ETV Bharat / bharat

Birth anniversary of Birsa Munda: 15 নৱেম্বৰত বীৰ বীৰছা মুণ্ডাৰ জন্মস্থানলৈ যোৱাৰ সম্ভাৱনা প্ৰধানমন্ত্ৰীৰ

বীৰ বীৰছা মুণ্ডাৰ জন্মস্থান উলিহাতুলৈ যোৱাৰ সম্ভাৱনা প্ৰধানমন্ত্ৰী মোদীৰ ৷ 15 নৱেম্বৰত বীৰ বীৰছা মুণ্ডাৰ জন্মদিন উপলক্ষে ঝাৰখণ্ডৰ উলিহাতুলৈ ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে প্ৰধানমন্ত্ৰীৰ ৷

author img

By ETV Bharat Assamese Team

Published : Oct 26, 2023, 9:10 PM IST

Birth anniversary of Birsa Munda
15 নৱেস্বৰত বীৰ বীৰছা মুণ্ডাৰ জন্মস্থানলৈ ভ্ৰমণ কৰাৰ সম্ভাৱনা প্ৰধানমন্ত্ৰী মোদীৰ

নিউজ ডেস্ক, 26 অক্টোবৰ : 15 নৱেম্বৰত বীৰ বীৰছা মুণ্ডাৰ জন্মদিন ৷ মহান বীৰ গৰাকীৰ জন্মদিনটো সমগ্ৰ দেশে জনজাতীয় গৌৰৱ দিৱস হিচাপে পালন কৰি আহিছে ৷ ইফালে স্বাধীনতা সংগ্ৰামী নেতা বীৰ বীৰছা মুণ্ডাৰ জন্মদিন উপলক্ষে 15 নৱেম্বৰত বীৰছা মুণ্ডাৰ জন্মস্থান উলিহাতুলৈ যোৱাৰ সম্ভাৱনা আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৷

প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ এতিয়াও নিশ্চিত নহয় যদিও ব্যাপক প্ৰস্তুতি চলিছে ৷ মহান বীৰ বীৰছা মুণ্ডাৰ জন্মদিন উপলক্ষে জনজাতীয় সমাজৰ বাবে প্ৰধানমন্ত্ৰীয়ে বহু আঁচনি ঘোষণা কৰাৰো সম্ভাৱনা আছে বুলি ধাৰণা কৰা হৈছে ৷ ইফালে বিশেষ প্ৰস্তুতিৰ সন্দৰ্ভত খুঁটিৰ উপ-আয়ুক্ত লোকেশ মিশ্ৰই কয় যে ঝাৰখণ্ডৰ প্ৰতিষ্ঠা দিৱস আৰু বীৰছা মুণ্ডাৰ জন্ম জয়ন্তী উপলক্ষে প্ৰস্তুতি তুংগত হৈ উঠিছে ৷ প্ৰধানমন্ত্ৰী মোদী ভ্ৰমণৰ সন্দৰ্ভত নিশ্চিত নহয় বুলি তেওঁ উল্লেখ কৰে ৷

লগতে তেওঁ কয়, ‘‘ যিকোনো ধৰণৰ ভি আই পি বা ভি ভি আই পিৰ নিৰাপত্তাৰ বাবে জিলা প্ৰশাসন সম্পূৰ্ণৰূপে সাজু ৷’’ আনহাতে, কেন্দ্ৰীয় চৰকাৰে বিগত দুবছৰ ধৰি সমগ্ৰ দেশতে জনজাতীয় গৌৰৱ দিৱস হিচাপে বীৰছা মুণ্ডাৰ জন্ম বাৰ্ষিকীৰ দিনটো উদযাপন কৰি আহিছে ৷ এনে পৰিস্থিতিত এইবাৰ প্ৰধানমন্ত্ৰী মোদীয়ে 15 নৱেম্বৰত বীৰ বীৰছা মুণ্ডাৰ জন্মস্থান খুঁটিৰ উলিহাতু গাঁৱলৈ ভ্ৰমণ কৰি মহান বীৰগৰাকীক শ্ৰদ্ধাঞ্জলি জনোৱাৰ সম্ভাৱনা আছে বুলি বিশেষ তথ্য প্ৰকাশ পাইছে ৷

ইফালে 2022 চনত 15 নৱেম্বৰত দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু উলিহাতু ভ্ৰমণ কৰি ভগৱান বীৰছা মুণ্ডাৰ বংশধৰসকলক সাক্ষাৎ কৰিছিল ৷ 2017 চনৰ 15 নৱেম্বৰত উলিহাতু ভ্ৰমণ কৰিছিল তেতিয়াৰ গৃহমন্ত্ৰী তথা বৰ্তমানৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৷ 2016 চনৰ 13 আগষ্টত বিজেপিৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি তথা বৰ্তমানৰ গৃহমন্ত্ৰী অমিত শ্বাহে উলিহাতুলৈ গৈ বীৰছা মুণ্ডাক শ্ৰদ্ধাঞ্জলি জনাই তেওঁৰ বংশধৰক সাক্ষাৎ কৰিছিল ।

লগতে পঢ়ক:Famous Chaiwala Story: 28 বাৰৰ বাবে ভাগ্য পৰীক্ষা কৰিবলৈ সাজু এজন চাহ বিক্ৰেতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.