ETV Bharat / bharat

ধাৰাবাহিকভাৱে ২৫ পইচাকৈ বৃদ্ধি পেট্ৰল'-ডিজেলৰ মূল্য

author img

By

Published : Feb 17, 2021, 2:21 PM IST

বুধবাৰেও প্ৰতি লিটাৰ পেট্ৰল' ডিজেলত ২৫ পইচাকৈ বৃদ্ধি । বুধবাৰে দিল্লীত প্ৰতি লিটাৰ পেট্ৰল'ৰ মূল্য ৮৯.৫৪ টকা আৰু প্ৰতি লিটাৰ ডিজেলৰ মূল্য ৭৯.৯৫ টকা হয়গৈ ।

ধাৰাবাহিকভাৱে সপ্তম দিনাও ২৫ পইচাকৈ বৃদ্ধি পেট্ৰল'-ডিজেলৰ মূল্য

নিউজ ডেস্ক, ১৭ ফেব্ৰুৱাৰী: দেশজুৰি পেট্ৰল' ডিজেলৰ মূল্য়বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত থকাৰ পাচতো সপ্তম দিনাও পেট্ৰল' ডিজেলৰ মূল্য় হ্ৰাস হোৱা পৰিলক্ষিত হোৱা নাই । বুধবাৰেও পেট্ৰল' ডিজেলৰ মূল্য় হ্ৰাস হোৱাৰ পৰিৱৰ্তে বৃদ্ধিহে হৈছে । প্ৰতি লিটাৰ পেট্ৰল' ডিজেলৰ ২৫ পইচাকৈ বৃদ্ধি হৈছে ।

প্ৰতি লিটাৰ পেট্ৰল' ডিজেলৰ ২৫ পইচাকৈ বৃদ্ধি পোৱাত বুধবাৰে দিল্লীত প্ৰতি লিটাৰ পেট্ৰল'ৰ মূল্য ৮৯.৫৪ টকা আৰু প্ৰতি লিটাৰ ডিজেলৰ মূল্য ৭৯.৯৫ টকা হয়গৈ । ৯ ফেব্ৰুৱাৰীৰ পৰা প্ৰতি লিটাৰ পেট্ৰল'ৰ মূল্য ২.৫৯ টকা আৰু প্ৰতি লিটাৰ ডিজেলৰ মূল্য ২.৮২ টকা বৃদ্ধি পাইছে ।

দেশৰ আন চহৰসমূহত প্ৰতি লিটাৰ পেট্ৰ'লত ৯০ টকাতকৈও অধিক মূল্য হৈছেগৈ । আনহাতে দিল্লীৰ বাহিৰে প্ৰতি লিটাৰ ডিজেলত ৮০ টকা তকৈও অধিক মূল্য হৈছেগৈ । ৰাজস্থান, মধ্য প্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ কেইবাখনো চহৰত প্ৰিমিয়াম পেট্ৰ'লে প্ৰতি লিটাৰত ১০০ ৰ ঘৰ অতিক্ৰম কৰিছে । চলিত বৰ্ষৰ বৰ্তমানলৈকে দুয়োটা ইন্ধনৰ প্ৰতি লিটাৰত ক্ৰমান্বয়ে ৫.৮৩ আৰু ৬.০৮ টকা বৃদ্ধি হোৱাত পেট্ৰ'ল আৰু ডিজেলৰ মূল্য ২১ গুণলৈ বৃদ্ধি পাইছে ।

লগতে পঢ়ক:কৃষি আইন আৰু কৃষকৰ প্ৰতিবাদ সন্দৰ্ভত জে পি নাড্ডাৰ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.