ETV Bharat / bharat

মঙলবাৰে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ প্ৰতিষ্ঠা দিৱসত অংশ ল'ব প্ৰধানমন্ত্ৰীয়ে

author img

By

Published : Oct 11, 2021, 3:30 PM IST

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(Narendra Modi)য়ে মঙলবাৰে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ(National Human Rights Commission)ৰ ২৮ সংখ্যক প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰিব । ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে ১২ অক্টোবৰত দিনৰ ১১ বজাত অনুষ্ঠানটিত অংশ ল'ব প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

PM Modi to attend 28th NHRC Day programme tomorrow
ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ প্ৰতিষ্ঠা দিৱসত অংশ ল'ব প্ৰধানমন্ত্ৰীয়ে

নেশ্যনেল ডেস্ক, ১১ অক্টোবৰ: ১২ অক্টোবৰ অৰ্থাৎ মঙলবাৰে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ(National Human Rights Commission)ৰ ২৮ সংখ্যক প্ৰতিষ্ঠা দিৱস । মঙলবাৰে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অংশ গ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে দিনৰ ১১ বজাত অনুষ্ঠানটিত অংশ লৈ বক্তব্য আগবঢ়াব প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

অনুষ্ঠানটিত ইউ এন এইচ আৰ চিৰ অধ্যক্ষ অৰুণ কুমাৰ মিশ্ৰও উপস্থিত থাকিব । মানৱ অধিকাৰৰ সুৰক্ষাৰ বাবে ১৯৯৩ চনৰ ১২ অক্টোবৰত মানৱ অধিকাৰ সুৰক্ষা আইন গ্ৰহণ কৰা হৈছিল । আয়োগে যিকোনো ধৰণৰ মানৱ অধিকাৰৰ উলংঘন কৰা সকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰে । লগতে ভুক্তভোগীক ক্ষতিপূৰণ প্ৰদান কৰাৰ বাবে চৰকাৰী কৰ্তৃপক্ষক পৰামৰ্শ দিয়ে ।

নাগৰিকৰ অধিকাৰ খৰ্ব হোৱা বিষয়ত হস্তক্ষেপ কৰি আহিছে মানৱ অধিকাৰ আয়োগে ।

লগতে পঢ়ক : অবিশ্বাস্য : 60 বছৰে কৰ্পূৰ আৰু ধূপ কাঠিৰ ধোঁৱা খাই জীয়াই থকা এগৰাকী 75 বৰ্ষীয় মহিলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.