ETV Bharat / bharat

মোডী কেবিনেট 2.0: সাতগৰাকী মহিলাৰ অন্তৰ্ভুক্তি - মোডী 2.0 কেবিনেট

মোডী 2.0 কেবিনেটত মহিলা মন্ত্ৰীৰ সংখ্যা 11 গৰাকীলৈ বৃদ্ধি ৷ মন্ত্ৰীসভা সম্প্ৰসাৰণৰ অংশ হিচাপে 7 গৰাকীকৈ মহিলা মন্ত্ৰীক নতুন কেবিনেটত অন্তৰ্ভুক্ত কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷

PM Modi inducts 7 new women ministers in the cabinet
মোডী মন্ত্ৰীসভাত 7 গৰাকীকৈ মহিলা নতুনকৈ অন্তৰ্ভুক্ত
author img

By

Published : Jul 8, 2021, 10:40 AM IST

Updated : Jul 8, 2021, 10:48 AM IST

নেশ্যনেল ডেস্ক, 8জুলাই: মন্ত্ৰীসভা ৰদবদলৰ অংশ হিচাপে প্ৰধানমন্ত্ৰী মোডীৰ নতুন কেবিনেটত 7 গৰাকীকৈ নতুন মহিলা মন্ত্ৰী অন্তৰ্ভুক্ত হৈছে ৷ নতুনকৈ অন্তৰ্ভুক্ত হোৱা সাতগৰাকী মন্ত্ৰীৰ সৈতে এতিয়া মোডী 2.0 কেবিনেটৰ মহিলা মন্ত্ৰীৰ সংখ্যা 11 গৰাকীলৈ বৃদ্ধি পালে ৷ অৱশ্যে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ কেবিনেটত থকা 12 গৰাকী মহিলা মন্ত্ৰীৰ ৰেকৰ্ডতকৈ মোডী মন্ত্ৰীসভাৰ মহিলা মন্ত্ৰীৰ সংখ্যা এতিয়াও কম ৷

লগতে পঢ়ক: প্ৰধানমন্ত্ৰীক সাক্ষাৎ কেবিনেটৰ সম্ভাব্য মন্ত্ৰীসকলৰ

মোডী কেবিনেটত স্থান লাভ কৰা মহিলা মন্ত্ৰীসকলৰ ভিতৰত আপনা দল(Apna Dal)ৰ অনুপ্ৰিয়া পেটেলে সম্পূৰ্ণ দুটা বছৰৰ পাচত প্ৰধানমন্ত্ৰী মোডীৰ কেবিনেটত যোগদান কৰিছে ৷ বাকী ছয়গৰাকী মহিলা মন্ত্ৰীয়ে তেওঁলোকৰ কেৰিয়াৰত প্ৰথমবাৰৰ বাবে সংশ্লিষ্ট দপ্তৰৰ দায়িত্ব ল'ব ৷ ইয়াৰ ভিতৰত শোভা কাৰান্দলাজে উদুপী চিকমাগালুৰ লোকসভা সমষ্টিক লোকসভাৰ সাংসদ হিচাপে প্ৰতিনিধিত্ব কৰাৰ বিপৰীতে দৰ্শনা জাৰ্দোছে গুজৰাটৰ চুৰট লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰিব ৷

লগতে পঢ়ক: Modi Cabinet : কাৰ প্ৰৱেশ, কাৰ প্ৰস্থান ?

মন্ত্ৰীসভাত স্থান লাভ কৰা মিনাক্ষী লেখি তৰ্ক আৰু সংসদত দিয়া সুস্পষ্ট ভাষণৰ দেশখনৰ এক সুপৰিচিত নাম ৷ ৰাজহুৱা প্ৰতিষ্ঠানৰ সংসদীয় সমিতি আৰু ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰাকে ধৰি লেখি যথেষ্ট অভিজ্ঞতাসম্পন্ন ৷ মোডী মন্ত্ৰীসভাৰ অন্য তিনিগৰাকী নতুন মন্ত্ৰী হ'ল ক্ৰমে ঝাৰখণ্ড বিজেপিৰ লোকসভাৰ সাংসদ অন্নপূৰ্ণা দেৱী যাদৱ, পশ্চিম ত্ৰিপুৰাৰ বিজেপিৰ সাংসদ প্ৰতিমা ভৌমিক আৰু মহাৰাষ্ট্ৰৰ দিন্দোৰী লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰা ডাঃ ভাৰতী পাৱাৰ ৷

লগতে পঢ়ক: মোডী মন্ত্ৰী সভাত উত্তৰ পূৰ্বাঞ্চলৰ তিনি মন্ত্ৰী

নতুনকৈ অন্তৰ্ভুক্ত হোৱা মহিলা মন্ত্ৰীকেইগৰাকীৰ উপৰিও পূৰ্বৰে পৰা মন্ত্ৰীসভাত থকা অন্য চাৰিগৰাকী মন্ত্ৰীৰ ভিতৰত আছে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ, স্মৃতি ইৰাণী, ৰেণুকা সিং আৰু সাধবী নিৰঞ্জন জ্যোতি ৷ উল্লেখ্য যে, 7 গৰাকী নতুন মহিলা মন্ত্ৰীৰ নিযুক্তিৰ বিপৰীতে দেৱাশ্ৰী চৌধুৰীৰ নাম কেবিনেটৰ পৰা বাদ পৰিছে ৷ তেওঁ মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী আছিল ৷ বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ বাহিৰে সকলো মহিলা মন্ত্ৰীক নতুন মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পন কৰা হ'ব বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: মোডীৰ মন্ত্ৰীসভা সম্প্ৰসাৰণৰ পূৰ্বে দুই মন্ত্ৰীৰ পদত্যাগ

Last Updated : Jul 8, 2021, 10:48 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.