ETV Bharat / bharat

Modi to meet Chief Ministers: 12 ৰাজ্যৰ মুখ্যমন্ত্ৰীৰে বৈঠক প্ৰধানমন্ত্ৰী মোডীৰ

author img

By

Published : Dec 14, 2021, 9:22 AM IST

Updated : Dec 14, 2021, 8:08 PM IST

আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বাৰাণসী ভ্ৰমণৰ দ্বিতীয়দিন (PM Modi's second day of Varanasi visit) ৷ কাৰ্যসূচী অনুসৰি, দেশৰ বিজেপি শাসিত প্ৰায় 12 খন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰীগৰাকীয়ে এক বৈঠকত মিলিত হ’ব (PM Modi to chair conclave with CMs of BJP ruled states) ৷

PM Modi to chair conclave with CMs of BJP ruled states in Varanasi today
প্ৰধানমন্ত্ৰী মোডী

নেশ্যনেল ডেস্ক, 14 ডিচেম্বৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মঙলবাৰে অসম, অৰুণাচল প্ৰদেশ, গোৱা, গুজৰাট, হাৰিয়ানা, হিমাচল প্ৰদেশ, কৰ্ণাটক, মধ্য প্ৰদেশ, মণিপুৰ, ত্ৰিপুৰা, উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ডকে ধৰি 12 খন বিজেপি শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে বৈঠকত মিলিত হ’ব (PM Modi to chair conclave with CMs of BJP ruled states) ৷ এই বৈঠকতে উপস্থিত থাকিব বিহাৰ আৰু নাগালেণ্ডৰ উপ মুখ্যমন্ত্ৰীসকল ৷

মঙলবাৰে প্ৰধানমন্ত্ৰী গৰাকীৰ বাৰাণসী ভ্ৰমণৰ দ্বিতীয় দিন(PM Modi's second day of Varanasi visit) ৷ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে সদৰী কৰা অনুসৰি, মোডীয়ে আজি আবেলি প্ৰায় ৩.৩০ বজাত স্বৰবেদ মহামন্দিৰত সদগুৰু সদাফলদেও বিহংগম যোগসন্তনৰ ৯৮ তম বাৰ্ষিকী উদযাপনত অংশগ্ৰহণ কৰিব ৷

এই বৈঠকে শাসন সম্পৰ্কীয় বিষয়সমূহ ভালদৰে আলোচনা কৰাৰ বাবে সুযোগ প্ৰদান কৰিব বুলি প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰকাশ কৰিছে ৷ এই সু-শাসন সন্দৰ্ভত প্ৰতিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলে প্ৰধানমন্ত্ৰীগৰাকীৰ আগত প্ৰতিবেদন দাখিল কৰিব ৷ বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰীসকলে কাশী বিশ্বনাথ মন্দিৰ পৰিদৰ্শন কৰিব ৷

লগতে চাওক: প্ৰধানমন্ত্ৰী মোদীয়ে উদ্বোধন কৰিলে ৩৯৯ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মিত Kashi Vishwanath Dham

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী মোডীয়ে সোমবাৰে তেওঁৰ সংসদীয় সমষ্টি বাৰাণসীত দুদিনীয়া ভ্ৰমণসূচীৰে উপস্থিত হৈছে ৷ ভ্ৰমণৰ প্ৰথম দিনা মোডীয়ে প্ৰায় ৩৩৯ কোটি টকা ব্যয়েৰে নৱনিৰ্মিত কাশী বিশ্বনাথ ধামৰ অত্যাধুনিক প্ৰকল্পটো মুকলি কৰে ৷

সোমবাৰে প্ৰধানমন্ত্ৰীয়ে বাৰাণসীত উপস্থিত হৈ কাল ভৈৰৱ মন্দিৰত কৰা প্ৰাৰ্থনাৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ৷ তাৰপিছত তেওঁ এখন ক্ৰুজত কাশী বিশ্বনাথ মন্দিৰ দৰ্শন কৰিবলৈ খিৰকিয়া ঘাটৰ পৰা ললিতাঘাটলৈ যায় ৷ ইয়াতে প্ৰধানমন্ত্ৰীগৰাকীয়ে গংগাত স্নান কৰি পূজা-অৰ্চনা আগবঢ়ায় ৷

তাৰপিছতে প্ৰধানমন্ত্ৰী গৰাকীয়ে কাশী বিশ্বনাথ ধামৰ অত্যাধুনিক প্ৰকল্পটো মুকলি কৰে ৷ এই অনুষ্ঠানৰ পিছতে মোডীয়ে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ সৈতে কাশী বিশ্বনাথ ধামৰ নিৰ্মাণ কাৰ্যত জড়িত শ্ৰমিকসকলৰ লগত মধ্যাহ্ন ভোজন গ্ৰহণ কৰে ৷ প্ৰধানমন্ত্ৰীয়ে ললিতাঘাটৰ পৰা ৰবিদাস ঘাটলৈ নাওত যাত্ৰা কৰে, য'ত তেওঁ গংগা আৰতিত অংশগ্ৰহণ কৰাৰ কথা আছিল ।

প্ৰধানমন্ত্ৰীৰ আগমনৰ বাবেই গংগাৰ ঘাটটো কেইবা হাজাৰ মাটিৰ চাকি, লাইট আৰু ফুলৰ সজ্জাৰে আলোকিত কৰা হৈছিল । প্ৰধানমন্ত্ৰী মোডীয়ে গংগাৰ পাৰত গংগা আৰতি প্ৰত্যক্ষ কৰাৰ পিছত আন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰীসকলৰ সৈতে এখন বৈঠকত সভাপতিত্ব কৰে ৷ এই বৈঠক প্ৰায় ছয় ঘণ্টা ধৰি চলিছিল । বৈঠকৰ পিছত তেওঁ বাৰাণসীৰ উন্নয়নমূলক কাম-কাজ পৰিদৰ্শন কৰাৰ অন্তত আৰু বেনাৰস ৰে'ল ষ্টেচন পৰিদৰ্শন কৰে ।

লগতে চাওক: PM Modi at Kashi Vishwanath Corridor : 12 গৰাকী মুখ্যমন্ত্ৰীৰ সৈতে কাশী বিশ্বনাথ কৰিডৰ মুকলি কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে

Last Updated : Dec 14, 2021, 8:08 PM IST

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.