ETV Bharat / bharat

Pakistani flag on R Day: গণৰাজ্য দিৱসৰ দিনাই বিহাৰত পাকিস্তানী পতাকা উত্তোলন - Pakistani flag hoisted on Republic Day

গণৰাজ্য দিৱসত ভাৰতৰে এটা স্থানত উৰিল পাকিস্তানী পতাকা । মছজিদৰ সমীপৰ এটা ঘৰৰ ছাদত উৰি থকা পতাকাখন আৰক্ষীৰ উপস্থিতিত নমাই অনা হয় ৷ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে (Pakistani flag hoisted on Republic Day) ৷

বিহাৰত পাকিস্তানী পতাকা উত্তোলন
Pakistani flag on R Day
author img

By

Published : Jan 26, 2023, 10:51 PM IST

নিউজ ডেস্ক, 26 জানুৱাৰী: বৃহস্পতিবাৰে দেশবাসীয়ে উদযাপন কৰিলে 74 সংখ্যক গণৰাজ্য দিৱস ৷ দেশৰ ভিন্ন স্থানত উৰুওৱা হ’ল ভাৰতৰ স্বাভিমানৰ প্ৰতীক স্বৰূপ ত্ৰিৰংগ পতাকা ৷ কিন্তু ইয়াৰ মাজতে দেশৰ এক স্থানত আশ্চৰ্যকৰ ঘটনা সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে ৷ ভাৰতীয় পতাকাৰ পৰিৱৰ্তে কোনো দুস্কৃতিকাৰীয়ে উত্তোলন কৰিলে পাকিস্তানৰ পতাকা ৷ এই ঘটনাই উদ্বেগৰ সৃষ্টি কৰিছে (Pakistani flag hoisted on Republic Day) ৷

ঘটনাটো সংঘটিত হৈছে বিহাৰত ৷ বিহাৰৰ পূৰ্ণিয়াৰ মধুবনী চিপাহী টোলা অঞ্চলত উত্তোলন কৰা হ’ল পাকিস্তানৰ পতাকা ৷ মছজিদৰ সমীপতে থকা এটা ঘৰৰ ছাদত পাকিস্তানী পতাকাখন উৰি থকা পৰিলক্ষিত হয় (Republic day in in Purnea) ৷ দেশদ্ৰোহৰ এই ঘটনা পোহৰলৈ অহাৰ পাচতে ঘটনাস্থলীত মধুবনী আৰক্ষী আৰু সংবাদ মাধ্যম উপস্থিত হয় ৷ তাৰ পাচতে আৰক্ষীয়ে পতাকাখন নমাই আনে (Purnea pakistani flag news) ৷

মধুবনী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পৱন কুমাৰ চৌধুৰীয়ে কয় যে, এই ঘটনাৰ খবৰ পোৱাৰ মাত্ৰকে আৰক্ষীৰ দল সেই স্থানত উপস্থিত হয় ৷ সমস্ত ঘটনা সন্দৰ্ভত পূৰ্ণিয়া মহকুমা আৰক্ষী বিষয়াৰ সৈতে যোগাযোগ কৰা হয় ৷ শীৰ্ষ পৰ্যায়ৰ আৰক্ষী বিষয়াৰ পৰামৰ্শ মতে এই ঘটনাৰ তদন্ত কৰা হ’ব ৷ বৰ্তমানলৈকে কোনো লোকক এই ঘটনা সন্দৰ্ভত আটক বা গ্ৰেপ্তাৰ কৰা হোৱা নাই বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে (Police took down Pakistani flag in Purnea) ৷

যিটো ঘৰত পতাকাখন উৰি আছিল, সেই ঘৰৰ গৰাকীৰ নাম মঃ মুবাৰুকদিন বুলি জানিব পৰা গৈছে ৷ ঘৰটোৰ মহিলা সদস্যসকলে এই পতাকাখন পাকিস্তানৰ নে আন কোনোবা দেশ বা সংগঠনৰ সেই সন্দৰ্ভত জ্ঞাত নাছিল বুলি জনাইছে ৷ এই পতাকাখন আজি পুৱা তেওঁলোকৰ মহৰৰ পুত্ৰই উত্তোলন কৰে বুলি তেওঁলোকে জনায় ৷ যদি এইখন পাকিস্তানী পতাকা তেন্তে এই কাৰ্য অতিকৈ গৰ্হিত বুলি স্বীকাৰ কৰিছে মহিলাকেইগৰাকীয়ে ৷ মুবাৰুকদিনে মাধোপাড়াত এখন নিজা বিদ্যালয় পৰিচালনা কৰে ৷ ঘটনাটো পোহৰলৈ অহাৰ লগে লগে সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হয় ৷

ভাৰতৰ গণৰাজ্য দিৱসত পাকিস্তানৰ পতাকা উৰুওৱা কাৰ্যৰ ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ৷ বৰ্তমান পতাকাখন পাকিস্তানৰ হয় নে নহয় সেয়া পৰীক্ষা কৰা হৈছে আৰু উচ্চ পৰ্যায়ৰ বিষয়াৰ সৈতে ঘটনা সন্দৰ্ভত আলোচনা কৰি থকা হৈছে ৷ ঘৰটোলৈ পতাকাখন ক’ৰ পৰা আহিল আৰু এই পতাকা উত্তোলনৰ আঁৰৰ অভিসন্ধি কি সেই সন্দৰ্ভতো আৰক্ষীয়ে তদন্ত কৰি আছে ৷ স্থানীয় লোক সকলেও ঘটনা সন্দৰ্ভত অসন্তুষ্টি প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক: Teacher refused to sing national anthem: ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰিবলৈ অস্বীকাৰ এগৰাকী শিক্ষকৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.