ETV Bharat / bharat

আহমেদাবাদৰ Zydus Biotech Park ত উপস্থিত প্ৰধানমন্ত্ৰী মোডী

author img

By

Published : Nov 28, 2020, 2:26 PM IST

আহমেদাবাদত উপস্থিত প্ৰধানমন্ত্ৰী মোডী ৷ ক'ভিড-19 প্ৰতিষেধকৰ বিকাশ আৰু নিৰ্মান প্ৰক্ৰিয়াৰ ব্যক্তিগত সমীক্ষা কৰাৰ উদ্দেশ্যে আহমেদাবাদৰ Zydus Biotech Park ত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷

আহমেদাবাদৰ Zydus Biotech Park ত উপস্থিত প্ৰধানমন্ত্ৰী মোডী
আহমেদাবাদৰ Zydus Biotech Park ত উপস্থিত প্ৰধানমন্ত্ৰী মোডী

নতুন দিল্লী, 28 নৱেম্বৰ: ক'ভিড-19 প্ৰতিষেধকৰ বিকাশ আৰু নিৰ্মান প্ৰক্ৰিয়াৰ ব্যক্তিগত সমীক্ষা কৰাৰ উদ্দেশ্যে শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে তিনিখনকৈ চহৰ ভ্ৰমণ কৰাৰ কাৰ্যসূচী হাতত লয় ৷ সেই উপলক্ষে শনিবাৰে প্ৰথমে আহমেদাবাদৰ Zydus Biotech Park ত উপস্থিত হৈ প্ৰধানমন্ত্ৰী গৰাকীয়ে ক'ভিড-19 ৰ প্ৰতিষেধকৰ কাম সন্দৰ্ভত সংশ্লিষ্ট লোক সকলৰ সৈতে আলোচনাত মিলিত হোৱাৰ লগতে সমগ্ৰ প্ৰক্ৰিয়া পৰিদৰ্শন কৰে ৷

প্ৰতিষেধক প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্যে আলোচনাত মিলিত মোডী

প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা জনোৱা মতে মোডীয়ে আহমেদাবাদৰ Zydus Biotech Park , হাইদৰাবাদৰ Bharat Biotech আৰু পুনেৰ Serum Institute of India লৈ গৈ প্ৰতিষেধকৰ বিকাশ আৰু নিৰ্মান প্ৰক্ৰিয়া সম্পৰ্কে বুজ লোৱাৰ বাবে এই কাৰ্যসূচী গ্ৰহণ কৰিছে ৷

প্ৰধানমন্ত্ৰী কাৰ্যালয়ে কয় যে ভাৰতে যিহেতু ক'ভিড-19 ৰ বিৰুদ্ধে হোৱা যুঁজখনত এক নিৰ্ণায়ক পৰ্যায়ত উপনীত হৈছে, সেয়ে প্ৰধানমন্ত্ৰী গৰাকীৰ এই সমীক্ষাই দেশবাসীক টীকাকৰণ কৰাৰ ভাৰতৰ লক্ষ্যক এক নতুন গতি প্ৰদান কৰিব ৷

আশা কৰা হৈছে যে এই বিশেষ ঠাই কেইখনৰ সা-সুবিধা সমূহ প্ৰধানমন্ত্ৰী গৰাকীয়ে নিজে গৈ প্ৰত্যক্ষ কৰাৰ পাছত বৈজ্ঞানিক সকলৰ সৈতে কৰা আলোচনাই তেখেতক ক'ভিড প্ৰতিষেধকৰ প্ৰস্তুতি প্ৰক্ৰিয়া , প্ৰত্যাহ্বান আৰু ৰোডমেপ সম্পৰ্কে এক প্ৰাথমিক ধাৰণা লাভ কৰাত সহায় কৰিব ৷

প্ৰধানমন্ত্ৰী গৰাকীক আদৰণি জনাই গুজৰাটৰ মুখ্যমন্ত্ৰী গৰাকীয়ে টুইটযোগে এইবুলি কয় যে সমগ্ৰ দেশেই সফলভাৱে ক'ভিড প্ৰতিষেধক তৈয়াৰী প্ৰক্ৰিয়াত দৃষ্টি নিৱদ্ধ কৰি ৰাখিছে আৰু লক্ষ্য লক্ষ্য ভাৰতীয়ই আশাৰে সৈতে ইয়াৰ বাবে অপেক্ষা কৰি আছে ৷

লগতে পঢ়ক: তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনঃ মনোনয়ন দাখিলৰ আজি অন্তিম দিন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.