নেশ্যনেল ডেস্ক,27 ডিচেম্বৰ : দেওবাৰে দিনৰ 11 বজাত এইবছৰৰ শেষৰটো মাহিলী ৰেডিঅ' কাৰ্যসূচী 'মান কী বাত'ৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক সম্বোধন কৰিব ৷ মোডীয়ে এক টুইটযোগে কয় যে, 11 বজাত ৰেডিঅ' অন কৰক আৰু এইবছৰৰ শেষৰটো 'মান কী বাত' শুনক ৷
এসপ্তাহ আগতে মোদীয়ে 'মান কী বাত'ৰ জৰিয়তে জনসাধাৰণৰ পৰা মতামত বিচাৰিছিল ৷ ক'ভিড পৰিস্থিতিৰ বাবে এইটো বছৰ অতি ভয়ংকৰ ভাৱে পাৰ হ'ল, গতিকে আগন্তুক বছৰটোৰ বাবে 'মান কী বাত'ৰ জৰিয়তে তেওঁলোকে কি বিষয়ে শুনিব বিচাৰিব সেই বিষয়ে মতামত আগবঢ়াবলৈ অনুৰোধ জনাইছিল ৷ সেই অনুসৰিয়ে মোদীয়ে টুইট যোগে জনসাধাৰণে 2021 চনত আটাইতকৈ বেছি কি বিচাৰে ? বছৰটোত কেনেদৰে ধন জমা কৰিব পাৰিব ? আদি বিষয় সন্দৰ্ভত দেওবাৰৰ শেষৰটো 'মান কী বাত'ত আলোচনা কৰিব বুলি উল্লেখ কৰে ৷ লগতে 'মান কী বাত'ত অংশ গ্ৰহণ কৰিবলৈ MyGov NaMo এপৰ জৰিয়তে বাৰ্তা প্ৰৰণ কৰিবলৈ আহ্বান জনাইছে ৷
-
Tune-in tomorrow at 11 AM. #MannKiBaat pic.twitter.com/knB24XhvQt
— Narendra Modi (@narendramodi) December 26, 2020 " class="align-text-top noRightClick twitterSection" data="
">Tune-in tomorrow at 11 AM. #MannKiBaat pic.twitter.com/knB24XhvQt
— Narendra Modi (@narendramodi) December 26, 2020Tune-in tomorrow at 11 AM. #MannKiBaat pic.twitter.com/knB24XhvQt
— Narendra Modi (@narendramodi) December 26, 2020
যোৱা মাহৰ 71তম 'মান কী বাত'ৰ সংস্কৰণত শক্তিশালী,স্পৰ্শকাতৰ আৰু সক্ৰিয় শিক্ষাৰ্থীৰ নেটৱৰ্কৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে শিক্ষা প্ৰতিষ্ঠানসমূহক অভিনৱ পদ্ধতি গ্ৰহণ কৰি শিক্ষাৰ্থীসকলৰ সৈতে সু-সম্পৰ্কৰ বাবে সৃষ্টিশীল মঞ্চ বিকশিত কৰিবলৈ অনুৰোধ জনাইছিল ।
লগতে পঢ়ক: কাটাৰত দ্বি-পাক্ষিক বৈঠকত মিলিত হ’ব বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