ETV Bharat / bharat

পেগাচাছৰ তদন্ত সন্দৰ্ভত ১৬ আগষ্টলৈ আদালতৰ শুনানি স্থগিত - SIT ৰ তদন্ত বিচাৰি কৰা আবেদনৰ শুনানি ১৬ আগষ্টলৈ স্থগিত

উচ্চতম ন্যায়ালয়ে পেগাচাছ বিষয়টো সন্দৰ্ভত SIT ৰ তদন্ত বিচাৰি কৰা আবেদনৰ শুনানি ১৬ আগষ্টলৈ স্থগিত ৰাখে । লগতে ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাক বিষয়টোৰ ওপৰত চৰকাৰৰ পৰা নিৰ্দেশনা বিচাৰিবলৈ অতিৰিক্ত সময় দিয়া হয় ।

Pegasus
পেগাচাছৰ তদন্ত সন্দৰ্ভত ১৬ আগষ্টলৈ আদালতৰ শুনানি স্থগিত
author img

By

Published : Aug 10, 2021, 2:30 PM IST

নেশ্যনেল ডেস্ক, ১০ আগষ্ট : পেগাচাছ (Pegasus) প্ৰসংগক লৈ উত্তাল হৈ আছে দেশৰ ৰাজনীতি । তেনে সময়তে বিশেষ অনুসন্ধানকাৰী দলৰ (SIT) দ্বাৰা বিষয়টো অনুসন্ধানৰ দাবী উত্থাপন হৈছে । ইফালে এডিটৰ্ছ গিল্ড (Editors guild), জ্যেষ্ঠ সাংবাদিক এন ৰাম, শশী কুমাৰ (Sasi kumar) আৰু অধ্যাপক জগদীশ চোকাৰৰ দৰে একাংশ বিশিষ্ট ব্যক্তিয়ে উচ্চতম ন্যায়ালয়ত পেগাচাছৰ তদন্তৰ বাবে আবেদন জনাইছিল ।

উচ্চতম ন্যায়ালয়ে পেগাচাছ বিষয়টো সন্দৰ্ভত SIT ৰ তদন্ত বিচাৰি কৰা আবেদনৰ শুনানি ১৬ আগষ্টলৈ স্থগিত ৰাখে । লগতে ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাক বিষয়টোৰ ওপৰত চৰকাৰৰ পৰা নিৰ্দেশনা বিচাৰিবলৈ অতিৰিক্ত সময় দিয়া হয় । ভাৰতৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনা, ন্যায়াধীশ বিনীত চৰণ আৰু ন্যায়াধীশ সূৰ্যকান্তক লৈ গঠিত এক বিচাৰপীঠে বিষয়টোক লৈ সামাজিক মাধ্যমত একাংশ আবেদনকাৰীয়ে বিতৰ্কৰ সৃষ্টি কৰাকলৈও উদ্বেগ প্ৰকাশ কৰে । বিচাৰপীঠে কয় যে আবেদনকাৰীসকলৰ অনুশাসন থকাটো প্ৰয়োজন ।

মুখ্য ন্যায়াধীশে স্পষ্ট কৰি দিয়ে যে ন্যায়ালয় বিতৰ্কৰ বিৰুদ্ধে নহয় কিন্তু যেতিয়া বিষয়টো বিচাৰাধীন হয় ইয়াক কেৱল ন্যায়ালয়তহে বিতৰ্ক হ'ব দিব লাগে । ইফালে কেন্দ্ৰীয় চৰকাৰৰ হৈ উপস্থিত থকা ছলিচিটৰ জেনেৰেলে বিচাৰপীঠক আহ্বান জনায় যে বিষয়টোত চৰকাৰৰ পৰা নিৰ্দেশনা ল'বলৈ তেওঁক কিছু সময়ৰ প্ৰয়োজন । যাৰ বাবে উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে বিষয়টো শুনানি ১৬ আগষ্টলৈকে স্থগিত ৰাখে ।

আবেদনকাৰীসকলৰ মাজত থকা জ্যেষ্ঠ সাংবাদিক এন ৰাম আৰু শশী কুমাৰৰ হৈ যুক্তি দি জ্যেষ্ঠ অধিবক্তা কপিল চিবালে কয় যে পেগাচাছ বিষয়ত আদালতৰ পূৰ্বৰ শুনানিৰ পাছত এন ৰামক ছ'চিয়েল মিডিয়াত ট্ৰ'ল কৰা হৈছিল । ইয়াৰ উত্তৰত উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে কয় যে বিষয়টো কেৱল আদালতত আলোচনা কৰিব লাগিব আৰু আবেদনকাৰীসকলক ছ'চিয়েল মিডিয়া প্লেটফৰ্মত বিষয়টোত বিতৰ্ক কৰাৰ পৰা বিৰত থাকিবলৈ নিৰ্দেশ দিয়ে । লগতে উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে কয় যে ন্যায়পালিকাৰ ওপৰত সকলোৰে বিশ্বাস থাকিব লাগে ।

লগতে পঢ়ত : PM মোডীৰ উজ্জ্বলা যোজনা : দ্বিতীয় পৰ্যায়ৰ শুভাৰম্ভ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.