ETV Bharat / bharat

Fuel price hike continuously : প্ৰতিদিনে ঊৰ্ধমুখী ইন্ধনৰ মূূল্য - আকৌ বাঢ়িল ইন্ধনৰ মূল্য

আকৌ বাঢ়িল ইন্ধনৰ মূল্য (Fuel price hike) । যোৱা প্ৰায় দুসপ্তাহত প্ৰতিদিনে বাঢ়ি আছে পেট্ৰ'ল-ডিজেলৰ মূল্য । দেওবাৰে পুনৰ ৮০ পইচাকৈ প্ৰতি লিটাৰ পেট্ৰ'ল-ডিজেলত মূল্য বৃদ্ধি ঘটে । ২২ মাৰ্চৰ পৰা মুঠ ১০ বাৰকৈ বৃদ্ধি পালে ইন্ধনৰ মূল্য ।

Fuel price hike continuously
দেওবাৰেও পেট্ৰ'ল ডিজেলত ৮০ পইচাকৈ বাঢ়িল
author img

By

Published : Apr 3, 2022, 10:48 AM IST

নেশ্যনেল ডেস্ক, ৩ এপ্ৰিল : বিগত প্ৰায় দুসপ্তাহ ধৰি বাঢ়িয়ে আছে ইন্ধনৰ মূল্য । দেওবাৰে পুনৰ বাঢ়িল পেট্ৰ'ল-ডিজেলৰ মূল্য । পেট্ৰ'ল-ডিজেলৰ মূল্য প্ৰতি লিটাৰত বৃদ্ধি পালে ৮০ পইচাকৈ (Petrol and diesel prices hike) । প্ৰায় ২ সপ্তাহত প্ৰতি লিটাৰ পেট্ৰ’ল-ডিজেলত মুঠ বৃদ্ধিৰ হাৰ ৮ টকা (Fuel price hike consecutively) ৷

এই বৃদ্ধিৰ লগে লগে ৰাজধানী চহৰ দিল্লীত আজিৰ দিনটোত পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত হ'লগৈ ১০৩.৪১ টকা আৰু প্ৰতি লিটাৰ ডিজেলত ৯৪.৬৭ টকা হৈছেগৈ (Petrol and diesel price in Delhi) । ইয়াৰ পূৰ্বে শনিবাৰে দিল্লীত পেট্ৰ'লৰ মূল্য আছিল ১০২.৬১ টকা আৰু ডিজেলৰ প্ৰতি লিটাৰত ৯৩.৮৭ টকা আছিল । ইফালে সমগ্ৰ দেশতে পেট্ৰ'ল-ডিজেলৰ মূল্য বৃদ্ধি হৈছে । অৱশ্যে স্থানীয় কৰ ভিন্ন হোৱা বাবে প্ৰতিখন ৰাজ্যতে পেট্ৰ'ল-ডিজেলৰ মূল্যও বেলেগ বেলেগ ।

যোৱা ২২ মাৰ্চৰ পৰা একেৰাহে বাঢ়ি আছে ইন্ধনৰ মূল্য । কেৱল পেট্ৰ'ল-ডিজেলৰ মূল্যই নহয় ৰন্ধন গেছ, জেট ইন্ধন আদিৰো মূল্য যথেষ্ট বৃদ্ধি পাইছে (Jet fuel price hike in India) । যাৰ বাবে সম্প্ৰতি দেশত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । এই মূল্যবৃদ্ধিয়ে নিশ্চিতভাৱে সাধাৰণ জনতাৰ ওপৰত মাধমাৰ শোধাইছে ।

লগতে পঢ়ক : Fuel price hike : পুনৰ ৮০ পইচাকৈ বাঢ়িল ইন্ধনৰ মূল্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.