ETV Bharat / bharat

Person Burnt Alive in Ujjain : মধ্যপ্ৰদেশত আৰক্ষীৰ বিৰুদ্ধে এজন ব্যক্তিক জীৱন্তে জ্বলাই দিয়াৰ অভিযোগ - victim alleged policemen set fire in Ujjain

মধ্যপ্ৰদেশৰ উজ্জয়িনীত ঘটিছে এক লোমহৰ্ষক ঘটনা । এজন ব্যক্তিক আৰক্ষীয়ে জীৱন্তে অগ্নিসংযোগ কৰাৰ অভিযোগ (Person Burnt Alive in Ujjain) । জ্বলন্ত অৱস্থাত ৰাজপথত সহায়ৰ বাবে কাতৰ আহ্বান ভুক্তভোগীৰ । ঘটনাৰ ভিডিঅ' প্ৰকাশ ।

Ujjain burnt case
Ujjain burnt case
author img

By

Published : Apr 9, 2023, 12:30 PM IST

নিউজ ডেস্ক, ৯ এপ্ৰিল : মধ্যপ্ৰদেশৰ উজ্জয়িনী চহৰৰ কোটৱালী আৰু চিমানগঞ্জ আৰক্ষী থানা অঞ্চলত শনিবাৰে নিশা এক হৃদয় বিদাৰক ঘটনা সংঘটিত হয় । প্ৰাপ্ত তথ্য মতে, জ্বলন্ত অৱস্থাত আচিফ নামৰ এজন ব্যক্তি ৰাস্তাৰ মাজত আহি উপস্থিত হয় (Person Burnt Alive in Ujjain) । সেই দৃশ্য প্ৰত্যক্ষ কৰি আচিফৰ ওপৰত উপস্থিত ৰাইজে পানী ছটিয়াই জুই নুমুৱাবলৈ চেষ্টা কৰে । জুই নিৰ্বাপন হোৱাৰ পিচত আচিফক এজন অটোৱালাৰ সহায়ত হস্পিটেললৈ লৈ যোৱা হয় (burnt person shouted at Ujjain road) ।

এই হৃদয় বিদাৰক ঘটনাটোৰ এটা লাইভ ভিডিঅ' পোহৰলৈ আহিছে । তাত আঘাতপ্ৰাপ্ত অৱস্থাত ৰাস্তাৰ মাজত বহি থকা আচিফক কান্দি কান্দি 'মোক চিকিৎসালয়লৈ লৈ যাওক' বুলি চিঞৰি থকা দেখা গৈছে । লগতে তেওঁ অভিযোগ কৰে যে তেওঁক আৰক্ষীয়ে অগ্নিসংযোগ কৰিছে । কিন্তু তাৰ মাজতে আকৌ তেওঁ কয় যে তেওঁক অগ্নিসংযোগ কৰাসকলক তেওঁ চিনি নাপায় (victim alleged policemen set fire in Ujjain) ।

প্ৰকৃততে সমগ্ৰ ঘটনাটো সংঘটিত হয় চহৰখনৰ কোটৱালী আৰক্ষী থানাৰ অন্তৰ্গত পৌৰ নিগমৰ ২ নং ক্ষেত্ৰৰ পিচফালে ৰাস্তাৰ কাষত নিৰ্মাণ কৰা এটা ৰাজহুৱা শৌচাগাৰত (mysterious burnt case in Ujjain) । চিমানগঞ্জ আৰক্ষী থানাৰ অন্তৰ্গত গান্ধীনগৰৰ বাসিন্দা য়াছিন খানৰ পুত্ৰ আচিফ এই দুৰ্ঘটনাটোৰ সন্মুখীন হয় । শনিবাৰে নিশা প্ৰায় ৯.৩০ বজাত জ্বলন্ত অৱস্থাত শৌচালয়ৰ পৰা ওলাই আহি তেওঁ মাজৰাস্তাত সহায়ৰ বাবে অনুৰোধ কৰিবলৈ আৰম্ভ কৰে । এই সন্দৰ্ভত আচিফৰ দুটা ভিডিঅ' পোহৰলৈ আহিছে । কিন্তু দুয়োটা ভিডিঅ'তে দুটা ভিন্ন প্ৰকাৰৰ বিবৃতি ওলাইছে । উল্লেখ্য, উক্ত অগ্নিকাণ্ডত আচিফ 90% দগ্ধ হয় ।

