নিউজ ডেস্ক, 19: আজিৰে পৰা নতুন সংসদ ভৱনত অনুষ্ঠিত হ’ব সংসদৰ বিশেষ অধিৱেশনৰ কাৰ্যসূচী । এই সন্দৰ্ভত সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছে । গণেশ চতুৰ্থী উপলক্ষে এই নতুন ভৱনটোত কাৰ্যবিধি উদ্বোধন কৰা হ'ব । অৱশ্যে, পাঁচদিনীয়া এই বিশেষ অধিৱেশন সোমবাৰৰ পৰা আৰম্ভ হৈছে পুৰণি সংসদ ভৱনত ৷ সোমবাৰে পুৰণি সংসদ ভৱনত প্ৰধানমন্ত্ৰী মোদীয়ে লোকসভাত ভাষণ দিছিল । মঙলবাৰে দ্বিতীয় দিনৰ কাৰ্যবিধিৰ সম্পূৰ্ণ তালিকা ওলাইছে ।
সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি মঙলবাৰে পুৱা প্ৰায় 9.30 বজাত পুৰণি সংসদ ভৱনৰ কেন্দ্ৰীয় প্ৰেক্ষাগৃহত সকলো সাংসদৰ এক ফটো অনুষ্ঠান অনুষ্ঠিত হ’ব । ইয়াৰ পিছতে পুৱা 11 বজাৰ পৰা আৰম্ভ হ’ব সংসদ 2023 ৰ বিশেষ অধিৱেশনৰ কাৰ্যসূচী । ইয়াৰ সময়ত সংসদৰ ঐতিহাসিক উত্তৰাধিকাৰৰ বিষয়ে আলোচনা কৰা হ’ব আৰু 2047 চনৰ ভিতৰত দেশখনক উন্নত ৰাষ্ট্ৰৰ শ্ৰেণীলৈ অনাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হ’ব ।
কোন কোন সাংসদে অনুমতি পালে বক্তৃতা দিবলৈ ?
প্ৰকাশিত অহা তথ্য অনুসৰি লোকসভাৰ অধ্যক্ষ ওম বিৰলা, ৰাজ্যসভাৰ অধ্যক্ষ তথা উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰ, প্ৰধানমন্ত্ৰী মোদী, লোকসভাৰ বিৰোধী দলপতি অধীৰ ৰঞ্জন চৌধুৰী, ৰাজ্যসভাৰ বিৰোধী দলৰ নেতা মল্লিকাৰ্জুন খৰ্গে, পীয়ুষ গোৱাল, মানেকা গান্ধীকে ধৰি বহু কেইজন নেতাই চেণ্ট্ৰেল প্ৰেক্ষাগৃহত ভাষণ প্ৰদান কৰিব । পুৱা 11 বজাৰ পৰা আৰম্ভ হ’ব নেতাসকলৰ বক্তৃতা কাৰ্যসূচী নিশা প্ৰায় 12.30 বজালৈকে চলিব । ইয়াৰ পিছত আৰম্ভ হ’ব লোকসভাৰ কাৰ্যবিধি ।
মঙলবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে সংবিধানৰ প্ৰতিলিপি লৈ নতুন সংসদ ভৱনলৈ যাব বুলিও জানিব পৰা গৈছে । একে সময়তে কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন পোৱাৰ পিচত আজি সংসদত মহিলা সংৰক্ষণ বিধেয়কখনো দাখিল কৰিব পাৰিব । সোমবাৰৰ পৰা আৰম্ভ হোৱা সংসদৰ বিশেষ অধিৱেশনৰ আৰম্ভণি হয় প্ৰধানমন্ত্ৰী মোদীৰ ভাষণেৰে ।
ভাষণত বহু কথা উল্লেখ কৰিছিল । তেওঁ কয়, ‘‘আমি পুৰণি সংসদ ভৱনৰ পৰা বিদায় দিছোঁ । এয়া এক আৱেগিক মুহূৰ্ত ।’’ তেওঁ কয় যে সংসদৰ এই পুৰণি ভৱনটোৱে সকলো ৰাইজক অনুপ্ৰাণিত কৰি যাব । প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয় যে এই সংসদ ভৱনটো বিদেশী শাসকে নিৰ্মাণ কৰিলেও আমাৰ দেশবাসীৰ তেজ আৰু ঘাম সোমাই আছে ।
লগতে পঢ়ক: Women's Reservation Bill: মহিলা সংৰক্ষণ বিধেয়ক গৃহীত সন্দৰ্ভত আজি আনুষ্ঠানিক ঘোষণাৰ সম্ভাৱনা