মুম্বাই,৩ ফেব্ৰুৱাৰী: বলীউডৰ অভিনেত্ৰী পৰিণীতি চোপ্ৰাই এগৰাকী অভিনেত্ৰী হিচাপে সদায়ে প্ৰত্যাহ্বান গ্ৰহণ কৰি কাম কৰি ভালপোৱা বুলি শেহতীয়াকৈ প্ৰকাশ কৰিছে ৷ পৰৱৰ্তী মনোবৈজ্ঞানিক, চাছ্পেঞ্চ কাহিনীৰে ভৰপুৰ দ্য গাৰ্ল অন দ্যা ট্ৰেইন শীৰ্ষক ছবিখনত এক অপৰাধীৰ চৰিত্ৰত অভিনয় কৰাৰ কথা ব্যক্ত কৰে ৷
দ্য গাৰ্ল অন দ্যা ট্ৰেইন শীৰ্ষক ছবিখনত কৰা অভিনয় অনন্য বুলি অভিনেত্ৰীগৰাকীয়ে প্ৰকাশ কৰে ৷ কিয়নো পূৰ্বে এনে ছবিত অভিনয় কৰাৰ সুযোগ লাভ কৰা নাছিল পৰিণীতিয়ে ৷
- https://youtu.be/LE8-4aRf5VQ
পৰিণীতিয়ে ছবিখনত মীৰা কাপুৰৰ চৰিত্ৰত অভিনয় কৰিছে ৷ চৰিত্ৰটোক জীৱন্ত ৰূপ দিবলৈ ছবিখনৰ নিৰ্দেশক ৰিভূ দাশগুপ্তাৰ সৈতে কঠোৰ পৰিশ্ৰম কৰে অভিনেত্ৰীগৰাকীয়ে ৷
হলীউডৰ থ্ৰীলাৰ ছবি দ্য গাৰ্ল অন দ্যা ট্ৰেইন শীৰ্ষক ছবিখনৰ হিন্দী ৰিমেক এই ছবিখন 2015 চনত প্ৰকাশিত পাওলা হকিন্সৰ বেষ্টছেলাৰৰ ওপৰত আধাৰিত ৷
ছবিখনৰ ট্ৰেইলৰ শীঘ্ৰে নেটফ্লিক্সত উপলব্ধ হ’ব বুলি নিৰ্দেশক ৰিভূ দাশগুপ্তাই জানিবলৈ দিয়ে ৷
ছবিখন বিগত বৰ্ষৰ মে’ মাহত মুকলি হোৱাৰ সম্ভাৱনা আছিল ৷ কিন্তু কৰ’ণা মহামাৰীৰ বাবে সেয়া স্থগিত হয় ৷ পৰৱৰ্তী 26 ফেব্ৰুৱাৰীত ছবিখনৰ প্ৰিমিয়ামৰ নেটফ্লিক্সত উপলব্ধ হ’ব ৷
লগতে পঢ়ক:ত্ৰিপুৰাত 120 কিলোগ্ৰাম গাঞ্জা জব্দ