নেশ্যনেল ডেস্ক, 28 ফেব্ৰুৱাৰী : সোমবাৰে ইউক্ৰেইনৰ সংকট সন্দৰ্ভত অনুষ্ঠিত হ’ব এখন উচ্চ পৰ্যায়ৰ বৈঠক ৷ এই বৈঠকত অধ্যক্ষতা কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে (PM Modi to chair a high level meeting on Ukraine today) ৷ বিষয় সন্দৰ্ভত একাংশ মন্ত্ৰীয়ে আলোচনা কৰাৰ অৰ্থে চুবুৰীয়া দেশসমূহলৈ ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে ৷
ভাৰত চৰকাৰে ইতিমধ্যে 'অপাৰেচন গংগা' শীৰ্ষক এক আঁচনিৰ অধীনত ইউক্ৰেইনত আৱদ্ধ ভাৰতীয় নাগৰিকসকলক দেশলৈ ঘূৰাই অনাৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷
লগতে চাওক: Russia Ukraine Conflict : ইউক্ৰেইন এৰিবলৈ অস্বীকাৰ হাৰিয়ানাৰ নেহাৰ
ইউক্ৰেইনত আৱদ্ধ হৈ থকা ২৪৯ গৰাকী ভাৰতীয় নাগৰিকক কঢ়িয়াই পঞ্চমখন বিমানে সোমবাৰে পুৱা নতুন দিল্লীত অৱতৰণ কৰে । 'অপাৰেচন গংগা'ৰ অধীনত বিমানখনে সোমবাৰে পুৱতি নিশা ৰোমানিয়াৰ বুডাপেষ্টৰ পৰা উৰা মাৰিছিল ।
ইয়াৰ পূৰ্বে শনিবাৰে প্ৰধানমন্ত্ৰী মোডীয়ে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ্লোডিমিৰ জেলেনস্কিৰ সৈতে বাৰ্তালাপ কৰি ইউক্ৰেইনত চলি থকা সংঘাতপূৰ্ণ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত শান্তি প্ৰতিষ্ঠাৰ দিশত যিকোনো প্ৰকাৰৰ অৱদান আগবঢ়োৱাৰ ইচ্ছা ব্যক্ত কৰিছিল । ৰাছিয়াৰ সামৰিক অভিযানৰ ফলত ইউক্ৰেইনত চলি থকা সংঘাতৰ বিষয়ে ৰাষ্ট্ৰপতি জেলেনস্কিয়ে ভাৰতৰ প্ৰধানমন্ত্ৰীক বিতংভাৱে অৱগত কৰে ।
লগতে চাওক: স্বদেশ ৰক্ষাৰ বাবে ইউক্ৰেইনৰ জনসাধাৰণক আগুৱাই আহিবলৈ আহ্বান অসহায় ৰাষ্ট্ৰপতিৰ