ETV Bharat / bharat

PM Modi at Kashi Vishwanath Corridor : 12 গৰাকী মুখ্যমন্ত্ৰীৰ সৈতে কাশী বিশ্বনাথ কৰিডৰ মুকলি কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে - কাশী বিশ্বনাথ কৰিডৰ মুকলিত অংশগ্ৰহণ হিমন্ত বিশ্ব শৰ্মাৰ

সোমবাৰে উত্তৰ প্ৰদেশৰ বাৰাণসীত উপস্থিত হ’ব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ প্ৰায় 339 কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা কাশী বিশ্বনাথ ধাম মুকলি (PM Modi at Kashi Vishwanath Corridor) কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ প্ৰধানমন্ত্ৰী মোডীক এই কাৰ্যত সংগ প্ৰদান কৰিব 12 খন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ৷

12 CMs to accompany PM Modi at Kashi Vishwanath Corridor inauguration
বাৰাণসীত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী
author img

By

Published : Dec 13, 2021, 10:13 AM IST

নেশ্যনেল ডেস্ক, 13 ডিচেম্বৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সোমবাৰে দুদিনীয়া ভ্ৰমণ সূচীৰে উপস্থিত হ’ব উত্তৰ প্ৰদেশৰ বাৰাণসীত ৷ প্ৰায় 339 কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা কাশী বিশ্বনাথ ধাম মুকলি (PM Modi at Kashi Vishwanath Corridor) কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ প্ৰধানমন্ত্ৰী মোডীক এই কাৰ্যত সংগ প্ৰদান কৰিব 12 খন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ৷

প্ৰকল্পটোৰ প্ৰথম পৰ্যায়ত মুঠ ২৩ টা ভৱন উদ্বোধন কৰা হ'ব ৷ ইয়াৰ দ্বাৰা কাশী বিশ্বনাথ মন্দিৰ দৰ্শন কৰা তীৰ্থযাত্ৰীসকলে বিভিন্ন সুবিধা লাভ কৰিব ৷ যাৰ ভিতৰত আছে যাত্ৰী সুবিধা কেন্দ্ৰ, পৰ্যটন সুবিধা কেন্দ্ৰ, বৈদিক কেন্দ্ৰ, ভোগশালা, সংগ্ৰহালয়, দৰ্শন গেলেৰী আদিৰ লগতে অন্যান্য সা-সুবিধা ৷

"আজিৰ দিনটো বাৰাণসীবাসীৰ বাবে এক ঐতিহাসিক দিন হিচাপে বিবেচিত হৈছে ৷ কাশীত অনুষ্ঠিত এক বিশেষ কাৰ্যসূচীৰ জৰিয়তে মুকলি কৰা হ’ব এই প্ৰকল্পটো ৷ যিয়ে কাশীৰ সৌষ্ঠৱ পূৰ্বৰ তুলনাত অধিক বৃদ্ধি কৰিব ৷ মই আপোনালোক সকলোকে এই ঐতিহাসিক কাৰ্যৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছো" বুলি প্ৰধানমন্ত্ৰী মোডীয়ে টুইটযোগে আহ্বান জনায় ৷

  • Tomorrow, 13th December is a landmark day. At a special programme in Kashi, the Shri Kashi Vishwanath Dham project will be inaugurated. This will add to Kashi's spiritual vibrancy. I would urge you all to join tomorrow's programme. https://t.co/DvTrEKfSzk pic.twitter.com/p2zGMZNv2U

    — Narendra Modi (@narendramodi) December 12, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

"কাশী বিশ্বনাথ মন্দিৰক দেশ আৰু বিশ্বৰ বাবে এক নতুন 'ধাম' হিচাপে উপস্থাপন কৰা হ'ব ৷ প্ৰধানমন্ত্ৰী মোডীয়ে ইয়াক উদ্বোধন কৰিব, যাৰ দৃষ্টিভংগী আৰু নিৰ্দেশনাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ৷ এই 'ধামে' বাৰাণসীক বিশ্বত এক নতুন পৰিচয় প্ৰদান কৰিব", বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে উদ্বোধনৰ প্ৰস্তুতি পৰ্যালোচনা কৰি এনেদৰে কয় ৷

উল্লেখ্য যে, প্ৰধানমন্ত্ৰীয়ে 2019 চনৰ 8 মাৰ্চত এই প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিছিল ৷ প্ৰকল্পটোত অত্যাধুনিক সকলো প্ৰকাৰৰ সুবিধা যেনে, ৰেম্প, এস্কেলেটৰ আদি সংযোগ কৰা হৈছে ৷ যাতে, শাৰিৰীকভাৱে অক্ষম লোকসকলেও অনায়াসে এই তীৰ্থ ভ্ৰমণ কৰিব পাৰে ৷

লগতে চাওক: Bipin Rawat's chopper viral video: ভিডিঅ' কৰা দুই ব্যক্তি কাষ চাপিছে আৰক্ষীৰ

প্ৰকল্পটো নিৰ্মাণ কৰাৰ সময়তে উদ্ধাৰ হৈছিল পুৰণি প্ৰায় 40 টাতকৈ অধিক সৰু-বৰ বিভিন্ন মন্দিৰৰ ধ্বংসাৱশেষ ৷ এই মন্দিৰসমূহৰ কোনো বিনষ্ট সাধন নোহোৱাকৈ এই প্ৰকল্পটো পুনৰ নিৰ্মাণ কৰা হৈছিল ৷ এই মন্দিৰবোৰৰ মূল গাঁথনিত কোনো পৰিৱৰ্তন নোহোৱাকৈ সৌন্দৰ্যবৰ্ধন কৰা হৈছে ৷

প্ৰায় 5 লাখ বৰ্গফুটৰ বিশাল এলেকাত প্ৰকল্পটো নিৰ্মাণ কৰা হৈছে ৷ প্ৰকল্পটোৰ পূৰ্বৰ চৌহদটো মাত্ৰ 3000 বৰ্গফুটতে সীমাৱদ্ধ আছিল ৷ ক’ভিড সংক্ৰমণৰ মাজতে প্ৰকল্পটোৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হৈছিল ৷

বাৰাণসী ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোডীয়ে দিনৰ প্ৰায় ১২ বজাত কাল ভৈৰৱ মন্দিৰ দৰ্শন কৰিব ৷ ১৩ ডিচেম্বৰৰ সন্ধিয়া প্ৰায় ৬ বজাত ৰ’-ৰ’ জাহাজৰ পৰাই গংগা আৰতি প্ৰদান কৰা হ’ব ৷ ১৪ ডিচেম্বৰত আবেলি প্ৰায় ৩.৩০ বজাত মোডীয়ে বাৰাণসীৰ স্বৰবেদ মহামন্দিৰত সদগুৰু সদাফলদেও বিহংগম যোগসন্তনৰ ৯৮ তম বাৰ্ষিকী উদযাপনত অংশগ্ৰহণ কৰিব ৷

উল্লেখ্য যে, এই অনুষ্ঠানত অসমকে ধৰি দেশৰ বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলে অংশগ্ৰহণ কৰিব ৷ মুখ্যমন্ত্ৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰী মোডীয়ে অনানুষ্ঠানিক বৈঠকত মিলিত হ’ব ৷

লগতে চাওক: Indian farmers came home after 10 months : সুদীৰ্ঘ 10 মাহৰ মূৰত দেশলৈ প্ৰত্যাৱৰ্তন বাংলাদেশত আটকাধীন কৃষকৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.