নেশ্যনেল ডেস্ক,২৩ জানুৱাৰী : ব্যতিক্ৰমী সফলতা দেখুৱাবলৈ সক্ষম হোৱা শিশুসকলক প্ৰতি বছৰে ভাৰত চৰকাৰে প্ৰদান কৰি আহিছে 'প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ '। উদ্ভাৱন, সমাজ সেৱা, স্কলাষ্টিক, ক্ৰীড়া, কলা আৰু সংস্কৃতি লগতে সাহসিকতাৰ জৰিয়তে বিশেষ কৃতিত্ব দেখুৱাবলৈ সক্ষম হোৱা ৫ বছৰৰ পৰা ১৮ বছৰৰ ভিতৰৰ শিশুসকলক প্ৰদান কৰা হয় এই বঁটা । প্ৰতি বছৰে গণৰাজ্য দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰে বঁটা প্ৰাপকসকলে । কিন্তু এইবাৰ ক'ভিড পৰিস্থিতিৰ বাবে বিশেষ কাৰ্যসূচী আয়োজন কৰা নহ'ব । সেয়েহে এইবাৰ প্ৰথমবাৰলৈ ডিজিটেল প্ৰমাণপত্ৰ প্ৰদান কৰা হ'ব বঁটা প্ৰাপকসকলক । সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে 'ব্লকচেইন প্ৰযুক্তি'ৰ জৰিয়তে প্ৰথমবাৰলৈ ২০২১-২২ বৰ্ষৰ বঁটা প্ৰাপকসকলক প্ৰমাণপত্ৰ প্ৰদান কৰিব ।
ইতিমধ্যে ৰাষ্ট্ৰপতি ভৱনত ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে এই বঁটা প্ৰদান কৰিছে । প্ৰতিবছৰে প্ৰধানমন্ত্ৰীয়ে বঁটা প্ৰাপকসকলৰ সৈতে বাৰ্তালাপ কৰে । সোমবাৰে প্ৰধানমন্ত্ৰী মোডীয়েও এই বঁটা প্ৰাপকসকলৰ সৈতে বাৰ্তালাপ কৰিব (PM Modi to interact with PMRBP awardees)।
জানিব পৰা মতে ২৪ জানুৱাৰীত ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস উপলক্ষে আৰু 'আজাদী কা অমৃত মহোৎসৱ'ৰ অংশ হিচাপে প্ৰধানমন্ত্ৰী মোডীয়ে ২০২২ বৰ্ষৰ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ বঁটা প্ৰাপকসকলৰ সৈতে ভাৰ্চুৱেলী বাৰ্তালাপ কৰিব । শিশুসকলে তেওঁলোকৰ অভিভাৱক আৰু নিজ নিজ জিলাৰ সংশ্লিষ্ট জিলা দণ্ডাধীশৰ সৈতে জিলা সদৰৰ পৰা অনুষ্ঠানটোত যোগদান কৰিব ।
উল্লেখ্য যে, এইবছৰ 'প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ'ৰ বাবে দেশৰ ভিন্ন প্ৰান্তৰ পৰা ২৯ গৰাকী শিশুক বাছনি কৰা হৈছে । প্ৰতিগৰাকী বঁটা প্ৰাপকক এটা পদক, এক লাখ টকাৰ নগদ পুৰস্কাৰ আৰু প্ৰমাণপত্ৰ প্ৰদান কৰা হ’ব । প্ৰাপ্ত ধনৰাশি বঁটা প্ৰাপকৰ নিৰ্দিষ্ট বেংক একাউণ্টলৈ স্থানান্তৰ কৰা হ’ব ।
লগতে পঢ়ক :125th birth anniversary of Netaji : স্বাধীনতা সংগ্ৰামী নেতাজীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন প্ৰধানমন্ত্ৰীৰ