জুই জ্বলি থকা অৱস্থাত আচিফে উপস্থিত ৰাইজলৈ সহায়ৰ বাবে অনুৰোধ কৰে । লগতে তেওঁক চিকিৎসালয়লৈ নিয়াৰ বাবেও অনুৰোধ জনায় । আনহাতে, তেওঁ আৰক্ষীৰ ওপৰত জুই লগোৱাৰ অভিযোগ উত্থাপন কৰে । লগতে তেওঁ কয়, "মোৰ নাম আচিফ, পিতৃ য়াছিন খান । মই চিত্ৰশিল্পী হিচাবে কাম কৰোঁ । মোৰ পিতৃ এই পৃথিৱীত নাই । মই গান্ধীনগৰ আৰক্ষী থানাৰ চিমানগঞ্জ অঞ্চলত বাস কৰোঁ । মোক দুজন লোকে মাতি আনি জুই লগাই দিছে । তেওঁলোকে ক'লা চাফাৰী চুট পৰিধান কৰি আছিল । মুখত কাপোৰ বন্ধা আছিল । মই এজনৰ কাপোৰ টানি খুলি দিওঁ যদিও চিনি নাপালোঁ ।"

উল্লেখ্য, উজ্জয়িনীৰ আচিফ পেইণ্টাৰে চিমানগঞ্জ মাণ্ডি আৰক্ষী থানাৰ চোৰাংচোৱা হিচাবে কাম কৰিছিল । বৃহস্পতিবাৰে চিমানগঞ্জ আৰক্ষী থানাত কনিষ্টবল ৰবিৰ ওপৰত ২৫০০০ টকা উৎকোচ লোৱাৰ বাবে লোকায়ুক্তই লোৱা কাৰ্যব্যৱস্থাৰ সৈতে এই ঘটনাটো সম্পৰ্কিত হ'ব পাৰে । কাৰণ সূত্ৰ অনুসৰি, কনিষ্টবলজনক ২৫,০০০ টকা দিয়া লোকজনক আচিফে লৈ আছিল বুলি কোৱা হৈছে । কিয়নো লোকায়ুক্তৰ দলটোৱে ৰবিৰ হাতত উৎকোচৰ ২৫ হাজাৰ টকা পোৱা নাছিল । কেৱল হাত আৰু ইউনিফৰ্মৰ ৰঙৰ ওপৰত ভিত্তি কৰিহে পদক্ষেপ গ্ৰহণ কৰা হৈছিল ।

লগতে এইটোও কোৱা হৈছে যে আচিফ পেইণ্টাৰ উক্ত টকাখিনি লৈ পলাই গৈছিল । গোচৰটোত আচিফকো অভিযুক্ত কৰা হৈছিল । তেওঁক বিচাৰি থকা হৈছিল । কিন্তু এইটো আনুষ্ঠানিকভাৱে নিশ্চিত কৰা হোৱা নাই যে আচিফৰ গাত অগ্নিসংযোগ কৰা হৈছিল নে আচিফে নিজেই পলাই যাবলৈ জুই লগাইছিল । আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত কৰি আছে ।

লগতে পঢ়ক :Modi at Bandipur Tiger Reserve : কৰ্ণাটকৰ বান্দিপুৰ ব্যাঘ্ৰ সংৰক্ষিত অঞ্চলত প্ৰধানমন্ত্ৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.