ETV Bharat / bharat

’PM Vishwakarma’ scheme : আজি প্ৰধানমন্ত্ৰী মোদীয়ে মুকলি কৰিব ‘পি এম বিশ্বকৰ্মা’ আঁচনি - মোদীয়ে মুকলি কৰিব ‘পি এম বিশ্বকৰ্মা’ আঁচনি

'বিশ্বকৰ্মা জয়ন্তী’ৰ স্মৃতিত দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিব ‘পি এম বিশ্বকৰ্মা’ আঁচনি ৷ দেওবাৰে পুৱা প্ৰায় 11 বজাত নতুন দিল্লীৰ দ্বাৰকাৰ ইণ্ডিয়া ইণ্টাৰনেশ্যনেল কনভেনচন এণ্ড এক্সপ’ চেণ্টাৰত অনুষ্ঠিত হ’ব এই মুকলি অনুষ্ঠান । আঁচনিৰ আওতাত সাঙুৰি লোৱা হৈছে 18 বিধ শিল্প কলাৰ সৈতে জড়িত শিল্পীক ৷

’PM Vishwakarma’ scheme
দেওবাৰে দেশত মুকলি হ’ব ‘পি এম বিশ্বকৰ্মা’ আঁচনি
author img

By ANI

Published : Sep 17, 2023, 10:06 AM IST

নেশ্যনেল ডেস্ক, 17 ছেপ্টেম্বৰ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে মুকলি কৰিব ‘পি এম বিশ্বকৰ্মা’ আঁচনি ৷ 'বিশ্বকৰ্মা জয়ন্তী’ৰ স্মৃতিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰম্পৰাগত শিল্পীসকলৰ সুবিধাৰ্থে মুকলি কৰিব এই আঁচনিখন ৷ প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ প্ৰেছ বিজ্ঞপ্তি অনুসৰি দেওবাৰে পুৱা প্ৰায় 11 বজাত নতুন দিল্লীৰ দ্বাৰকাৰ ইণ্ডিয়া ইণ্টাৰনেশ্যনেল কনভেনচন এণ্ড এক্সপ’ চেণ্টাৰত অনুষ্ঠিত হ’ব এই মুকলি অনুষ্ঠান ।

"পি এম বিশ্বকৰ্মা" আঁচনিখনে পৰম্পৰাগত শিল্পকৰ্মত নিয়োজিত ব্যক্তিসকলক সহায় আৰু উন্নীতকৰণৰ বাবে মোদীৰ অটল দায়ৱদ্ধতাক প্ৰতিফলিত কৰে বুলিও কয় । 77 সংখ্যক স্বাধীনতা দিৱসত লালকিল্লাৰ প্ৰাচীৰৰ পৰা দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে ঘোষণা কৰিছিল যে অতি সোনকালে চৰকাৰে পৰম্পৰাগত কাৰুকাৰ্যত দক্ষ ব্যক্তিৰ বাবে এক আঁচনি আৰম্ভ কৰিব ।

এই আঁচনিৰ লক্ষ্য হৈছে যুগ যুগ ধৰি চলি অহা পৰম্পৰা, সংস্কৃতি আৰু স্থানীয় সামগ্ৰী, শিল্প আৰু শিল্পকৰ্মত সন্নিৱিষ্ট চহকী ঐতিহ্য সংৰক্ষণ কৰা বুলি বিবৃতিটোত প্ৰকাশ । "পি এম বিশ্বকৰ্মা" আঁচনিয়ে কেন্দ্ৰীয় চৰকাৰৰ পৰা লাভ কৰিব 13000 কোটি টকাৰ আকৰ্ষণীয় আৱণ্টন ।

এই আঁচনিখনে বায়’মেট্ৰিক ভিত্তিক ‘পি এম বিশ্বকৰ্মা’ পৰ্টেল ব্যৱহাৰ কৰি কমন চাৰ্ভিচেছ চেণ্টাৰৰ জৰিয়তে সৃজনীশীল চিন্তাৰে সঁজুলি ব্যৱহাৰ কৰি সৃষ্টি কৰা ‘বিশ্বকৰ্মা’সকলক বিনামূলীয়াকৈ পঞ্জীয়ন কৰিব । এই শিল্পীসকলে পি এম বিশ্বকৰ্মাৰ প্ৰমাণ পত্ৰ আৰু আইডি কাৰ্ডৰ ৰূপত স্বীকৃতি লাভ কৰিব বুলি প্ৰেছ বিজ্ঞপ্তিটোত উল্লেখ আছে ।

এই আঁচনিৰ প্ৰধান উদ্দেশ্য হৈছে শিল্পীসকলে নিৰ্মাণ কৰা সামগ্ৰী আৰু সেৱাসমূহৰ মানদণ্ড আৰু প্ৰসাৰতা বৃদ্ধি কৰা । এই ব্যাপক আঁচনিখনে সমগ্ৰ ভাৰতৰ গ্ৰাম্য আৰু চহৰাঞ্চলৰ শিল্পীসকলক উপকৃত কৰিব । এই আঁচনিৰ আওতাত সাঙুৰি লোৱা হৈছে কাঠমিস্ত্ৰী, নাও নিৰ্মাতা, কৱচ নিৰ্মাতা, কমাৰ, হাতুৰী আৰু সঁজুলি নিৰ্মাতা, তলা মিস্ত্ৰী, সোণাৰী, মৃৎশিল্পী, ভাস্কৰ্য শিল্পী, শিলাকুটিৰ, মুচী, ৰাজমিস্ত্ৰীকে ধৰি 18 বিধ শিল্প কলাৰ সৈতে জড়িত শিল্পীক ৷

লগতে পঢ়ক: Assam CM slams Congress: কংগ্ৰেছে যেন পূৰ্বোত্তৰ ভাৰত চীনক দি দিলে ! ৰাহুলৰ মেপ দেখি হিমন্ত বিশ্ব শৰ্মাৰ অনুভৱ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.