ETV Bharat / bharat

PM Modi US visit : প্ৰধানমন্ত্ৰী মোদীয়ে সাক্ষাৎ কৰিব টেছলাৰ মুৰব্বীক - PM Modi to meet Tesla CEO

মঙলবাৰে নিশা আমেৰিকাত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । এই সময়ছোৱাত তেওঁ টেছলাৰ মুৰব্বী এলন মাস্কক সাক্ষাৎ কৰিব । আমেৰিকাৰ কেইবাটাও শীৰ্ষ কোম্পানীৰ উচ্চ পদস্থ বিষয়াসকলক তেওঁ সাক্ষাৎ কৰিব ।

PM Modi US visit
প্ৰধানমন্ত্ৰী মোদীয়ে সাক্ষাৎ কৰিব টেছলাৰ মুৰব্বীক
author img

By

Published : Jun 20, 2023, 3:22 PM IST

নেশ্যনেল ডেস্ক, ২০ জুন : মঙলবাৰে পুৱাই আমেৰিকালৈ ৰাওনা হৈছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । এই ভ্ৰমণকালত টেছলাৰ মুৰব্বী এলন মাস্কক সাক্ষাৎ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে । মাস্কৰ উপৰিও আমেৰিকাৰ ২০ টা শীৰ্ষ কোম্পানীৰ ব্যৱসায়িক নেতাসকলক সাক্ষাৎ কৰিব বুলি আশা কৰা হৈছে । তেওঁ নবেল বঁটা বিজয়ী, অৰ্থনীতিবিদ, শিল্পী, বিজ্ঞানী, পণ্ডিত, উদ্যোগী, শিক্ষাবিদ, স্বাস্থ্য খণ্ডৰ বিশেষজ্ঞসহ প্ৰায় ২৪ গৰাকী লোকক সাক্ষাৎ কৰিব ।

তেওঁলোকৰ ভিতৰত টেছলাৰ মুৰব্বী এলন মাস্ক, জ্যোতিৰ্বিজ্ঞানী নীল ডিগ্ৰাছ টাইচন, গ্ৰেমী বঁটা বিজয়ী ভাৰতীয়-আমেৰিকান গায়ক ফালু (ফাল্গুনি শ্বাহ), পল ৰোমৰ, নিকোলাছ নাছিম তালেব, ৰে ডেলিঅ, জেফ স্মিথ, মাইকেল ফ্ৰোমেন, ডেনিয়েল ৰাছেল, এলব্ৰিজ কলবি । সূত্ৰৰ মতে সেই লোকসকলৰ ভিতৰত ড০ পিটাৰ আগ্ৰে, ড০ ষ্টিফেন ক্লাস্কো আৰু চন্দ্ৰিকা টণ্ডনৰ নামও অন্তৰ্ভুক্ত হৈছে ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মঙলবাৰে নিশা আমেৰিকাত উপস্থিত হ'ব । এই ভ্ৰমণৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে তেওঁৰ ভ্ৰমণে আমেৰিকাৰ সৈতে সম্পৰ্ক অধিক শক্তিশালী কৰিব । সমগ্ৰ বিশ্ব ভূ-ৰাজনৈতিক অনিশ্চয়তাৰ সন্মুখীন হোৱাৰ সময়তে প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণ অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে । প্ৰধানমন্ত্ৰীগৰাকীয়ে ১,৫০০ তকৈও অধিক প্ৰবাসী আৰু ব্যৱসায়িক নেতাৰ সমাৱেশত ভাষণ প্ৰদান কৰিব ।

এই ভ্ৰমণকালত এক সম্ভাৱ্য জেট ইঞ্জিন নিৰ্মাণ চুক্তি হ'ব । যি ভাৰতীয় আকাশ সীমাত এক গেম চেঞ্জাৰ হিচাপে প্ৰমাণিত হ'ব পাৰে । হিন্দুস্তান এৰ'নটিক্সৰ (এইচএএল) সৈতে বহু মিলিয়ন ডলাৰৰ চুক্তিত জেনেৰেল ইলেক্ট্ৰিক ভাৰতত জিই-এফ৪১৪ জেট ইঞ্জিন প্ৰস্তুত কৰিব পাৰে । সূত্ৰৰ মতে হোৱাইট হাউচত ৰাষ্ট্ৰপতি বিডেনৰ সৈতে দ্বিপাক্ষিক আলোচনাৰ সময়ত প্ৰধানমন্ত্ৰীয়ে আমেৰিকাৰ সৈতে ভাৰতৰ বাণিজ্যিক সম্পৰ্ক সন্দৰ্ভতো আলোচনা কৰিব বুলি আশা কৰা হৈছে ।

অৱশ্যে, আলোচনাৰ এটা মুখ্য বিষয় হ'ব পাৰে ভিছা অপেক্ষাৰ সময়ৰ সমস্যা । কিয়নো ভাৰতীয়সকলে এই প্ৰক্ৰিয়াটোৰ বাবে ৬০০ দিনলৈকে অপেক্ষা কৰিবলগীয়া হৈছে । ইয়াৰ উপৰিও, আমেৰিকাই ভাৰত-প্ৰশান্ত মহাসাগৰীয় সমৃদ্ধিৰ বাবে অৰ্থনৈতিক পৰিকাঠামোৰ অধীনত বাণিজ্যিক ক্ষেত্ৰত যোগদান কৰিবলৈ ভাৰতক ক'ব বুলি আশা কৰা হৈছে । প্ৰধানমন্ত্ৰী মোদীয়ে ২২ জুনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ কংগ্ৰেছৰ এখন যুটীয়া বৈঠকত ভাষণ দিয়াৰ কথা আছে ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই ভ্ৰমণক ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ সম্পৰ্ক সলনি কৰাৰ এক সুযোগ হিচাপে গণ্য কৰা হৈছে । অৱশ্যে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ভাৰতৰ মাজত কেইবাটাও ক্ষেত্ৰত সম্পৰ্ক আছে ।

লগতে পঢ়ক :Modi US visit: ৰাছিয়াৰ তেল আৰু মানৱ অধিকাৰ বিষয় অন্তৰ্ভুক্ত হ'ব মোডী-বাইডেনৰ আলোচনাত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.