নেশ্যনেল ডেস্ক, ২৩ জুলাই : কৃষক আন্দোলনৰ (Farmers Protest) সমৰ্থনত আৰু পেগাচাছ প্ৰজেক্ট (Pegasus project) সন্দৰ্ভত পুনৰ ক্ষোভিত হৈ পৰে বিৰোধী কংগ্ৰেছ দল । শুকুৰবাৰে কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীৰ (Rahul Gandhi) নেতৃত্বত সংসদত থকা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় । এই প্ৰতিবাদতে পুনৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (Narendra Modi) আৰু গৃহমন্ত্ৰী অমিত শ্বাহক (Amit Shah) তীব্ৰ ভাষাৰে সমালোচনা কৰে কংগ্ৰেছ নেতাগৰাকীয়ে ।
পেগাচাছ (Pegasus) সম্পৰ্কত প্ৰতিক্ৰিয়া ব্যক্ত কৰি নেতাগৰাকীয়ে কয় যে, পেগাচাছক ইজৰাইলে অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰে । সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ নিৰীক্ষণৰ বাবে পেগাচাছক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা হয় ইজৰাইলত । কিন্তু ভাৰতত প্ৰধানমন্ত্ৰী মোডী আৰু গৃহমন্ত্ৰীয়ে ইয়াক দেশৰ বিৰুদ্ধে আৰু ইয়াৰ প্ৰতিষ্ঠানসমূহৰ বিৰুদ্ধে ব্যৱহাৰ কৰিছে বুলি অভিযোগ তোলে কংগ্ৰেছ নেতাগৰাকীয়ে ।
ইয়াৰোপৰি দুয়োগৰাকী নেতাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি ৰাহুল গান্ধীয়ে কয়, "তেওঁলোকে পেগাচাছক ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰিছে ৷ তেওঁলোকে কৰ্ণাটকত ইয়াক ব্যৱহাৰ কৰিছে, বিভিন্ন ধৰণৰ তদন্তৰ স্বাৰ্থত তেওঁলোকে ইয়াক ব্যৱহাৰ কৰিছে । আনকি তেওঁলোকে উচ্চতম ন্যায়ালয় আৰু দেশৰ সকলো প্ৰতিষ্ঠানৰ বিৰুদ্ধে ব্যৱহাৰ কৰিছে বুলিও অভিযোগ উত্থাপন কৰে ৰাহুল গান্ধীয়ে । যাৰ বাবে প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীক দেশদ্ৰোহী বুলি অভিযোগ কৰে ৰাহুল গান্ধীয়ে ।"
কংগ্ৰেছৰ লগতে আন আন বিৰোধী দল ডিএমকে(DMK) আৰু শিৱসেনাৰ (Siv Sena) সাংসদসকলেও সংসদ চৌহদৰ প্ৰতিবাদত অংশগ্ৰহণ কৰে । য'ত মূলতঃ পেগাচাছৰ ওপৰত ক্ষোভিত হৈ পৰে বিৰোধী নেতাসকল । বিজেপি নেতৃত্বধীন চৰকাৰক সমালোচনা কৰাৰ লগতে বিৰোধীয়ে এই সমগ্ৰ বিষয়ত উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ কামনা কৰে ।
কেন্দ্ৰ আৰু বিৰোধীৰ মাজত এই বিষয়ত চলি থকা অচলাৱস্থাৰ মাজতে বৃহস্পতিবাৰে টিএমচিৰ সাংসদ সান্তানু সেনক (TMC MP Santanu Sen) ৰাজ্যসভাত ইলেক্ট্ৰ’নিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ (Ashwini Baishnav) পৰা পেগাচাছ বিষয়ৰ ওপৰত এখন নথি কাঢ়ি নিয়া আৰু ছিঙি পেলোৱা দেখা গৈছিল । উল্লেখ্য যে, দ্য ৱায়াৰত (The Wire) প্ৰকাশিত এক প্ৰতিবেদনৰ পিছতে দেশত তীব্ৰ প্ৰতিক্ৰিয়া হোৱা দেখা যায় । য'ত কোৱা হৈছিল যে সম্ভৱতঃ পেগাচাছ নামৰ এক ছফ্টৱেৰ ব্যৱহাৰ কৰি দেশৰ ৰাজনীতিবিদ, সাংবাদিক আৰু ব্যৱসায়ীসকলৰ কাৰ্যকলাপ নিৰীক্ষণ কৰা হৈছে ।
লগতে পঢ়ক:৪০ বছৰ পুৰণি এক ঘটনাৰ স্মৃতিত পশ্চিমবংগত পালন কৰা হ'ব খেলা হবে দিৱস