ETV Bharat / bharat

Aditya L1 launch : আদিত্য এল-১ৰ সফল উৎক্ষেপণৰ পাছত ইছৰোক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

ইছৰোৱে শনিবাৰে সূৰ্যলৈ বুলি প্ৰথমখন মহাকাশযান প্ৰেৰণ কৰিছে । আদিত্য এল-১ৰ সফল উৎক্ষেপণৰ পাছত বিভিন্নজনে ইছৰোক ধন্যবাদ জনাইছে । প্ৰধানমন্ত্ৰীৰ লগতে অসমৰ মুখ্যমন্ত্ৰীয়েও এক্সৰ জৰিয়তে এই অভিযান সফল হোৱাৰ কামনা কৰিছে ।

author img

By ETV Bharat Assamese Team

Published : Sep 2, 2023, 5:13 PM IST

Aditya L1 launch
আদিত্য এল-১ৰ সফল উৎক্ষেপণৰ পাছত ইছৰোক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

নেশ্যনেল ডেস্ক,২ ছেপ্টেম্বৰ : ভাৰতে শনিবাৰে প্ৰথমটো সূৰ্য অভিযান আৰম্ভ কৰে । ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৱে সফলতাৰে আদিত্য এল-১ উৎক্ষেপণ কৰে । চন্দ্ৰযান-৩ৰ সফলতাৰ পাছত এইবাৰ সূৰ্য অন্বেষণৰ সফল আৰম্ভণিৰ বাবে ইছৰোক সকলোৱে শুভেচ্ছা জ্ঞাপন কৰিছে । প্ৰধানমন্ত্ৰীৰ পৰা আৰম্ভ কৰি দেশৰ বিভিন্ন নেতা, তাৰকা সকলোৱে ইছৰোক অভিনন্দন জনাইছে ।

আদিত্য এল-১ৰ সফল উৎক্ষেপণৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইছৰোক অভিনন্দন জনায় । প্ৰধানমন্ত্ৰীয়ে সামাজিক মাধ্যমৰ জৰিয়তে কয় যে চন্দ্ৰযান-৩ৰ সফলতাৰ পাছত ভাৰতে মহাকাশ যাত্ৰা অব্যাহত ৰাখিছে । ভাৰতৰ প্ৰথম সৌৰ অভিযান আদিত্য এল-১-ৰ সফল উৎক্ষেপণৰ বাবে ইছৰোৰ বিজ্ঞানী আৰু অভিযন্তাসকলক তেওঁ অভিনন্দন জনায় । সমগ্ৰ মানৱতাৰ কল্যাণৰ বাবে বিশ্বব্ৰহ্মাণ্ডৰ এক উন্নত বুজাবুজি বিকশিত কৰাৰ বাবে ভাৰতৰ বিজ্ঞানীসকলৰ প্ৰচেষ্টা অব্যাহত থাকিব বুলিও প্ৰধানমন্ত্ৰী মোদীয়ে স্পষ্ট কৰি দিয়ে ।

  • After the success of Chandrayaan-3, India continues its space journey.

    Congratulations to our scientists and engineers at @isro for the successful launch of India’s first Solar Mission, Aditya -L1.

    Our tireless scientific efforts will continue in order to develop better…

    — Narendra Modi (@narendramodi) September 2, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰেও ভাৰতৰ প্ৰথম সৌৰ অভিযান আদিত্য এল-১ৰ সফল উৎক্ষেপণৰ বাবে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো)ক অভিনন্দন জ্ঞাপন কৰে । ইছৰোৰ সাফল্যই দেশবাসীক অনুপ্ৰাণিত কৰি আছে আৰু ই ভাৰতৰ গোলকীয় প্ৰ'ফাইল বৃদ্ধি কৰি আছে ।

  • Congratulations on the successful launch of India’s first Solar Mission, Aditya -L1.

    This is yet another feather in @isro’s cap. Their achievements continue to inspire the nation and raise our global profile.

    — Dr. S. Jaishankar (@DrSJaishankar) September 2, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাইও ইছৰোক শুভেচ্ছা জ্ঞাপন কৰিছে । ঔম সূৰ্যায়ে নমঃ বুলি আৰম্ভ কৰা এটা পোষ্টত মুখ্যমন্ত্ৰীগৰাকীয়ে ইছৰোক অভিনন্দন জনায় । ভাৰতৰ বাবে এক গুৰুত্বপূৰ্ণ অভিযান । তেওঁ উল্লেখ কৰা মতে হাজাৰ হাজাৰ বছৰ ধৰি আমি সূৰ্য দেৱতাক পূজা কৰি আহিছো । এই অভিযানৰ পৰা পোৱা তথ্যই চলিত প্ৰচেষ্টাৰ এক বিস্তৃত পৰিসৰক কৃষিৰ পৰা বৈজ্ঞানিক গৱেষণালৈকে এক বৃহৎ উৎসাহ প্ৰদান কৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰে ।

  • ॐ सूर्याय नमः

    Huge congratulations to @isro for the successful launch of Aditya-L1. A momentous occasion for Bharat, where for thousands of years we have revered Surya Dev 🙏

    The information from this mission will give a huge boost to a wide range of ongoing efforts; from… pic.twitter.com/SdPD1T9Xz3

    — Himanta Biswa Sarma (@himantabiswa) September 2, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

লগতে পঢ়ক :ISRO Aditya L1 : আদিত্য এল-১ক নেতৃত্ব দিয়া নিগাৰ শাজীৰ এই অভিযান সম্পৰ্কে প্ৰথম প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.