ETV Bharat / bharat

হয় নাতি নহ’লে পাঁচ কোটি; পুত্ৰ-বোৱাৰীৰ বিৰুদ্ধে আদালতত বৃদ্ধ দম্পতী - Demand for grandchild

ধৰ্মনগৰী হৰিদ্বাৰত সংঘটিত হৈছে এক আশ্চৰ্যজনক ঘটনা ৷ এক বৃদ্ধ দম্পতীয়ে নিজ পুত্ৰ-বোৱাৰীক দাবী কৰিলে নাতিৰ (Parents demand grandchildren) ৷ জিলা আদালতত এই সন্দৰ্ভত এক আবেদন দাখিল কৰিছে দম্পতীটোৱে (Parents move court against son)৷

Parents move court against son
Parents move court against son
author img

By

Published : May 11, 2022, 10:59 PM IST

নিউজ ডেস্ক, 11 মে’: বৃদ্ধ বয়সত নাতি-নাতিনীৰ সৈতে সময় অতিবাহিত কৰাৰ হেঁপাহ সকলো ককা-আইতাকৰে থাকে ৷ নাতি-নাতিনীসকলেও ককা-আইতকৰ মুখৰ পৰা সাধু শুনি, তকেওঁলোকৰ সৈতে ধেমালি কৰি খুবেই ভাল পায় ৷ কিন্তু কেতিয়াবা নাতিৰ মুখ দেখাৰ পৰা বঞ্চিত হ’ব লগীয়া হয় ককা-আইতা ৷ বহু সময়ত নাতি দিব নোৱাৰাৰ বাবে বোৱাৰীক ককৰ্থনা, গালি-গালাজ কৰা ঘটনাও আমাৰ সমাজত দেখা যায় ৷ কিন্তু উত্তৰাখণ্ডত সংঘটিত হোৱা এটা ঘটনাই আপোনাক আচৰিত কৰি তুলিব (Amazing incident in Uttarakhand)৷

ধৰ্মনগৰী হৰিদ্বাৰত সংঘটিত হৈছে এই আশ্চৰ্যজনক ঘটনা ৷ এক বৃদ্ধ দম্পতীয়ে নিজ পুত্ৰ-বোৱাৰীক দাবী কৰিলে নাতিৰ (Parents demand grandchildren) ৷ যদি পুত্ৰ-বোৱাৰীয়ে দম্পতীটোৰ সেই আশা পূৰণ কৰিব নোৱাৰে তেন্তে দুয়োকে আঢ়ৈ কোটি আঢ়ৈ কোটিকৈ মুঠ পাঁচ কোটি টকা দিবলৈ দাবী তোলে ৷ জিলা আদালতত এই সন্দৰ্ভত এক আবেদন দাখিল কৰিছে দম্পতীটোৱে (Parents move court against son)৷ অহা 17 মে’ত এই সন্দৰ্ভত শুনানি গ্ৰহণ কৰিব আদালতে ৷

  • This case portrays the truth of society. We invest in our children, make them capable of working in good firms. Children owe their parents basic financial care. The parents have demanded either a grandchild within a year or compensation of Rs 5 crores: Advocate AK Srivastava pic.twitter.com/uH04Q8jEua

    — ANI UP/Uttarakhand (@ANINewsUP) May 11, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

আচলতে, হৰিদ্বাৰৰ আবাসী সঞ্জীৱ ৰঞ্জন প্ৰসাদে বি এইছ ই এলৰ পৰা অৱসৰ গ্ৰহণ কৰিছে ৷ বৰ্তমান তেওঁ পত্নী সাধনাৰ সৈতে এখন হাউচিং চ’ছাইটিত বসবাস কৰে ৷ সঞ্জীৱ ৰঞ্জনৰ উকিল অৰবিন্দ কুমাৰে কয় যে, এই দম্পতীটোৱে 2016 চনত নিজৰ একমাত্ৰ পুত্ৰ শ্ৰেয় সাগৰক নয়ডাৰ শুভাংগী সিন্হাৰ সৈতে বিয়া পাতি দিছিল ৷ সাগৰ পেশাত এগৰাকী পাইলট আৰু শুভাংগীয়েও নয়ডাত চাকৰি কৰে ৷

সঞ্জীৱ ৰঞ্জনে কয় যে, তেওঁ নিজৰ পুত্ৰৰ পঢ়া-শুনাত নিজৰ সমস্ত ধন ব্যয় কৰে ৷ নিজ পুত্ৰক আমেৰিকাতো প্ৰশিক্ষণ দিয়ে সঞ্জীৱে ৷ বৰ্তমান তেওঁৰ হাত একদম খালী ৷ জমা ধনৰাশিও শেষ হ’ল ৷ নিজৰ ঘৰ বনাবৰ বাবে তেওঁ বেংকৰ পৰা ঋণ লৈছিল আৰু এতিয়া তেওঁ আৰ্থিক সংকটত ভুগিছে ৷

বৃদ্ধ দম্পতীটোৱে হৰিদ্বাৰ জিলা আদালতত এক অভিযোগ কৰি কয় যে, বিয়াৰ ছবছৰৰ পাচতো তেওঁলোকৰ পো-বোৱাৰীৰ কোনো সন্তান নাই ৷ সন্তান জন্ম দিয়াৰ বাবে সাগৰ আৰু শুভাংগীয়ে কোনো পৰিকল্পনা কৰা নাই বুলিও কয় বৃদ্ধ দম্পতীটোৱে ৷ যাৰ বাবে তেওঁলোকে মানসিকভাৱে অশান্তিত দিন কটাব লগীয়া হৈছে ৷

সঞ্জীৱ ৰঞ্জন আৰু সাধনাই লগতে কয় যে, নিজৰ পুত্ৰৰ জীৱন গঢ়িবলৈ তেওঁলোকে সকলো জমা ধন শেষ কৰিলে আৰু এতিয়া এই বয়সত এনেদৰে অকলশৰে দিন কটাব লগীয়া হৈছে ৷ তেওঁলোকে পুত্ৰ-বোৱাৰীক এটি সন্তান উপহাৰ দিবলৈ দাবী জনাইছে ৷ যদি তেওঁলোকে এই দাবী নামানে তেন্তে সঞ্জীৱ ৰঞ্জন আৰু সাধনাক আঢ়ৈ কোটি আঢ়ৈ কোটিকৈ মুঠ পাঁচ কোটি টকা দিবলৈ দাবী তোলে ৷ এই দাবী মানি পুত্ৰ-বোৱাৰীয়ে কি সিদ্ধান্ত লয় সেয়া আদালতৰ শুনানিৰ পাচতহে জানিব পৰা যাব ৷

লগতে পঢ়ক : সাগৰৰ ঢৌত উটি আহিল এটা মন্দিৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.