ETV Bharat / bharat

Politics On Women Reservation Bill : 'কংগ্ৰেছে ৩০ বছৰ ধৰি স্থগিত ৰাখিছিল নাৰী সংৰক্ষণ বিধেয়ক'-প্ৰধানমন্ত্ৰী - PM Modi in Chhattisgarh

বিধানসভা নিৰ্বাচনৰ পূৰ্বে ছত্তীশগড়ত প্ৰধানমন্ত্ৰী বিশাল জনসভা । নাৰী সংৰক্ষণ বিধেয়কক লৈ বিৰোধী কংগ্ৰেছক আক্ৰমণ মোদীৰ । কংগ্ৰেছে মহিলাসকলক বিভাজন কৰাৰ ষড়যন্ত্ৰ কৰিছিল ।

Politics On Women Reservation Bill
কংগ্ৰেছে ৩০ বছৰ ধৰি স্থগিত ৰাখিছিল নাৰী সংৰক্ষণ বিধেয়ক
author img

By ETV Bharat Assamese Team

Published : Sep 30, 2023, 8:10 PM IST

নেশ্যনেল ডেস্ক,৩০ ছেপ্টেম্বৰ : নিৰ্বাচনৰ দিন ঘোষণা হোৱা নাই যদিও ছত্তীশগড়ত তাৰকা নেতাসকলে ভিৰ কৰিছে । তাৰ অংশস্বৰূপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও শনিবাৰে বিলাসপুৰ ভ্ৰমণ কৰে । য'ত প্ৰধানমন্ত্ৰী মোদীয়ে বিলাসপুৰত পৰিৱৰ্তন যাত্ৰা সম্বোধন কৰে । ৰাইজক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে নাৰী শক্তি বন্দন বিধেয়কৰ প্ৰশংসা কৰে । এই বিধেয়ক সন্দৰ্ভত তেওঁ কয় যে এই বিধেয়কত ৰাষ্ট্ৰপতিয়ে স্বাক্ষৰ কৰিছে । ই আইনলৈ পৰিণত হোৱাৰ পথত আছে । প্ৰধানমন্ত্ৰী মোদীৰ মতে কংগ্ৰেছে এই বিধেয়কখন ৩০ বছৰ ধৰি স্থগিত ৰাখিছে আৰু জাতিৰ ভিত্তিত মহিলাসকলক বিভক্ত কৰি ৰাখিছে ।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে মোদীয়ে ৰাইজক দিয়া গ্যেৰাণ্টিসমূহ পূৰণ কৰিছে । এতিয়া লোকসভা আৰু বিধানসভাত ৩৩ শতাংশ আসন সংৰক্ষণৰ বিধেয়কখন আইনত পৰিণত হৈছে । নাৰী শক্তি বন্দন আইনো গৃহীত হৈছে । তেওঁৰ মতে মাতৃ আৰু ভগ্নীসকলে অতি সতৰ্ক হ'ব লাগিব । মোদীয়ে যি কৰিছে তাক দেখি কংগ্ৰেছ আৰু অহংকাৰী সহযোগীসকল আচৰিত হৈছে বুলিও তেওঁ দাবী কৰে । বিৰোধীক লক্ষ্য কৰি তেওঁ অভিযোগ কৰে যে এই লোকসকল শংকিত হৈ আছে । তেওঁলোকে আশা কৰিছে যে সকলো মাতৃ আৰু ভগ্নীয়ে মোদীক ভোট দিব । তেওঁ দাবী কৰিছে যে মাতৃ আৰু ভগ্নীসকলৰ মাজত সজাগতা বৃদ্ধি আছে ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দাবী কৰা মতে নাৰী শক্তি বন্দন বিধেয়ক গৃহীত কৰাৰ সিদ্ধান্তই আহিবলগীয়া হাজাৰ হাজাৰ বছৰক প্ৰভাৱিত কৰিব । ইয়াৰ দ্বাৰা নাৰী তথা মহিলাসকল বিপথে পৰিচালিত নহ'ব বুলিও তেওঁ দাবী কৰে । মোদীয়ে দেশৰ মহিলাসকলৰ ঘৰলৈ পানী যোগান ধৰিবলৈ কাম কৰিছে । মহিলাসকলে এতিয়া ঘৰতে খোৱাপানী পাব । কিন্তু ছত্তীশগড়ৰ কংগ্ৰেছ চৰকাৰে এই ক্ষেত্ৰত অৱহেলা কৰিছে বুলিও তেওঁ অভিযোগ কৰে । যাতে ইয়াৰ সুবিধা বিজেপি বা প্ৰধানমন্ত্ৰী মোদীয়ে ল'ব নোৱাৰে তাৰ বাবে ছত্তীশগড় চৰকাৰে কামবোৰ লেহেমীয়াকৈ কৰিছে বুলিও প্ৰধানমন্ত্ৰীয়ে অভিযোগ কৰে ।

লগতে পঢ়ক :Womens Reservation Bill: আইনত পৰিণত হ’ল মহিলা সংৰক্ষণ বিধেয়ক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.