ETV Bharat / bharat

PFI plea against UAPA tribunal : নিষিদ্ধ পিএফআইৰ আবেদন গ্ৰহণ নকৰিলে উচ্চতম ন্যায়ালয়ে

author img

By ETV Bharat Assamese Team

Published : Nov 6, 2023, 4:02 PM IST

৫ বছৰীয়া নিষেধাজ্ঞাৰ বিৰুদ্ধে পিএফআইয়ে উচ্চতম ন্যায়ালয়ত আবেদন জনাইছিল । কিন্তু এই আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ । উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'বলৈ পিএফআইক পৰামৰ্শ ।

PFI plea against UAPA tribunal
নিষিদ্ধ পিএফআইৰ আবেদন গ্ৰহণ নকৰিলে উচ্চতম ন্যায়ালয়ে

নেশ্যনেল ডেস্ক,৬ নৱেম্বৰ : বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইন (ইউএপিএ) ন্যায়াধিকৰণৰ বিৰুদ্ধে পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়াৰ (পিএফআই) আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ । উচ্চতম ন্যায়ালয়ে সোমবাৰে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পিএফআইৰ ওপৰত আৰোপ কৰা ৫ বছৰীয়া নিষেধাজ্ঞা নিশ্চিত কৰা বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইন (ইউএপিএ) ন্যায়াধিকৰণৰ বিৰুদ্ধে পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়াৰ (পিএফআই) আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে ।

ন্যায়াধীশ অনিৰুদ্ধ বসু আৰু বেলা এম ত্ৰিবেদীক লৈ গঠিত এখন বিচাৰপীঠে পিএফআইক প্ৰতিনিধিত্ব কৰা জ্যেষ্ঠ অধিবক্তা শ্যাম দিভানক কয় যে তেওঁলোকে প্ৰথমে ন্যায়াধিকৰণৰ আদেশৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ৰ কাষ চাপিব লাগিব । অধিবক্তা দিভানেও ন্যায়ালয়ৰ দৃষ্টিভংগীৰ সৈতে সন্মত হয় । বিষয়টোৰ চমু শুনানিৰ পাছত শীৰ্ষ ন্যায়ালয়ে আবেদনখন খাৰিজ কৰে কিন্তু পিএফআইক উচ্চ ন্যায়ালয়লৈ যোৱাৰো সুযোগ প্ৰদান কৰে ।

পিএফআইয়ে ইউএপিএ ন্যায়াধিকৰণৰ ২১ মাৰ্চৰ আদেশক প্ৰত্যাহ্বান জনাইছিল । ইউএপিএ ন্যায়াধিকৰণৰ আদেশে ২০২২ চনৰ ২৭ ছেপ্টেম্বৰৰ সিদ্ধান্ত নিশ্চিত কৰিছিল । সংগঠনটোক প্ৰযোজ্য কৰা অধিসূচনাত কোৱা হৈছে যে চৰকাৰৰ দৃঢ় মতামত হৈছে যে ইউএপিএৰ অধীনত তাৎক্ষণিকভাৱে প্ৰভাৱিত হোৱাকৈ পিএফআই আৰু ইয়াৰ সহযোগী বা মৰ্চাসমূহক 'বেআইনী সন্থা' হিচাপে ঘোষণা কৰাটো প্ৰয়োজনীয় ।

কেন্দ্ৰই পিএফআই আৰু ইয়াৰ সহযোগী ফ্ৰণ্টসমূহক 'বেআইনী সংগঠন' হিচাপে ঘোষণা কৰিছিল । তাৰ ভিতৰত আছে ৰিহেব ইণ্ডিয়া ফাউণ্ডেচন (আৰআইএফ), কেম্পাছ ফ্ৰণ্ট অফ ইণ্ডিয়া (চিএফআই), অল ইণ্ডিয়া ইমামছ কাউন্সিল (এআইআইচি), নেচনেল কনফেডাৰেচন অৱ হিউমেন ৰাইটছ অৰ্গেনাইজেচন (এনচিআৰঅ), নেচনেল উইমেনফ্ৰণ্ট, জুনিয়ৰ ফ্ৰণ্ট, এমপাৱাৰ ইণ্ডিয়া ফাউণ্ডেচন আৰু ৰিহেব ফাউণ্ডেচন, কেৰালা ।

লগতে পঢ়ক :PFI Moves SC : পাঁচ বছৰৰ নিষেধাজ্ঞাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়লৈ পিএফআই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.