ETV Bharat / bharat

PM Modi to visit Varanasi: বাৰাণসীত ৪৫০ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'ব আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়াম - PM Modi Varanasi visit

কেইবাটাও নতুন আৰু অভিলাষী আঁচনিৰে চমক দিবলৈ সাজু হৈ প্ৰধানমন্ত্ৰী । ২৩ ছেপ্টেম্বৰত তেওঁৰ সংসদীয় সমষ্টি ভ্ৰমণৰ সময়ত বিশাল ক্ৰিকেট ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন কৰা হ'ব ।

PM Modi to visit Varanasi
বাৰাণসীত ৪৫০ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'ব আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়াম
author img

By ETV Bharat Assamese Team

Published : Sep 14, 2023, 11:08 AM IST

নেশ্যনেল ডেস্ক, ১৪ ছেপ্টেম্বৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অহা ২৩ ছেপ্টেম্বৰত তেওঁৰ সংসদীয় সমষ্টি বাৰাণসী ভ্ৰমণ কৰাৰ কথা আছে । প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণ অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে । কিয়নো প্ৰধানমন্ত্ৰীগৰাকীয়ে উত্তৰপ্ৰদেশত ৪৫০ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া সৰ্ববৃহৎ ক্ৰিকেট ষ্টেডিয়ামো ৰাইজক উপহাৰ দিয়াৰ কথা আছে ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বাৰাণসীৰ গঞ্জাৰীত এই ক্ৰিকেট ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন কৰিব । ৩০ হাজাৰ দৰ্শকৰ ক্ষমতা থকা এই ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন অনুষ্ঠানত বহুতো ক্ৰিকেট তাৰকাৰ আগমনৰ বাবেও প্ৰস্তুতি চলি আছে আৰু বিচিচিআইয়ে এই অনুষ্ঠানটো এক বৃহৎ ধৰণে আয়োজন কৰাৰ পৰিকল্পনা কৰিছে । ইয়াৰ বাবে, বাৰাণসী প্ৰশাসনৰ সৈতে বিচিচিআইৰ বিষয়াসকলৰ এখন বৈঠকো অনুষ্ঠিত হৈছে ।

এই সন্দৰ্ভত আয়ুক্ত কৌশল ৰাজ শৰ্মাই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২৩ ছেপ্টেম্বৰত বাৰাণসী ভ্ৰমণ কৰিব । য'ত তেওঁ সংসদীয় সমষ্টি বাৰাণসীক কোটি কোটি টকাৰ আঁচনি উপহাৰ দিবলৈ গৈ আছে । তাৰ ভিতৰত অটল আৱাসৰ পৰা আৰম্ভ কৰি ক্ৰিকেট ষ্টেডিয়ামলৈকে প্ৰকল্প অন্তৰ্ভুক্ত আছে । ১৮ তাৰিখৰ পাছত নিৰাপত্তাৰ বাবে এছপিজি দলটোও বাৰাণসীত উপস্থিত হ'ব আৰু নিৰাপত্তা ব্যৱস্থাৰ বুজ ল'ব ।

আনহাতে দিনজোৰা কাৰ্যসূচীৰে কাশীলৈ ভ্ৰমণ কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰায় ১,৬০০ কোটি টকাৰ আঁচনি মুকলি কৰিব । ইয়াত ৪০০ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামৰ আধাৰশিলা আৰু প্ৰায় ১২০০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা ৰাজ্যখনৰ ১৬ খন অটল আৱাসিক বিদ্যালয়ো উদ্বোধন কৰা হ'ব । ইয়াৰ উপৰিও, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই অটল আৱাসত নামভৰ্তি কৰা ৮০ গৰাকী শিক্ষাৰ্থীৰ ভিতৰত ৪০ গৰাকীৰ সৈতে বাৰ্তালাপ কৰিব বুলিও কোৱা হৈছে ।

ইফালে ফুলৱাৰিয়া চাৰি লেন, ৰামনগৰত মহিলা আশ্ৰয় গৃহ আৰু বৰুণা পাৰ অঞ্চলত ঘৰে ঘৰে পাইপলাইন সংযোগকে ধৰি বিভিন্ন প্ৰকল্পও ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে । তাৰ তালিকা প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰা হৈছে, কিন্তু এই প্ৰকল্পবোৰ ইয়াত অন্তৰ্ভুক্ত কৰা হ'ব নে নাই সেই বিষয়ে প্ৰশাসনে কোনো নিশ্চিতি পোৱা নাই । একে সময়তে, বিজেপি দলেও এখন বৃহৎ সভা অনুষ্ঠিত কৰাৰ প্ৰস্তুতি চলাই আছে ।

লগতে পঢ়ক :Parliament special session : কি হ’ব সংসদৰ বিশেষ অধিৱেশনৰ কাম-কাজ ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.