ETV Bharat / bharat

ক’ভিডৰ বিৰুদ্ধে মোডীৰ নতুন অভিযান "জনভাগীদাৰী"

author img

By

Published : Apr 15, 2021, 7:52 AM IST

ৰাজ্য সমূহৰ মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় শাসিত ৰাজ্যৰ ৰাজ্যপাল সকলৰ সৈতে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ উক্ত বৈঠকত বাৰ্তালাপ কৰি প্ৰধানমন্ত্ৰী মোডীয়ে কয়, কভিড বিৰোধী যুঁজত দেশৰ জনসাধাৰণৰ অংশগ্ৰহণ আটাইতকৈ ডাঙৰ শক্তি ৷ জনতাৰ "জনভাগীদাৰীক" উৎসাহিত কৰাটো অতি প্ৰয়োজন বুলি মন্তব্য প্ৰকাশ কৰে মোডীয়ে ৷

কভিডৰ বিৰুদ্ধে মোডীৰ নতুন অভিযান "জনভাগীদাৰী"

নিউজ ডেস্ক, 15 এপ্ৰিল : ক’ভিডৰ নতুন ঢৌ আৰু কভিড টীকাকৰণ অভিযানৰ সন্দৰ্ভত ৰাজ্য সমূহৰ মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় শাসিত ৰাজ্যৰ ৰাজ্যপাল সকলৰ সৈতে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ উক্ত বৈঠকত বাৰ্তালাপ কৰি প্ৰধানমন্ত্ৰী মোডীয়ে কয়, ক’ভিড বিৰোধী যুঁজত দেশৰ জনসাধাৰণৰ অংশগ্ৰহণ আটাইতকৈ ডাঙৰ শক্তি ৷ জনতাৰ "জনভাগীদাৰীক" উৎসাহিত কৰাটো অতি প্ৰয়োজন বুলি মন্তব্য প্ৰকাশ কৰে মোডীয়ে ৷

এই বৈঠকত দেশৰ উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু , কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী হৰ্ষ বৰ্ধনেও অংশগ্ৰহণ কৰে ৷ বৈঠকত ৰাজ্য চৰকাৰ লগত জনসাধাৰণৰ শক্তিশালী যুগসূত্ৰ গঢ়ি তুলিবলৈ ৰাজ্যপাল সমূহক আহ্বান জনাই মোডীয়ে ৷ লগতে সমাজ আৰু ৰাজ্য চৰকাৰৰ উন্নত সমন্বয়ে কভিড-19ৰ যুঁজত জয়ৰ পথ নিশ্চিত কৰিব বুলি মন্তব্য প্ৰকাশ কৰে নৰেন্দ্ৰ মোডীয়ে ৷

তেওঁ কয়, "ৰাজ্যপাল সকলে জন সচেতনতা বৃদ্ধিত গুৰুত্ব প্ৰদাণ কৰা উচিত ৷ জনসাধাৰণৰ পোনপটীয়া সহযোগিতাই ৰাজ্য চৰকাৰ সমূহক শক্তি প্ৰদান কৰিব ৷ " জনভাগীদাৰী "ৰ ওপৰত গুৰুত্ব প্ৰদান কৰি বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত তথা চৌহদত ক’ভিড বিৰোধী এক পৰিবেশ সৃষ্টি কৰাতো অতি প্ৰয়োজন ৷" এইদৰে মন্তব্য কৰে প্ৰধানমন্ত্ৰী মোডীয়ে ৷

ইয়াৰ লগতে মোডীয়ে ট্ৰেকিং, ট্ৰেচিং আৰু ক’ভিড পৰীক্ষাৰ বৃদ্ধিৰ ওপৰতো গুৰুত্ব আৰোপ কৰে ৷ তেওঁ কয়, আৰটি-পিচিআৰ পৰীক্ষাৰ হাৰ 60 পৰা 70 শতাংশলৈ বৃদ্ধি কৰাটো প্ৰয়োজন ৷ অন্যহাতে কভিড পৰীক্ষা কৰা লোকৰ সংখ্যা বৃদ্ধি কৰাটো প্ৰয়োজন ৷ অৰ্থাৎ কভিড পৰীক্ষাৰ দ্ৰুত হাৰত বৃ্দ্ধিৰ ওপৰত গুৰুত্ব প্ৰদান কৰে মোডীয়ে ৷

তদুপৰি কভিড ভেকচিনৰ ওপৰত গুৰুত্ব প্ৰদান কৰি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে মোডীয়ে ৷ কভিড ভেকচিনৰ পৰ্যাপ্ত উপলব্ধতাৰ নিশ্চিত কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ ৷ 10 কোটি লোকৰ কভিড-19 টীকাকৰণৰ বাবে সক্ষম হোৱা ভাৰতবৰ্ষই হৈছে এক মাত্ৰ দেশ ৷ বৰ্তমান সময়ত কভিড টীকাকৰণৰ ওপৰত গুৰুত্ব প্ৰদান কৰি নতুন টীকাকৰণৰ কেন্দ্ৰ স্থাপন কৰা হৈছে বুলি কয় নৰেন্দ্ৰ মোডীয়ে ৷

উল্লেখ্য যে, দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰিছে ক'ৰণা আক্ৰান্ত লোকৰ সংখ্যা ৷ পুনৰ গণ সংক্ৰমণ দিশে গতি কৰিছে ক'ৰণা আক্ৰান্ত লোকৰ সংখ্যা ৷ নতুনকৈ ভাৰতবৰ্ষত ১.৮৪ লাখৰো অধিক লোক ক'ৰণা আক্ৰান্ত হৈছে ৷

লগতে পঢ়ক : ৰঙালীৰ অন্যতম পৰম্পৰাগত খাদ্য আমৰলি পৰুৱাৰ টোপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.