ETV Bharat / bharat

ঘন কুঁৱলীৰ বাবে বিমান বিলম্ব, পাইলটক প্ৰহাৰ অতিষ্ঠ যাত্ৰীৰ

ঘন কুঁৱলীৰ বাবে দিল্লী বিমানবন্দৰত বহু বিমানৰ যাত্ৰা বিলম্ব হৈছে (Flight delay in Delhi)। এনে পৰিস্থিতিত ইণ্ডিগ' বিমানৰ এগৰাকী পাইলটক বিমানৰ ভিতৰতে প্ৰহাৰ কৰিলে যাত্ৰীয়ে । অৱতৰণত বিলম্ব হ'ব বুলি ঘোষণা কৰাৰ সময়তে পাইলটক আক্ৰমণ । অভিযুক্ত যাত্ৰীৰ বিৰুদ্ধে গোচৰ ৰুজু ।

author img

By ANI

Published : Jan 15, 2024, 1:13 PM IST

পাইলটক প্ৰহাৰ অতিষ্ঠ যাত্ৰীৰ
ঘন কুঁৱলীৰ বাবে বিমান বিলম্ব, পাইলটক প্ৰহাৰ অতিষ্ঠ যাত্ৰীৰ

নেশ্যনেল ডেস্ক,১৫ জানুৱাৰী : ঘন কুঁৱলীৰ বাবে ৰাজধানী দিল্লীত বহু বিমান আৰু ৰে'ল বিলম্ব হোৱা দেখা গৈছে । যাৰ বাবে যাত্ৰীসকলৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে । এনে এক সময়তে এখন ইণ্ডিগ' বিমানৰ ভিতৰৰ এটা ভিডিঅ' ভাইৰেল হৈছে । য'ত এজন যাত্ৰীয়ে বিমানৰ পাইলটক প্ৰহাৰ কৰা দেখা গৈছে । জানিব পৰা মতে ঘটনাটো দেওবাৰে সংঘটিত হৈছিল । প্ৰতিকূল বতৰৰ বাবে দিল্লী বিমানবন্দৰত বিমানখনৰ অৱতৰণ পলম হোৱাৰ বিষয়ে ঘোষণা কৰি থকা অৱস্থাতে পাইলটক যাত্ৰীজনে প্ৰহাৰ কৰে ।

এয়াৰলাইনৰ সূত্ৰ অনুসৰি, পুৰুষ যাত্ৰীজনে দিল্লী-গোৱা ইণ্ডিগ' বিমানৰ (6E-2175) পাইলট অনুপ কুমাৰক আক্ৰমণ কৰিছিল । পাইলটজনে দুপৰীয়া প্ৰায় ১ মান বজাত বিমানখনৰ অৱতৰণত পলম হোৱাৰ বিষয়ে ঘোষণা কৰি আছিল । ভাইৰেল ভিডিঅ'টোত উত্তেজিত যাত্ৰীজনক পিছফালৰ আসনৰ পৰা দৌৰি অহা দেখা গৈছে আৰু পাইলটক আক্ৰমণ কৰিছে । ক্ৰু সদস্যসকলক উত্তেজিত যাত্ৰীজনক শান্ত কৰিবলৈ চেষ্টা কৰা দেখা গৈছে আৰু আন লোকসকলেও তেওঁক বহি থকাৰ পৰামৰ্শ দিয়ে । ঘটনাটোৰ ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিচত বিমান সুৰক্ষা সংস্থাই বিষয়টো গুৰুত্ব সহকাৰে লৈ তদন্ত আৰম্ভ কৰিছে ।

ইফালে, ইণ্ডিগ'ই যাত্ৰীজনৰ বিৰুদ্ধে আনুষ্ঠানিক অভিযোগ দাখিল কৰিছে । দিল্লী আৰক্ষীয়েও ঘটনাটোৰ উপযুক্ত ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিছে । শেহতীয়া খবৰ অনুসৰি বিমান নিৰাপত্তা সংস্থাই ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে । যাত্ৰীজন চাহিল কাটাৰিয়া বুলিও চিনাক্ত কৰা হৈছে । সামাজিক মাধ্যমত পাইলটক প্ৰহাৰ কৰা ভিডিঅ'টো ভাইৰেল হোৱাৰ পাছতে বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । যাত্ৰীজনৰ এই আচৰণক সমালোচনাও কৰিছে বহুতে ।

লগতে পঢ়ক :পিতৃক হত্যা কৰি ঘৰৰ চৌহদতে পুতি থ’লে কুলাংগাৰ পুত্ৰই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.