ETV Bharat / bharat

Fuel price increase : যোৱা ১৪ দিনত দেশত ১০ টকা বৃদ্ধি পালে পেট্ৰ‘পণ্যৰ মূল্য - বুধবাৰে পুনৰ ৮০ পইটাকৈ বৃদ্ধি পেট্ৰ'ল আৰু ডিজেলৰ মূল্য

বুধবাৰে পুনৰ ৮০ পইটাকৈ বৃদ্ধি পেট্ৰ'ল আৰু ডিজেলৰ মূল্য (Fuel price hike) । যোৱা ১৪ দিন ধৰি একেৰাহে বাঢ়ি আছে পেট্ৰ'ল-ডিজেলৰ মূল্য । যোৱা ১৪ দিনত দেশত ১০ টকা বৃদ্ধি পালে ইন্ধনৰ মূল্য । ১০০ টকা হোৱাৰ দিশে ডিজেলৰ মূল্য ।

Fuel price increase
যোৱা ১৪ দিনত দেশত ১০ টকা বৃদ্ধি পালে ইন্ধনৰ মূল্য
author img

By

Published : Apr 6, 2022, 11:07 AM IST

নেশ্যনেল ডেস্ক,৬ এপ্ৰিল : পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিৰ ধাৰা অব্যাহত আছে । যোৱা ২২ মাৰ্চৰ পৰা প্ৰতিদিনে বাঢ়ি আছে ইন্ধনৰ মূল্য । বুধবাৰে পুনৰ প্ৰতি লিটাৰ পেট্ৰ'ল-ডিজেলত ৮০ পইচাকৈ বৃদ্ধি হ'ল (Petrol and diesel prices hike) । যোৱা ১৬ দিনত প্ৰতি লিটাৰ পেট্ৰ’ল-ডিজেলত মুঠ বৃদ্ধিৰ হাৰ ১০ টকা (Fuel price hike consecutively) ৷

এই বৃদ্ধিৰ লগে লগে ৰাজধানী চহৰ দিল্লীত আজিৰ দিনটোত পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত হ'লগৈ ১০৫.৪১ টকা আৰু প্ৰতি লিটাৰ ডিজেলত ৯৬.৬৭ টকা হৈছে গৈ (Petrol and diesel price in Delhi) । ইয়াৰ পূৰ্বে মঙলবাৰে ৮০ পইচাকৈ বৃদ্ধিৰ ফলত দিল্লীত পেট্ৰ'লৰ মূল্য আছিল ১০৬.৬১ টকা আৰু ডিজেলৰ প্ৰতি লিটাৰত ৯৫.৮৭ টকা আছিল । ইফালে সমগ্ৰ দেশতে পেট্ৰ'ল-ডিজেলৰ মূল্য বৃদ্ধি হৈছে । গুৱাহাটীত আজিৰ দিনটোত প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য ১০৫.৫৭ টকা আৰু ডিজেলৰ মূল্য ৯১.৩৬ টকা হৈছেগৈ ৷

অৱশ্যে স্থানীয় কৰ ভিন্ন হোৱা বাবে প্ৰতিখন ৰাজ্যতে পেট্ৰ'ল-ডিজেলৰ মূল্যও বেলেগ বেলেগ । আনহাতে, বিগত বছৰৰ নৱেম্বৰ মাহৰ পৰা পেট্ৰ'ল-ডিজেলৰ মূল্য স্থিৰ আছিল যদিও ইউক্ৰেইন আৰু ৰাছিয়াৰ যুদ্ধৰ ফলত বিগত ১৪ দিন ধৰি একেৰাহে ইন্ধনৰ মূল্য বৃদ্ধি হৈ আছে ।

ইফালে আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্যৰ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত ইন্ধনৰ মূল্য আৰু বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছে । ইয়াৰ পোনপটীয়া প্ৰভাৱ আন আন খাদ্য সামগ্ৰীৰ বজাৰতো পৰা দেখা গৈছে । দেশজুৰি আন আন সামগ্ৰীৰো মূল্য বৃদ্ধি হৈছে । যাৰ বাবে বিপদত পৰিছে সাধাৰণ জনতা ।

বিৰোধী কংগ্ৰেছে মূল্য বৃদ্ধিৰ বিৰুদ্ধে দেশজুৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে (Congress protest against price hike)। মূল্যবৃদ্ধি নিয়ন্ত্ৰণত ব্যৰ্থ চৰকাৰৰ বিৰুদ্ধে ভিন্ন প্ৰান্তত প্ৰতিবাদী সমদল উলিয়াইছে দলটোৱে ।

লগতে পঢ়ক :Fuel price hike : দুসপ্তাহত 9.20 টকা বৃদ্ধি পালে পেট্ৰ’লৰ মূল্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.