাহনখন পিছুৱাইছে: ৰাহুল গান্ধী - বাণিজ্যিক এলপিজি চিলিণ্ডাৰ

চিলিণ্ডাৰৰ বৰ্ধিত মূল্যক লৈ ৰাহুল গান্ধীৰ বিশেষ টুইট । মোডী চৰকাৰক সমালোচনা ৰাহুল গান্ধীৰ ।

price hike
প্ৰধানমন্ত্ৰী মোডীৰ উন্নয়নৰ বাহনখন পিছুৱাইছে
author img

By

Published : Nov 6, 2021, 5:40 PM IST

নেশ্যনেল ডেস্ক,৬ নৱেম্বৰ : দেশত সম্প্ৰতি মূল্যবৃদ্ধিক (Price hike) লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । পেট্ৰ'ল-ডিজেলৰ পৰা আৰম্ভ কৰি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে সমস্যাত পেলাইছে সৰ্বসাধাৰণ ৰাইজক । পৰিৱৰ্তনৰ শ্ল'গান দি দ্বিতীয়বাৰৰ বাবে শাসনলৈ অহা বিজেপি চৰকাৰ (BJP Government) সম্পূৰ্ণ ব্যৰ্থ মূল্যবৃদ্ধি নিয়ন্ত্ৰণত । যাৰ বাবে বিৰোধীৰ তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে মোডী চৰকাৰ ।

মূল্যবৃদ্ধিক লৈ পুনৰ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে (Rahul Gandhi) সমালোচনা কৰিলে মোডী চৰকাৰক । কংগ্ৰেছ নেতাগৰাকীৰ মতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ (Narendra Modi) উন্নয়নৰ বাহনখন পিছুৱাই গৈছে । চিলিণ্ডাৰৰ বৰ্ধিত মূল্যক লৈ কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰি নেতাগৰাকীয়ে টুইট কৰি কয় যে মোডী চৰকাৰ উন্নয়নৰ পৰা বহু দূৰত আছে ।

  • विकास के जुमलों से कोसों दूर,
    लाखों परिवार चूल्हा फूंकने पर मजबूर।

    मोदी जी के विकास की गाड़ी रिवर्स गियर में है और ब्रेक भी फ़ेल हैं।#PriceHike pic.twitter.com/IwEUBUe0un

    — Rahul Gandhi (@RahulGandhi) November 6, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

যাৰ বাবে লাখ লাখ পৰিয়ালে কাঠৰ ষ্টোভ জ্বলাবলৈ বাধ্য হৈছে । প্ৰধানমন্ত্ৰী মোডীৰ উন্নয়নৰ বাহনখন কেৱল পিছুৱাই যোৱাই নহয় ব্ৰেক মাৰিবলৈও অসক্ষম হৈছে বুলি ৰাহুল গান্ধীয়ে সমালোচনা কৰে ।

উল্লেখ্য যে পেট্ৰ'লিয়াম কোম্পানীবোৰে ৬ অক্টোবৰত ঘৰুৱা তৰলীকৃত পেট্ৰ'লিয়াম গেছ (LPG) চিলিণ্ডাৰৰ মূল্য ১৫ টকা আৰু ১ নৱেম্বৰত বাণিজ্যিক এলপিজি চিলিণ্ডাৰৰ (commercial LPG cylinders) মূল্য ২৬৬ টকা বৃদ্ধি কৰে । এই বৃদ্ধিৰ পাছত, দিল্লীত ৰাজ সাহায্য বিহীন (non-subsidised) ১৪.২ কিলোগ্ৰামৰ ঘৰুৱা চিলিণ্ডাৰৰ মূল্য ৮৯৯.৫০ টকা আৰু ৫ কিলোগ্ৰামৰ ঘৰুৱা চিলিণ্ডাৰৰ মূল্য হৈছে ৫০২ টকা । ৰাষ্ট্ৰীয় ৰাজধানীত ১৯ কিলোগ্ৰামৰ বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য বৰ্তমান ২,০০০ টকা ।

লগতে পঢ়ক :শীতকালৰ বাবে বন্ধ হ'ল কেদাৰনাথ ধামৰ দুৱাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.