নেশ্যনেল ডেস্ক,৭ নৱেম্বৰ : মাওবাদী অধ্যুষিত ছত্তীশগড়ত প্ৰতিবাৰে নিৰ্বাচনত বিভিন্ন ধৰণৰ ঘটনা সংঘটিত হৈ আহিছে । নিৰ্বাচনক প্ৰভাৱিত কৰিবলৈ মাওবাদীয়ে দীৰ্ঘ সময় ধৰি বিভিন্ন কৌশল লোৱা দেখা গৈছে । প্ৰথমে মাওবাদীয়ে ভোটাৰসকলক বিভিন্ন ধৰণৰ ভাবুকি দিছিল । ভোট দিয়া লোকক চিনাক্ত কৰি আঙুলি কাটি দিয়াৰো ভাবুকি দিছিল মাওবাদীয়ে । তাৰ পাছতে নিৰ্বাচন আয়োগে সিদ্ধান্ত লয় যে মাওবাদী প্ৰভাৱিত ভোটকেন্দ্ৰসমূহত ভোটদান কৰা সকলৰ হাতত চিয়াঁহী নিদিয়ে । যাতে ভোটাৰৰ পৰিচয় গোপন হৈ থাকে । যোৱাবাৰৰ দৰে এইবাৰো নিৰ্বাচন আয়োগে মাওবাদী প্ৰভাৱিত জিলা আৰু কেন্দ্ৰসমূহৰ ভোটাৰসকলক এই সুবিধা প্ৰদান কৰিছে । বহু লোকে ভোট দিয়াৰ পাছত তেওঁলোকৰ হাতত চিয়াঁহী লগোৱা নাই ।
বিজাপুৰ, ভৈৰমগড়, আবুজমাদ আদিৰ দৰে বস্তাৰৰ এনে বহুতো অঞ্চল আছে য'ত পূৰ্বে মাওবাদীয়ে যথেষ্ট সমস্যাৰ সৃষ্টি কৰিছিল । লোকসকলক সকীয়নি দিবলৈ মাওবাদীয়ে বহু লোকক হত্যাও কৰিছিল । কিন্তু এইবাৰ পৰিৱেশ কিছু ব্যতিক্ৰম দেখা গৈছে । মাওবাদীলৈ ভয় নকৰি লোকসকলে ভোটদানৰ বাবে ওলাই অহা দেখা গৈছে । কেৱল এয়াই নহয় ভোটকেন্দ্ৰসমূহত ভোটাৰসকলে উৎসাহেৰে ভোটদান কৰিছে ।
গণতন্ত্ৰৰ এই মহান উৎসৱত গ্ৰামাঞ্চলৰ লোকসকলে যিধৰণে অংশগ্ৰহণ কৰিছে সেয়া ভৱিষ্যতৰ ছত্তীশগড়ৰ বাবে আশাৰ ৰেঙনি হিচাপে দেখা গৈছে । মাওবাদীসকলে এইবাৰো নিৰ্বাচনৰ পূৰ্বে বেনাৰৰ পোষ্টাৰ লগাই নিৰ্বাচনত ভোট নিদিয়াৰ ভাবুকি জাৰি কৰিছিল । কিন্তু মাওবাদীৰ এই ভাবুকিক গুৰুত্ব নিদি লোকসকলে ভোটদানৰ বাবে ওলাই আহিল । ভোটকেন্দ্ৰসমূহত ঘণ্টাৰ পাছত ঘণ্টা অপেক্ষা কৰি ভোটদান কৰিলে ভোটাৰে ।
লগতে পঢ়ক :Chhattisgarh Election 2023 : প্ৰথমবাৰৰ বাবে ভোটদান ছত্তীশগড়ৰ ৯৩ বছৰীয়া ভোটাৰৰ